FB.AppEvents.logPageView();

Popular Posts

Monday, 29 July 2019

পেট বিষৰ ঘৰুৱা চিকিৎসা


আমাৰ সকলোৰে কেতিয়াবা নহয় কেতিয়াবা পেটৰ  বিষৰ সমস্যাত ভুগিছো। কেনেকৈ নিৰাময় কৰিব পাৰি তাৰ উপায় চাওঁচোন।
  
লক্ষণঃ
পেটত বিষ হয়, চিকুট মাৰি ধৰা যেন লাগে, সাধাৰণতে নাভীৰ ওপৰত বিষ হয়।

কাৰণঃ

পেলু, ক্ৰিমী বেছি হ'লে হয়। বেছি জ্বলা বস্তু খোৱা, বেছি খাৰ দিয়া বস্তু বা ৰস নথকা কঠিন বস্তু খালেও হয়।

ঘৰুৱা ঔষধঃ

১) পুৰণি থেকেৰা পানীত তিয়াই চেনিৰ লগত চৰবত খাব লাগে।
২) চফগুটি আৰু ক'লা নিমখ পিহি গৰম গাখীৰৰ লগত খাব।
৩) পদিনা ,সামান্য হিং, জিৰা, নিমখ একেলগে মিলাই খাব।
৪) দুচামুচ আদা ৰসৰ লগত মৌজোল দি গৰম পানীত মিহলাই খাব।
৫) নহৰু ৩/৪ ফুটাৰ ৰস সামান্য নিমখ দি খাব।
৬) পিয়াঁজৰ ৰস মিচিৰি মিহলাই খাব।
৭) তিতা বাহেকৰ শিপা, বিৰিণা গছৰ শিপা, শিলিখা সিজাই তাৰ জোল মৌৰ লগত খাব।
৮) মূলাৰ ৰস মিচিৰিৰ লগত খাব।
৯) কেচা হালধি ৰস ১ চামুচ সমানে পানী দি দিনে দুবাৰ খাব।
১০) সৰু টেঙেচি পাতৰ ৰস চেনি মিলাই খাব।
১১) সৰু মানিমুনি ৰস আধা চামুচ কৈ দিনে ৩ বাৰ খাব।
১২) বগা নয়নতৰা পাতৰ ৰস ২ চামুচ গাখীৰৰ লগত খাব।
১৩) মছন্দৰী ৰস ২/৩ টা জালুক দি গৰম পানীৰে খাব।

কি কি খাব নালাগে 

চাহ, কফি, কেচা বস্তু, কেচা বুট,জলা বস্তু, ঘিউত ভজা বস্তু, ৰহৰ দাইল।

No comments:

Post a Comment