FB.AppEvents.logPageView();

Popular Posts

Monday, 29 July 2019

তিয়হঁৰ গুণাগুন


 তিয়ঁহ এবিধ ঔষধি গুণযুক্ত সহজলভ্য লতা জাতীয় উদ্ভিদ। তিয়ঁহ আজি কালি সকলো বতৰতে পোৱা যায়। কিন্তু গ্ৰীষ্ম কালত অৰ্থাৎ এপ্ৰিলৰ পৰা আগষ্টলৈকে তিয়ঁহ পোৱা যায়। আজি কালি আকৌ শীত কালতো তিয়ঁহ বজাৰত দেখিবলৈ পোৱা যায়। তিয়ঁহ দুবিধৰ দেখিবলৈ পোৱা যায়... জেং তিয়ঁহ আৰু মাতি তিয়ঁহ।
    
তিয়ঁহত খনিজ লৱণ যথেষ্ট পৰিমানে পোৱা যায়। কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, কপাৰ, ছালফাৰ, ছিলিকল, ক্লৰিণ, ভিটামিন এ, বি, চি পোৱা যায়। গৰমত শীতলতা প্ৰদান কৰাৰ উপৰিও শৰীৰত পানী আৰু খনিজ লৱণৰ অভাৱ পূৰ কৰে। সেয়ে গৰমৰ দিন কেইটাত যথেষ্ট পৰিমাণে তিয়ঁহ খোৱা উচিত।
    
মধুমেহ ৰোগীৰ বাবে তিয়ঁহ মহৌষধি। তিয়ঁহ সকলো ৰোগীয়ে খাব পাৰে। তিয়ঁহ কেঁচায়ে খালে হজম শক্তি বাঢ়ে আৰু শৰীৰৰ অপ্ৰয়োজনীয় ওজন কমে। নিয়মিত কেঁচা তিয়ঁহ খালে ডায়েবেটিজ, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে। ৰ'দত ছাল পুৰিলে আমি তিয়ঁহৰ ৰস কপাহৰ সহায়ত ছালত নিয়মিত ভাৱে লগালে ৰদে পোৰা ছালখন লাহে লাহে স্বাভাৱিক ভাৱে সুন্দৰ হৈ পৰে। চকুৰ তলত ক'লা দাগ পৰিলেও তিয়ঁহৰ ৰস লগালে ক'লা দাগ নাইকিয়া হয়। জুইয়ে পুৰিলে তিয়ঁহৰ ৰস লগালে পুৰণি আৰু বিষ নাইকিয়া হয়। দেহত পিত্তৰস বাঢ়ি গলে তিয়ঁহ খালে সুফল পোৱা যায়। তিয়ঁহক পিত্তনাশক বুলি কব পাৰি। তিয়ঁহৰ ৰস সৌন্দৰ্য্য চৰ্চ্চাৰ কামতো অধিক ভাবে ব্যৱহাৰ হয়। তিয়ঁহৰ ৰসে ভাল ক্লিনাৰ আৰু ময়শ্চাৰাইজাৰ কাম কৰে। মুখৰ দাগ, ছাল শোটোৰা পৰা আদি তিয়ঁহৰ ৰসে সুন্দৰ কাম দিয়ে। তিয়ঁহৰ ৰসে উফি নাইকিয়া কৰাতো সহায় কৰে।
   
তিয়ঁহ আমি কেঁচাই চাটনি, চালাড, সিজাই আঞ্জা, তৰকাৰী কৰি খাওঁ। তিয়ঁহৰ ৰস উলিয়াই জুচ কৰি খাব পাৰো। বাত বিষ বা ইউৰিক এচিড থকা ৰোগী সকলৰ কাৰণে তিয়ঁহ অতি উত্তম....ধন্যবাদ।

No comments:

Post a Comment