FB.AppEvents.logPageView();

Popular Posts

Monday, 29 July 2019

শালমইনাৰ ঘৰুৱা চিকিৎসা


শালমইনাই সমস্যাৰ সৃষ্টি কৰে। প্ৰথমে সৰু সৰু মচুৰ মাহৰ সমান গুটি উঠে। পাছত মূৰবিলাক ক'লা হৈ পৰে।তেনে ক'লা হোৱা গুটি বিলাক চেপি দিলে সৰু শাল ওলায়। পাছত পকি মুখখন ভৰি পৰে।কেতিয়াবা ঠাই বিলাক গাঁত হয় আৰু ক'লা পৰে। 
       
কাৰণঃ

সাধাৰণতে তেজৰ দোষতে হয় যদিও বংশগত কিছুমান যুৱক-যুৱতীৰ হোৱা দেখা যায়। সেই সময়ত নিৰ্দ্ধাৰিত খাদ্যপ্ৰান কম থাকিলেও হ'ব পাৰে।হওঁঁতেই প্ৰতিকাৰ নকৰিলে বেছি হয়।

বনৌষধ

১) জাঁঁইফল পিহি পানী দি শালমইনাত সানিব ।
২) বচ, ধনিয়া, ভোমোৰা গুটি পিহি লগালে ভাল।
৩) ডালিমৰ কোঁহি পাত পিহি লগাব।
৪) নাহৰৰ কুমলীয়া পাত পিহি লাব।
৫) মচুৰ দাইল পিহি এৱাঁ গাখীৰ দি ভাল দৰে লগাব।

কি কি খাব নালাগে 

তেলী বস্তু, ব্ৰইলাৰ মাংস  শিঙিমাছ, ৰৌ মাছ, সকলো জ্বলা বস্তু।  

No comments:

Post a Comment