FB.AppEvents.logPageView();

Popular Posts

Friday, 5 July 2019

মানুহৰ মানৱীয় মানদণ্ড

তথাকথিত উচ্চ শিক্ষা, উচ্চ পদ মৰ্য্যাদাৰ চাকৰি, অগাধ ধন সম্পত্তি নতুবা সমাজত আন উচ্চ সামাজিক প্ৰস্থিতি লাভ কৰিলেই মানুহ এজন গুণী, জ্ঞানী আৰু উচ্চ মানদণ্ডৰ মানুহ হৈ নাযায়। মানুহ এজনৰ মানৱীয় মানদণ্ড নিৰ্ণয় কৰে তেওঁৰ কৰ্ম, উচ্চ মানদণ্ডৰ  চিন্তা আৰু আন আন সৎ মানৱীয় গুণসমূৱেহে।

জীৱনত এনে বহু মানুহ লগ পাইছো যি তথাকথিত উচ্চ শিক্ষাৰে বহুত শিক্ষিত, উচ্চ পদ মৰ্য্যাদাৰ চৰকাৰী চাকৰি কৰে, অগাধ ধন সম্পত্তিৰ মালিক, দল সংগঠন বা ৰাজনীতি কৰি উচ্চ সামাজিক প্ৰস্থিতি লাভ কৰি সমাজৰ সমীহ লাভ কৰিছে কিন্তু তেওঁলোকৰ চিন্তা চৰ্চা আৰু কৰ্মৰাজি বহুত লেতেৰা। তেওঁলোকতকৈ বহুত উচ্চ চিন্তা আৰু সৎ মানৱীয় গুণ শ্ৰম কৰি খোৱা এজন শ্ৰমিক বা পথাৰৰ হোজা হালোৱাটোৰেই থাকে । গতিকে প্ৰকৃত মানৱ সম্পদ হিচাপে সেইবোৰ তথাকথিত মহাপুৰুষ সকলতকৈ দৈনিক শ্ৰম কৰি খোৱা শ্ৰমিকজনৰ বা পথাৰৰ হোজা হালোৱাজনৰ মূল্য বহুত বেছি বুলি মই ভাবোঁ।

No comments:

Post a Comment