FB.AppEvents.logPageView();

Popular Posts

Monday, 29 July 2019

ঔ টেঙাৰ ঔষধি গুণ


 ব্যৱহাৰঃ
       
ঔটেঙা কেচা থাকোতে কিছু টেঙা হলেও পকিলে কিছু মিঠা আৰু খাবলৈ বৰ সোৱাদ হয়। সচৰাচৰ  ইয়াক কেচাই হওক ,তৰকাৰি বনাই হওক নাইবা নাতনিৰ দিনত  আচাৰ বনাই বা পাতলকৈ কাটি  ৰ"দত শুকুৱাই গুড়ি কৰি থৈও বিভিন্ন ধৰনে খাব পাৰি। অন্যহাতে মাজৰ বিজলুৱা বীজ অংশ বা কুঁহিপাত মুৰৰ চুলিৰ ৰোগৰ  বাবে ব্যৱহাৰ কৰিব পাৰি ।  
     
গুণাগুণ
     
ঔটেঙা ভিটামিন খ, ভিটামিন গ, কেৰ"টিন ,প্ৰোটিন, কেলচিয়াম, ফচফৰাচ, কাৰ্ব"হাইড্ৰেট, ফাইবাৰ আদি উপাদানেৰে সমৃদ্ধ ।  

১। ঔটেঙা  শৰীৰৰ বাবে  অতি বলদায়ক ফল।

 ২। হজমদায়ক আৰু  পেটৰ পাচন ক্ৰিয়াজনিত 
সকলো ৰোগৰ বাবে হিতকাৰী ।
       
৩। বাত ৰোগ, পিত্ত আৰু কফজনিত সকলো 
ৰোগৰ বাবে  উপকাৰি।
       
৪। চৰ্দি, কাহ, জ্বৰ আদি ৰোগীৰ বাবে সুপথ্য ।

৫।  ঔ টেঙাই শৌচ কচা বা কৌষ্ঠকাঠিন্য ৰোগ দূৰ    কৰে আৰু দেহৰ অপ পদাৰ্থ বাহিৰ কৰায় ।
 
৬। মেদবহুলতা আৰু দেহৰ অতিৰিক্ত চৰ্বি দূৰ কৰে।

৭। ব্লাড কোলেষ্ট্ৰল নিয়ন্ত্ৰন কৰে ।

৮। ডায়েবেটিচ  বা মধুমেহ  ৰোগত চুগাৰ               নিয়ন্ত্ৰন কৰে ।
          
৯। যকৃত বা লিভাৰ দুৰ্বলতাৰ বাবে উপকাৰী ।
 
১০।  চুলিত হোৱা উফি বা চুলিৰ অন্যান্য ৰোগত ঔ টেঙাৰ বীজ বা কুঁহিপাত পিহি মূৰত ঘহি কিছুসময়  পিছত ধুই দিলে  চুলি পৰিস্কাৰ আৰু ৰোগমুক্ত      হয়।

ঔটেঙা বিচনাৰ তলত ৰাখিলে  বসন্ত ৰোগ  প্ৰতিৰোধ হয়।  (লোক বিশ্বাস)
         
✅ইয়াৰোপৰি ঔটেঙা আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ বাবে অতি  হিতকাৰী  ।   
         


No comments:

Post a Comment