FB.AppEvents.logPageView();

Popular Posts

Monday, 29 July 2019

সুন্দৰ স্বাস্থ্যৰ বাবে কল পাতত খাওঁ আহক


আপুনি আহাৰ কি পাত্ৰত খাই বাৰু ? ষ্টিলৰ থাল, ফাইবাৰৰ থাল, গ্লাচৰ থাল, কাহঁৰ থাল, পিতলৰ থাল প্লাচটিকৰ থাল নে গছ পাতৰ থালত ? 

পুৰণি দিনলৈ ঘূৰি আহকচোন, কল পাতত আহাৰ খাওঁক। লৰালিত কেচাঁ আম, বগৰী, অমিতা, ৰবাব টেঙা আদি খাই পাতখন চেলেকি থকা মনত আছেনে ?

 কলপাতৰ ৰসত আছে চাইট্ৰিক এচিড, কেলচিয়াম আৰু ভিটামিন। চৰ্দি কাহঁ, শ্বাস কষ্ট, ব্ৰংকাইটিচ ৰোগীৰ বাবে কল পাতত আহাৰ খোৱা উপকাৰী। কল পাতত খালে লিভাৰৰ সমস্যা, উচ্চ ৰক্তচাপ, পেটৰ ৰোগ আদি কমে। কল পাতত আছে পলিফেনল - প্ৰাকৃতিক এন্টিঅকচিডেন্ট। কল পাতত খাওঁতে পলিফেনল আহাৰৰ লগত  লগ হৈ পুষ্টি যোগায়। কল পাতত মমৰ নিচিনা এটা আবৰণত চমত্কাৰী ফ্লেভাৰ থাকে। যাৰ বাবে খাদ্য টেষ্টি হয়। সেয়ে খোৱাৰ আগত কলপাত বেচি ধুব নালাগে। মমৰ দৰে আবৰণ থকাৰ বাবে কলপাত ৱাটাৰ প্ৰুফ আৰু ৰসায়নমুক্ত।
ভালে থাকক, সুস্থ হৈ থাকক । ধন্যবাদ ।

No comments:

Post a Comment