FB.AppEvents.logPageView();

Popular Posts

Monday, 29 July 2019

মেদবহুলতা



আমি ইমান কম মাত্ৰাৰ খাদ্য খোৱাৰ পিছতো কিয় আমি মেদবহুলতাৰ সমস্যাৰ পৰা হাত সাৰিব নোৱাৰোঁ !

মেদবহুলতাৰ ফলত আমি দৈনন্দিন জীৱনত প্ৰতিটো সময়ত সমস্যাৰ সন্মুখীন হ'ব লগা হয় । সাধাৰণতে যদি কৈশোৰ অবস্থাত মেদবহুলতাত সমস্যা হয় তেতিয়া ল'ৰা ছোৱালীৰ স্মৃতি শক্তি হ্ৰাস পায় । যৌবন কালত মেদবহুলতা সমস্যা হলে কোনো কোনো ক্ষেত্ৰত নিঃসন্তানৰ কাৰণ হব পাৰে । আৰু মেদবহুলতাৰ ফলত উচ্চ ৰক্ত চাপ , মধুমেহ , কলেস্টেৰল আৰু বাতবিষৰ দৰে সমস্যা হোৱাৰ সম্ভাৱনা ৯৯ শতাংশ থাকে । 

সকলোৰে এটাই প্ৰশ্ন ' আমি ইমান কম মাত্ৰাৰ খাদ্য খোৱাৰ পিছতো কিয় আমি মেদবহুলতাৰ সমস্যাৰ পৰা হাত সাৰিব নোৱাৰোঁ ! " আমি কিমান পৰিমাণে খাদ্য খাইছোঁ তাৰ ওপৰত আমাৰ শৰীৰৰ মেদ বৃদ্ধি নিৰ্ণয় নকৰে । 

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি আমাৰ শৰীৰৰ মূল অগ্নি হ'ল জঠৰাগ্নি যিয়ে দেহৰ পৰিপাক প্ৰণালী (digestive system)ক পৰিচালিত কৰে। আৰু এই জঠৰাগ্নিক ত্ৰিদোষৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰমে বিষমাগ্নি (বাত দোষ), তীক্ষ্ণাগ্নি (পিত্ত দোষ), মন্দাগ্নি (কফ দোষ) আৰু সমাগ্নি ( সম দোষ) বিভক্ত হয় । আৰু আমাৰ শৰীৰৰ অগ্নি যেতিয়া মন্দাগ্নি হয় তেতিয়া আমাৰ ভোক হ্ৰাস পাই আমাৰ খাদ্য হজম হবলৈ অধিক সময় লাগে আৰু যেতিয়া অগ্নি মন্দাগ্নি হয় তেতিয়া আম্ম সৃষ্টি হয় ফলত খাদ্যৰ পৰা প্ৰবাহিত হোৱা শক্তি সপ্ত ধাতু (ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ) লৈ প্ৰবাহিত নহয় কেবল শৰীৰৰ মেদ কোষ সৃষ্টি হয় আৰু লাহে লাহে শৰীৰৰটো মেদবহুলতা হয় ।

মেদবহুলতা সমস্যাৰ পৰা হাত সাৰিবলৈ- 
• ৰাতিপুৱা ব্ৰহ্মপুৱা শোৱাপাটি এৰিব । 
• দৈনিক যোগ আসন কৰিব ।
• দিনৰ সময়ত শোৱাৰ অভ্যাস নকৰিব । 
• Fast Food খোৱাৰ পৰা দুৰত থাকিব ।
• শীতল পনীয়া পানী খোৱাৰ পৰা দুৰত থাকিব ।
• অত্যাধিক শীতল খাদ্য খোৱাৰ পৰা দুৰত থাকিব । 
• ফ্ৰিজত ৰখা খাদ্য খোৱাৰ পৰা দুৰত থাকিব । 
• অধিক মাত্ৰাৰ মিঠা আৰু চৰ্বী যুক্ত খাদ্য কম পৰিমাণে খাব । 
• ৰাতি খাদ্য খোৱাৰ পাছত ৩০ পৰ ৪৫ মিনিট সময় পিছত হে শোৱাপাটিলৈ যাব । 
যদিহে মেদবহুলতা সমস্যাত ভোগিছে- 

• Triphaladi chornom ( ৰাতিপুৱা খালী পেটত ১৫ গ্ৰাম গৰম পানীৰ সৈতে খাব, আৰু ৰাতি খাদ্য খোৱাৰ পাছত ৩০ গ্ৰাম গৰম পানীৰ সৈতে খাব । ) দৈনিক ৭ দিনলৈ খাব । 
• সৰিয়হৰ তেল আৰু ত্ৰিফলা পাউদাৰ মিহলাই মালিছ কৰিব দৈনিক গা ধোৱা ৰ আগত । 

মেদবহুলতা সমস্যাত খাদ্য তালিকা আৰু অধিক তথ্যৰ দ্বাৰা শৰীৰৰ পৰা মেদবহুলতা দুৰ কৰিবৰ বাবে অনুগ্ৰহ কৰি আমাৰ যোগাযোগ + ৯১ ৭২১৭৭২০১১২ নম্বৰত ফোন বা WhatsApp যোগে যোগাযোগ কৰিব । ধন্যবাদ। 

           Tr.Sankarmoni Kakoti ( Ayurveda Panchakarma Therapist, Pranik Healing, Yoga Teacher)

No comments:

Post a Comment