FB.AppEvents.logPageView();

Popular Posts

Friday, 5 July 2019

ভাগৱত গীতা




ষোড়শ অধ্যায় - দৈৱাসুৰ সম্পদ বিভাগ

(গীতা মোৰ আটাইতকৈ বেছি প্ৰিয় গ্ৰন্থ। গীতা মাথো এখন ধৰ্ম শাস্ত্ৰই নহয়, গীতাত বহুত কথা সম্পূৰ্ণ যুক্তিযুক্তভাবে আলোচনা কৰা আছে। সংসাৰত এনে কোনো সমস্যা নাই যিটোৰ সমাধান  গীতাত পোৱা নাযায়। যেতিয়া  কোনো সমস্যাত পৰো নাইবা দুখ- শোকে চাৰিওফালৰ পৰা আগুৰি ধৰে তেতিয়া গীতাৰ শ্লোকবোৰে সেইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় দিয়ে।)

শ্ৰীভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে - নিৰ্ভীকতা, চিত্তশুদ্ধি, জ্ঞান আৰু যোগনিষ্ঠা, বাহ্যেন্দ্ৰিয়, দমন, যজ্ঞ শাস্ত্ৰ অধ্যয়ন, তপস্যা, সৰলতা, অহিংসা, সত্য, অক্ৰোধ, স্বাৰ্থত্যাগ, অন্তঃকৰণ, সংযম, পৰচ্ছিদ্ৰৰ অপ্ৰকাশ, সৰ্ব্বভুতত দয়া, নিৰ্লোভতা, মৃদুতা, লজ্জা, অচাঞ্চল্য, শক্তি, ক্ষমা, ধৈৰ্য্য, পৱিত্ৰতা, অদ্ৰোহ, অনভিমান, (এইবোৰ গুণ দেৱী সম্পদ) হে ভাৰত ! এই গুণসমূহ দৈৱী সম্পদ লাভৰ কাৰণে জন্ম গ্ৰহণ কৰা লোকৰ গাত প্ৰাদুৰ্ভুত হয় ।
     
দম্ভো দৰ্পোত্‍‌ভিমানশ্চ ক্ৰোধ: পাৰুষ্যমেৱ চ |
অজ্ঞানং চাভিজাতস্য পাৰ্থ সম্পসমাসুৰীম || ৪

দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, নিষ্ঠুৰ কথন আৰু অজ্ঞান, এইবোৰ আসুৰী সম্পদ ভোগ কৰিবলৈ জন্ম হোৱা লোকৰ স্বভাৱ।

দৈৱী সম্পদ মোক্ষ লাভৰ কাৰণ আৰু আসুৰী সম্পদ বন্ধনৰ কাৰন বুলি বিবেচিত হয় । হে পাণ্ডৱ, তুমি শোক নকৰিবা । (কাৰণ) তুমি দৈবী সম্পদ ভোগৰ কাৰণে জন্ম গ্ৰহণ কৰিছা |
       
দ্বৌ ভুতসৰ্গৌ লোকেত্‍‌স্মিন দৈৱ আসুৰ এৱ চ |
 দৈৱো বিস্তৰশ: প্ৰোক্ত আসুৰং পাৰ্থ মে শৃণু || ৬

এই সংসাৰত দৈৱ আৰু আসুৰ এই দুই প্ৰকাৰৰ মানুহৰ সৃষ্টি হৈছে । দৈৱী সৃষ্টিৰ বিষয়ে সবিস্তাৰে কোৱা হ’ল । এতিয়া আসুৰ সৃষ্টিৰ বিষয়ে মোৰ পৰা শুনা ।
       
আসুৰী স্বভাৱৰ মানুহৰ ধৰ্ম্মত প্ৰবৃত্তি আৰু অধৰ্ম্মৰ পৰা নিবৃত্তিৰ বোধ নাই | সেই কাৰণে তেনে মানুহৰ পৱিত্ৰতা, আচাৰ আৰু সত্যনিষ্ঠা একো নাই |
                 
আসুৰী প্ৰকৃতিৰ মানুহে কয় - জগতত কোনো ঈশ্বৰ নাই । জগত অসত্য, ধৰ্ম্ম বা অধৰ্ম্ম একো নাই । স্ত্ৰী-পুৰুষৰ কামজনিত সংযোগৰ ফলত জগতৰ উত্‍পত্তি হৈছে । কামনাজনিত বিষয়ৰ উপভোগৰ ক্ষেত্ৰৰ বাহিৰে এই জগত্‍ আৰু কি হ’ব পাৰে।
                 
এতাং দৃষ্টুমৱষ্টভ্য নষ্টাত্মামোত্‍ল্পবুদ্ধয়: |
 প্ৰভৱন্ত্ত্যগ্ৰকৰ্ম্মাণ: ক্ষয়ায় জগতোত্‍ হিতা: || ৯

জগত্‍ সম্পৰ্কে এনে ধাৰণাৰ আশ্ৰয় কৰি এই নষ্ট বুদ্ধি, নিৰ্বোধ, ক্ৰুৰকৰ্ম্মকাৰী আৰু অমঙ্গল স্বভাৱৰ লোকসকল জগতৰ ধ্বংসৰ কাৰণে জন্ম গ্ৰহণ কৰে।
                  
কামমাশ্ৰিত্য দুস্পুৰং দম্ভমানমদাম্বিতা: ।
মোহাদ গৃহীত্বাত্‍সদগ্ৰাহান প্ৰবৰ্ত্তন্তেত্‍শুচিব্ৰতা: ।। ১০

অপৱিত্ৰ ব্ৰতাচাৰী সিহঁতে দুষ্পুৰণীয় কামনা আশ্ৰয় কৰি দম্ভ অভিমান আৰু ভোগ বিলাসত মত্ত হৈ মোহ বশত: অসত্‍ বিষয়সমূহক অৱলম্বন কৰি সকলো কাৰ্য্যত প্ৰবৃত্ত হয়।
                 
মৃত্যু সময় পৰ্য্যন্ত অপৰিমিত চিন্তাকে আশ্ৰয় কৰি সিহঁতে কামনাৰ উপভোগেই পৰম পুৰুষাৰ্থ এইদৰে নিশ্চিত হৈ শত শত আশানুৰূপ পাশত বান্ধ খায় আৰু ক্ৰোধৰ অধীন হৈ পৰে, সিহঁতে কামনীয় ভোগ বিলাসৰ কাৰণে অন্যা উপায়েৰে ধন সংগ্ৰহৰ চেষ্টা কৰে ।
      
সিহঁতৰ মনোবৃত্তিবোৰ এনেকুৱা- "মই আজি এইটো পালো, মোৰ মনোবাঞ্ছিত এইটো লাভ হ’ব, এই ধন মোৰ আছে, আকৌ মোৰ আৰু ধন হ’ব ।"

       
অসৌ ময়া হত: শত্ৰুৰ্হনিষ্যে চাপৰানপি |
 ঈশ্বৰোত্‍হমহং ভোগী সিদ্ধোত্‍হং বলবান সুখী || ১৪

"সৌটো শত্ৰু মই মাৰিলো, আনবোৰকো মাৰিম, মই সকলো সম্পদৰ গৰাকী, মই ভোগী, আত্মীয়-স্বজন আদিৰে মই সমৃদ্ধ, বলশালী আৰু সুখী ।"

     
আঢ্যোত্‍‌ভিজনৱানস্মি কোত্‍‌ন্যোত্‍স্তি সদৃশো ময়া |
 যক্ষ্যে দাস্যামি মোদিষ্য ইত্যজ্ঞানবিমোহতা: || ১৫

"#মই ধনাঢ্য, মই শ্ৰেষ্ঠ কুলত জন্ম গ্ৰহণ কৰিছোঁ, মোৰ নিচিনা আন কোন আছে ? মই যজ্ঞ কৰিম, দান দিম, আমোদ কৰিম" । এনে বহুবিধ অজ্ঞানৰ দ্বাৰা সিহঁত মোহগ্ৰস্ত হয়।

       
অনেকচিত্তৱিভ্ৰান্তা মোহজালসমাবৃতা: |
 প্ৰসক্তা: কামভোগেষু পতন্তি নৰকেত্‍ শুচৌ || ১৬

এনেদৰে অনেক চিত্তবৃত্তিৰ দ্বাৰা বিভ্ৰান্ত হৈ পৰা, মোহস্বৰূপ জালত আৱদ্ধ হোৱা সিহঁতে কাম্য ভোগবোৰত সংলিপ্ত থাকি অৱশেষত অশুচি নৰকত নিমজ্জিত হয় ।

       
আত্মপ্ৰশংসাকাৰী, অবিনীত, ধনগৰ্ব্বী আৰু মদমত্ত এই মানুহবোৰে নিজক ধাৰ্ম্মিক বোলাবৰ কাৰণে অবিধিপূৰ্ব্বক নামেৰে মাত্ৰ যজ্ঞসমূহৰ অৰ্চ্চনা কৰে।

      
অহংকাৰং ৱলং দৰ্পং কামং ক্ৰোধঞ্চ সংশ্ৰিতা: |
মামাত্মপৰদেহেষু প্ৰদ্বিষন্তোত্‍ ভ্যসুয়কা: || ১৮

সিহঁতে অহঙ্কাৰ, বল, দৰ্প, কাম, ক্ৰোধৰ বশৱৰ্ত্তী হৈ নিজৰ আৰু পৰৰ দেহত অৱস্থিত আত্মাৰূপী মোক দ্বেষ কৰি সাধুজনৰ নিন্দাবাদ কৰে।

     
মই সেই নিন্দুক, ক্ৰুৰ, অশুভ কৰ্ম্মকাৰী, নৰাধমহঁতক সংসাৰত আসুৰী যোনিতেই বাৰে বাৰে নিক্ষেপ কৰোঁ।

হে কুন্তীপুত্ৰ, এই মূঢ় মানুহবোৰে জন্মে জন্মে আসুৰী যোনি লাভ কৰি মোক নোপোৱাকৈয়ে ক্ৰমে তাতোকৈ নিকৃষ্ট যোনিত জন্ম পায়।

       
ত্ৰিবিধং নৰকস্যেদং দ্বাৰম নাশনমাত্মন: |
কাম: ক্ৰোধস্তথা লোভস্তস্মাদেতত্ৰয়ং ত্যাজেং || ২১

কাম, ক্ৰোধ, লোভ - এই তিনিখন নৰকৰ দুৱাৰ আৰু আত্মাৰ নাশক । সেই কাৰণে এই তিনিক পৰিত্যাগ কৰা।

       
এতৈৰ্বিমুক্ত: কৌন্তেয় তমোদ্বাৰৈস্ত্ৰিভিৰ্নৰ: |
আচৰত্যাত্মন: শ্ৰেয়স্ততো যাতি পৰাং গতিম || ২২

হে কৌন্তেয়, এই তিনিখন নৰকৰ দুৱাৰৰ পৰা মুক্ত হৈ যাব পাৰিলে নিজৰ শ্ৰেয় সাধনৰ অনুষ্ঠান কৰিব পাৰে আৰু তাৰ ফলত পৰম গতি পায়।

       
য়: শাস্ত্ৰবিধিমুত্‍সৃজ্য বৰ্ত্ততে কামকাৰত: |
ন স সিদ্ধিমৱাপ্নোতি ন সুখং ন পৰাং গতিম || ২৩

যি মানুহে শাস্ত্ৰবিধি উলংঘা কৰি কৰ্ম্মত প্ৰবৃত্ত হয় সেই মানুহে সিদ্ধিলাভ কৰিব নোৱাৰে, সুখো নাপায় আৰু তাৰ সদগতিও নহয়।

সেই কাৰণে কাৰ্য্য-অকাৰ্য্য নিৰূপণ কৰিবলৈ তোমাৰ শাস্ত্ৰই প্ৰমাণ। এই কৰ্ম্মময় সংসাৰত শাস্ত্ৰীয় বিধান জানি লৈ কৰ্ম্ম কৰা উচিত।

No comments:

Post a Comment