FB.AppEvents.logPageView();

Popular Posts

Sunday, 2 June 2019

পঞ্চতন্ত্ৰ আৰু পণ্ডিত বিঞ্চু শৰ্মা

পঞ্চতন্ত্ৰ আৰু পণ্ডিত বিঞ্চু শৰ্মা

এসময়ত দক্ষিণ ভাৰতত মহিলালোপ্য নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যখনৰ ৰজাজনৰ নাম আছিল অমৰশক্তি । এইগৰাকী ৰজা সকলো শাস্ত্ৰতে পাৰ্গত আৰু প্ৰজাৰঞ্জক ৰজা আছিল। ৰজা অমৰশক্তিৰ তিনিজন পুত্ৰ আছিল। সিহঁতৰ নাম আছিল বসুশক্তি, উগ্ৰশক্তি আৰু অনন্তশক্তি । ৰাম ৰাজ্য যেন মহিলালোপ্য ৰাজ্যৰ ৰজা হৈও ৰজা অমৰশক্তি বৰ অসুখী আছিল। কাৰণ ৰজাৰ তিনিজন পুত্ৰ বিদ্যা-বিমুখ আৰু মুৰ্খ আছিল। পুত্ৰ সকলৰ এনে অজ্ঞান অন্ধতা সহ্য কৰিব নোৱাৰি ৰজাই তেওঁৰ অমাত্যসকলৰ পৰা ইয়াৰ উপায় বিচাৰিলে যদিও সকলো বিফল হ'ল । অৱশেষত সুমতি নামেৰে এজন অমাত্যই বিঞ্চু শৰ্মা নামৰ এজন পণ্ডিতৰ ওচৰত ৰাজ পুত্ৰসকলক শিক্ষাৰ ব্যৱস্থা কৰিবলৈ ৰজাক পৰামৰ্শ দিলে । ৰজা অমৰশক্তিয়ে পণ্ডিত বিঞ্চু শৰ্মাক ৰাজসভালৈ মতাই অনালে আৰু তেওঁৰ মুৰ্খ পুত্ৰসকলক সুশিক্ষিত কৰি তুলিলে পণ্ডিতক এশখন গাঁও দান দি তাৰ বিষয়া নিযুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। 

বিদ্যা বিক্ৰী কৰা বস্তু নহয় বুলি কৈ পণ্ডিত বিঞ্চু শৰ্মাই ৰজাৰ পুৰস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে যদিও ৰাজ পুত্ৰসকলৰ শিক্ষাৰ ভাৰ ল'লে।

পণ্ডিত বিঞ্চু শৰ্মাৰ শিক্ষা পদ্ধতি আন পণ্ডিত সকলৰ পৰা বেলেগ আছিল। তেওঁ আন পণ্ডিতে শিক্ষা দিব নোৱাৰা মুৰ্খ ৰাজপুত্ৰ সকলক শিক্ষা দিবলৈ তেওঁলোকে সহজে বুজিব পৰাকৈ মিত্ৰলাভ, মিত্ৰভেদ, কাকোলুকীয়, লব্ধপ্ৰনাশ আৰু অপৰীক্ষিতকাৰিতা নামৰ পাঁচখন শাস্ত্ৰ লিখি উলিয়াই যিবোৰ পঞ্চতন্ত্ৰ নামেৰে পিচত জনাজাত হ'ল। সেই পাঁচখন শাস্ত্ৰ অধ্যয়নৰ কৰি ৰজাৰ মুৰ্খ পুত্ৰসকলৰ মনৰ পৰা অজ্ঞান আন্ধাৰ অতি কম দিনৰ ভিতৰতে দূৰ হ'ল । সেই তেতিয়াৰ পৰা আজিলৈকে পঞ্চতন্ত্ৰই বহু ভাৰতীয়ক নীতি শাস্ত্ৰৰ অমূল্য জ্ঞান দি আহিছে।

No comments:

Post a Comment