FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

যকৃৎ ৰোগ আৰু বনৌষধি চিকিৎসা


লক্ষন : ভোগ নলগা হয়,খোৱা বস্তু হজম নহয়।টোপনি কম হয়, তেজ কমি যায়, শৌচ অনিয়মিত হয়। জ্বৰ হয়,ওপৰ পেটত বিষ হয়।
কাৰণ: অতিৰিক্ত সুৰাপান,খালি পেটত জ্বলা-পোৰা, কচুৰী, চিঙৰা, চাওমিন, ম'ম আন জ্বলা বস্তু, বেছি মছলা দিয়া আহাৰ খোৱা, মেলেৰিয়া, বহুমূত্ৰ ৰোগ হলেও এই ৰোগ হ'ব পাৰে।
বনৌষধ:
১) গাজৰ ৰসৰ লগত মৌ মিহলাই খাব লাগে।
২) সপ্তাহত নিয়মিত ভাবে দোৰন শাক খাব লাগে।
৩) ভাতৰ লগত কেচা নহৰু ৪-৫ফোটা খাব লাগে।
৪) সপ্তাহত দুই-তিনি বাৰ সৰু মানিমুনি, বনজালুকৰ আঞ্জা খাব লাগে।
৫) কলীয়া তুলসীৰ পাত ২০ গ্ৰাম লৈ গৰম পানীত এৰাতি থৈ সেই পানী মাজে মাজে খাব লাগে।
৬) পকা অমিতা বা কেচা অমিতা আঞ্জা কৰি খাব লাগে।
৭) নহৰু ৫ গ্ৰাম, জালুক ৫টা,আধা গ্ৰাম জিৰা ,অকনমান আদা সকলো একেলগে পেস্ট কৰি ভাতৰ লগত দিনে এবাৰ কৈ খাব লাগে।
৭) এলোভেৰা ৰসৰ মৌৰ লগ ১০/১২ দিন খালে যকৃত সৱল হয়।
৮) মালভোগ শাক সপ্তাহত ২/৩ বাৰ খালে যকৃত সৱল হয়।
৯) ভেদাই লতা পাতৰ আঞ্জা সপ্তাহত২/৩ বাৰ খাব লাগে।
১০) অজুন গছৰ ছাল ১০০গ্ৰাম পানীত সিজাই মৌৰ লগত খাব লাগে।
১১) মাটিকাদুৰী, জিলমিল, খুটুৰাৰ আঞ্জা খাব লাগে।
১২) আমলখি খালে যকৃত সৱল হয়।
১৩) কলমৌ শাক আৰু হেলচী শাক খাব লাগে।
কি কি খাব নালাগে:
ভজা, পোৰা, দেৱা,মছলা, দালদা বুট,ময়দা দি বনুৱা বস্তু ইত্যাদি।

No comments:

Post a Comment