FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

পাঃদাম মিঞং যুদ্ধঃ তুঃচিক পেগু আৰু কঃবাং দলে


পাঃদাম মিঞং যুদ্ধঃ তুঃচিক পেগু আৰু কঃবাং দলে

কিম্বদন্তি অনুসৰি এসময়ত মিচিংসকলে অৰুণাচল পৰ্বতৰ আবৰ পাহাৰত বাস কৰিছিল। আবৰ পাহাৰৰ মিচিংসকলৰ লগতে আন আন পাহাৰীয়া জনজাতিৰো বসতি আছিল। জনজাতি সমাজবোৰ তেতিয়া সৰু সৰু গোটত বিভক্ত আছিল। প্ৰত্যেকখন গাঁৱেই আছিল একো একোখন সমাজ। সেই সময়ৰ সামাজিক নিয়ম অনুসৰি গাঁৱৰ মুখীয়াল “গামজন” গাঁৱৰ সকলোৰে ভিতৰত আটাইতকৈ বেছি ক্ষমতাশালী আছিল। গাঁৱৰ গামে যি আদেশ দিয়ে গাঁৱৰ বাকীবোৰ মানুহে সেইমতে চলিব লাগিছিল। “গাম”বোৰ গাঁৱত যথেষ্ট ক্ষমতাৰ অধিকাৰী হোৱাত তেওঁলোক যথেষ্ট বিত্তৱান হৈছিল আৰু গাঁৱৰ সকলোৱে গামক সন্মান কৰিছিল।

মিচিংসকলৰ ওচৰে পাজৰে সেই সময়ত আন আন পাহাৰীয়া জনগোষ্ঠীৰ মানুহেও বাস কৰিছিল। কিন্তু ইটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠীৰ ওপৰত সৰু সৰু কথাতে আক্ৰমণ কৰাটো সেই সময়ৰ ৰীতি আছিল। “জোৰ যাৰ মুলুক তাৰ” নীতি চলিছিল। দুৰ্বল জনগোষ্ঠীসমূহে পৰাক্ৰমী জনগোষ্ঠীমূহৰ হাতত পৰাজিত হৈ অধীনতা স্বীকাৰ কৰি চলিব লাগিছিল।

কিম্বদন্তিয়ে কোৱা মতে মিচিংসকলৰ পেগু আৰু দলে উপাধিদাৰী সকলে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ অৰুনাচল পাহাৰৰ সুউচ্চ ঠাই “কাৰ্ক” নামৰ ঠাইত বাস কৰিছিল। পেগু সকলে এটা হ্ৰদৰ পাৰত বাস কৰিছিল আৰু তেওঁলোকৰ নাম অনুসাৰে হ্ৰদৰ নাম “পেগু হ্ৰদ” হিচাপে জনাজাত হৈছিল। দলে উপাধিদাৰীসকলে পেগু হ্ৰদৰ কেই কিলোমিটাৰমান তলত চিয়াং নদীৰ পাৰত বাস কৰিছিল।

পৰ্বতৰ ওপৰত চিয়াং নদীৰ পাৰত মিঞং সকলৰ “আদি” গোটৰ “ছিতাং” নামেৰে এখন গাওঁ আছিল। এসময়ত সেইখন গাঁৱৰে “ছিমাদ” নামৰ এজন মানুহ যথেষ্ট শক্তিশালী আৰু ক্ষমতাশালী হৈ উঠিছিল। ছিমাদৰ দেউতাকৰ নাম আছিল “কেপছি”। সেইকাৰণে তেওঁ ছিতাং গাঁৱৰ “কেপছি ছিমাদ” নামেৰে জনাজাত হৈছিল। কেপছিৰ পুতেক ছিমাদৰ শাৰীৰিক গঠন বৰ ভাল নাছিল। তেওঁ চুটি চাপৰ আৰু বহুত খীন আছিল। কিন্তু হলে কি হব? আত্ম গৌৰৱ আৰু অহংকাৰত তেওঁ আনতকৈ বহুত ওপৰত থকা বুলি নিজে অনুভৱ কৰিছিল। তেওঁ আনৰ উন্নতি দেখিব নোৱাৰিছিল আৰু সদায় সকলোতকৈ ওপৰত থাকিব বিচাৰিছিল।

ছিতাং গাঁৱৰ ১০/১১ কিলোমিটাৰ ওপৰৰ ফালে পাহাৰত মিঞংসকলৰ “ৰিগা” নামৰ এখন ডাঙৰ গাওঁ আছিল। মিঞংসকলৰ সেইখনেই আটাইতকৈ বেছি ডাঙৰ গাওঁ আছিল। চিয়াং নৈৰ সিপাৰত মিঞং গাওঁ খনৰ বাওঁফালে ডামৰ’ নামৰ পাঃদাম জনগোষ্ঠীৰ গাওঁ আৰু তাৰ তলৰ পিনে পাঃদাম জনগোষ্ঠীৰে বডাক নামৰ আন এখন সৰু গাঁও আছিল। ডামৰ’ গাঁৱৰ কাষেদি “য়ামনে কৰং” নামৰ চিয়াং নৈৰ এটা উপনৈ বৈ গৈছিল।

সেই সময়ত পাঃদামসকলৰ ডামৰ’ গাঁৱৰ গামজনৰ নাম আছিল “বাপিৰ”। তেওঁ পাঃদাম সকলৰ “পেৰমে” বংশৰ লোক আছিল। বাপিৰৰ দেউতাকৰ নাম আছিল মেবাং। তেওঁৰ দেউতাকৰ নাম অনুসৰি তেওঁ “মেবাং বাপিৰ” নামেৰে জনাজাত হৈছিল। মিঞং পেৰমে সকলৰ গাম মেবাং বাপিৰ দেখাই শুনাই বহুত ভাল আছিল। তেওঁৰ সততা আৰু সাহসৰ বাবে সকলো জনগোষ্ঠীৰ মাজতে তেওঁ জনপ্ৰিয়তা লাভ কৰি বহুত ক্ষমতাশালী হৈ পৰিছিল।

এদিন মিঞং সকলৰ গাম কেপচি ছিমাদে ডামৰ’ গাঁৱৰ পাঃদামসকলৰ গাম মেবাং বাপিৰৰ ঘৰলৈ ফুৰিবলৈ গল। মেবাং বাপিৰৰ ঘৰলৈ আহি কেপচি ছিমাদে নিজৰ পৰিচয় দিয়াত পেৰমে সকলৰ গাম মেবাং বাপিৰে আনন্দ মনে তেওঁক বহুত আদৰ সাদৰ কৰিলে। মেবাং বাপিৰ অলপ ৰসিক মানুহ আছিল। কেপচি ছিমাদক পাই ধেমালিতে তেওঁ ‘Kepsi Simatme’, tadla bottaru: ne’koya e’mla me’:tone’m sike’ngoki’sane’ komai” অৰ্থাৎ তেওঁ ভাবি আছিল যে মিঞং সকলৰ গাম কেপচি ছিমাদৰ শাৰীৰিক গঠন বহুত শক্তিশালী। কিন্তু এতিয়া দেখি গম পালে যে তেওঁৰ শৰীৰটো এটা সামান্য কেৰ্কেটুৱাৰ সমানহে বুলি কলে। তাৰ পিছতে চেনেহভাৱে কেপচি ছিমাদৰ হাতত ধৰি বাপিৰে তেওঁক ঘৰৰ ভিতৰলৈ লৈ গল। সেই দিনা ৰাতি কেপচি ছিমাদৰ সন্মানাৰ্থে বাপিৰে গাঁৱৰ গাভৰু ছোৱালীৰ হতুৱাই “পনুং নৃত্য” কৰালে আৰু কেইবাটাও মেঠোন আৰু গাহৰি মাৰি পঃৰ’ আপং খোৱালে। কিন্তু তেওঁৰ সন্মানৰ বাবে বাপিৰে ইমান আয়োজন কৰাৰ মাজতো কেপচি ছিমাদে ভালদৰে খাব বব নোৱাৰা হল। কিয়নো অন্তৰত তেওঁৰ অশান্তিৰ ধুমুহা চলি আছিল। বাপিৰৰ বিলাস বৈভৱ আৰু ক্ষমতাই তেওঁক বাপিৰৰ প্ৰতি ঈৰ্ষাম্বিত কৰি তুলিলে। তাৰোপৰি, তেওঁৰ শাৰীৰিক গঠনক লৈ ধেমালিতে কোৱা বাপিৰৰ কথাবোৰে তেওঁৰ বুকুত শেলে বিন্ধাদি বিন্ধিলে। তেতিয়াই তেওঁ মনে মনে থিৰাং কৰিলে যে তেওঁ বাপিৰৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ লব।

কেপচি ছিমাদে সেইদিনাৰ ৰাতিটো বহুত মানসিক অশান্তিৰে কটাই পিছদিনা ঘৰমুৱা হ’বলৈ ওলাল। বাপিৰৰ পৰা বিদায় লোৱাৰ মূৰ্হূতত কেপচি ছিমাদে বাপিৰক তেওঁৰ বাবে ভোজৰ আয়োজন কৰিব বুলি কৈ তেওঁৰ ঘৰত এসাজ খাবলৈ নিমন্ত্ৰণ জনালে। লগতে বাপিৰৰ প্ৰতি তেওঁৰ প্ৰতিশোধ পূৰণৰ উদ্দেশ্য আগত ৰাখি ক’লে যে তেওঁৰ ঘৰলৈ আহোতে বাপিৰে যেন লগত কোনো মানুহ লৈ নাহে। তাৰ কাৰণ হিচাপে ছিমাদে ক’লে যে মিঞং গামৰ ঘৰত কাম কৰা “পাগনে-পাগবৰ” হিচাপ নাই । বাপিৰে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ দিনাখন “আদি” জনগোষ্ঠীৰ মানুহবোৰে বাস কৰা পাহাৰৰ ওপৰৰ পৰা ছিমাদে নিজে আগবাঢ়ি আহি লৈ আহিব বুলিও কলে। সেইমতে কথা বাৰ্তা হৈ ভোজৰ বাবে এটা দিন নিৰ্দিষ্ট কৰি মিঞং গাম কেপচি ছিমাদ ছিতাং গাঁৱলৈ উভতি আহিল ।

ভোজৰ বাবে নিৰ্দিষ্ট কৰা দিনা কেপচি ছিমাদৰ কথা মতেই বাপিৰে অকলে ছিতাং গাঁৱলৈ ৰাওনা হল। কেপচি ছিমাদৰ ষড়যন্ত্ৰৰ কথা তেওঁ অলপো গম পোৱা নাছিল। ছিতাং গাঁৱলৈ যোৱা যাত্ৰা পথত তেওঁ “য়ামনে” নদী পাৰ হৈ “আদি” পাহাৰৰ ওপৰত উঠিল। কথা দিয়া মতেই কেপচি ছিমাদে পাহাৰৰ ওপৰত আপং ভাতৰ আয়োজন কৰি থৈছিল। গৰমৰ দিন কাৰণে সেই দিনা খুউব গৰম পৰিছিল। গৰমত ভাগৰে জোগৰে পাহাৰ বগাই অহা কাৰণে ভোক পিয়াহত তেওঁ ক্লান্ত হৈ পৰিছিল। গৰমত ভৰ দুপৰীয়া পঃৰ’ আপঙৰ লগত গাহৰি মাংস নিচা হোৱাকৈ কেপচি ছিমাদে বাপিৰক খোৱালে। আপং খাই শেষ হোৱাৰ পিছত ভাত বাঢ়ি বাপিৰলৈ আগবঢ়ালে। কিন্তু ভাত খাবলৈ হাতত লওতেই প্ৰতিশোধৰ ভাৱনাত নিষ্ঠুৰ হৈ পৰা কেপচি ছিমাদৰ য়কচাৰ ঘাপত বাপিৰৰ মূৰ দেহৰ পৰা বিছিন্ন হৈ পৰিল।

সেই সাংঘাটিক অপকৰ্মতো কৰি কেপচি ছিমাদ আদি পাহাৰৰ পৰা পলাই ছিতাং গাঁৱলৈ আহিল। আহোতে তেওঁ ডামৰ’ গাওঁ আৰু ছিতাং গাওঁ সংযোগ কৰি ৰখা চিয়াং নদীৰ ওপৰত থকা জৰীৰে বনোৱা দলংখন কাটি থৈ আহিল। যাতে ডামৰ’ গাঁৱৰ পাঃদাম পেৰমে সকলে তেওঁলোকৰ গাঁৱৰ আক্ৰমণ কৰিব নোৱাৰে। ইফালে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ দিনা পিচবেলা পাঃদামসকলে ঘটনাৰ খবৰ পালে। খবৰ পাই তেওঁলোকে ছিতাং গাওঁ অভিমুখে চোচা ললে যদিও দলংখন কাটি সংযোগ বিচ্ছিন্ন কৰি থোৱাত উপায়হীন হল।

সেইদিনা নিশা পাঃদাম গাঁৱত “কেবাং” বা মেল বহিল। সকলোৱে কেপচি ছিমাদক আক্ৰমণ কৰাত হয়ভৰ দিলে যদিও চিয়াং নদী পাৰ হোৱাৰ উপায় বিচাৰি নাপালে। অৱশ্যে অৱশেষত তাৰো সমাধান সূত্ৰ ওলাল। কেবাঙত সিদ্ধান্ত হল যে চিয়াঙৰ নিচেই পাৰত বাস কৰা তেওঁলোকৰ মিত্ৰ মিচিংসকলৰ পেগু আৰু দলেসকলৰ ওচৰলৈ নদী পাৰ হোৱাৰ উপায় বিচাৰি তেওঁলোক যাব।

মিচিংসকল নৈত সাঁতোৰা, নাওঁ বনোৱা আৰু নাও চলোৱাত পাৰ্গত আছিল। পেগুসকলৰ গুটুং তুঃচিক পেগু আৰু দলেসকলৰ লেকং কঃবাং দলেয়ে তেওঁলোকৰ মিত্ৰ পাঃদাম সকলৰ বাবে নাওঁ বনোৱাৰ প্ৰতিশ্ৰুতি দিলে।

কথামতেই কাম চলিল। কেপচি ছিমাদৰ গাঁও ছিতাং গাঁৱৰ ওচৰৰ “গেকু” নামৰ ঠাইত এসপ্তাহ ধৰি পাহাৰৰ জংঘলত থকা গছ কটাই পেগু আৰু দলেসকলে পাঃদাম সকলৰ প্ৰয়োজন অনুসৰি নাওঁ নিৰ্মাণ কৰিলে। সেই এসপ্তাহ পাহাৰত গছ কটা শব্দ মিঞংসকলেও শুনিলে যদিও গেকুৰ “পাঙি” জনগোষ্ঠীৰ মানুহে খৰিৰ বাবে গছ কটা বুলি ভাবিলে। নাওঁ বনোৱা সম্পূৰ্ণ হোৱাৰ পিচত তুঃচিক পেগু আৰু লেকং কঃবাং দলেয়ে মিঞংসকলে গম পাব নোৱাৰাকৈ এজন দুজনকৈ পাঃদাম যুঁজাৰো বাহিনীক চিয়াং নদী পাৰ কৰাই নদীৰ সিপাৰে এক গোপন স্থানত একত্ৰিত কৰালে। সকলো পাঃদাম যুঁজাৰো বাহিনী চিয়াং পাৰ হোৱাৰ পিচত একেলগে মিঞং সকলক আক্ৰমণ কৰিবলৈ গল। পাঃদামসকলে মিঞং সকলৰ গাওঁসমূহত আক্ৰমণ চলালে। পাঃদাম সকলৰ সংখ্যা যথেষ্ট হোৱাত মিঞং সকলে কোনো ধৰণৰ প্ৰতিৰোধ কৰিবলৈ সাহস নকৰিলে। তেওঁলোকৰ সকলোৱে পলাই গৈ হাবিত সোমাল। পাঃদামসকলে প্ৰায় বিনা যুদ্ধই মিঞং গাওঁবোৰ দখল কৰিলে। তেওঁলোকে মিঞং সকলৰ দুই এজন যাকে যতে পায় কাটিলে, ঘৰ আৰু ভঁৰালত জুই লোৱাৰ উপৰিও মিঞং সকলৰ দখলত থকা “আগছা ছেলেক” নামৰ এখন বৃহৎ খেৰণিত জুই লগালে। মিঞং সকলে “এৰে লিংকিত” নামৰ শিলেৰে নিৰ্মিত এটা দেৱতাৰ মূৰ্তি পূজা কৰিছিল। মূৰ্তিটোৰ আকৃতি ৪ সংখ্যাটোৰ নিচিনা আছিল। তুঃচিক পেগু আৰু কঃবাং দলেয়ে সেই মূৰ্তিটোত হাত নিদিবলৈ পাঃদামসকলক কোৱা কাৰণে পাঃদাম সকলে প্ৰথমে সেই মূৰ্তিটোত হাত দিয়া নাছিল যদিও পিছলৈ তেওঁলোক দুজনৰ হাক বচন নামানি পাঃদামসকলে সেইটো উঠাই লৈ আহি চিয়াঙৰ পানীলৈ দলিয়াই দিলে।

যুদ্ধ শেষ হোৱাৰ পিচত পাঃদাম যুঁজাৰু বাহিনী পুনৰ চিয়াঙৰ পাৰত সমবেত হল। চিয়াং পাৰ হৈ ঘূৰি যাবলৈ সকলোৱে নাৱত উঠিল। সেই সময়তে নাওঁ এখনত এটা অদ্ভুত আকৃতিৰ সাপ ওলাল। অমংগলৰ চিন বুলি গম পাই তুঃচিক আৰু কঃবাঙে সকলোকে নাৱৰ পৰা নামি যাবলৈ কলে। পাঃদামসকলে নাৱৰ পৰা নমাটো বাদেই দি তুঃচিক আৰু কঃবাঙৰ কথা নমনাকৈ সাপটোকে মাৰি পেলালে।

বিজয়ৰ আনন্দত মতলীয়া হৈ পাঃদাম সকলে নৈ পাৰ হ’বলৈ চিয়াঙৰ বুকুত নাও মেলি দিলে। কিন্তু আশ্চৰ্য্যজনকভাৱে সকলোবোৰ নাওঁ চিয়াঙৰ পানীত বুৰিল। সাতুৰিব জনা কাৰণে তুঃচিক আৰু কঃবাং সাঁতুৰি নৈৰ পাৰ পালেহি। পাঃদাম সকলৰ আধাতকৈ বেছি মানুহ পানীত ডুবি মৰিল। বাচি থকা যুঁজাৰু বাহিনীকে লগত লৈ তুঃচিক আৰু কঃবাঙে পাঃদাম গাঁৱলৈ আহিল। পাঃদাম গাঁৱত পাঃদাম সকলে তেওঁলোকক বিপুল আদৰণি জনালে। পাঃদাম গাঁৱত বিজয়ৰ আনন্দৰ লগতে শোকৰ কান্দোনো শুনা গল। পেগু আৰু দলেসকলৰ প্ৰতি কৃতজ্ঞতা জনাই পাঃদামসকলে চিৰদিনলৈ মিত্ৰ হিচাপে থকাৰ প্ৰতিশ্ৰুতি দি দুখ আপদৰ সময়ত সদায় সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। পাঃদামসকলৰ বিজয় উৎসৱ শেষ হোৱাৰ পিচত তুঃচিক আৰু কঃবাঙে পাঃদাম সকলৰ পৰা বিদায় লৈ নিজ ঘৰলৈ যাত্ৰা কৰিলে। কিন্তু যাত্ৰা পথতে “পাদু” নামৰ এখন গাঁৱৰ ওচৰত শিলত উজুটি খাই পাহাৰৰ পৰা পৰি তুঃচিকৰ মৃত্যু হল। তুঃচিকে যত পাহাৰৰ পৰা পৰি মৃত্যু বৰণ কৰিছিল সেই ঠাইডোখৰৰ নাম এতিয়াও তুঃচিক মঞিং (Tu:silapathar monying) নামেৰে জনা যায় ।

টোকাঃ পেগু হ্ৰদত বৰ্তমানে অৰুণাচল চৰকাৰে মীন পালনৰ দিহা কৰিছে।

No comments:

Post a Comment