FB.AppEvents.logPageView();

Popular Posts

Saturday, 29 June 2019

বাৰিষা কাল আৰু বানপানীৰ সমস্যা

বাৰিষা কাল আৰু বানপানীৰ সমস্যা 


বাৰিষাৰ সময় অহাৰ লগে লগে ৰাজ্যৰ বৃহৎসংখ্যক লােকৰ জীৱনলৈ এক গভীৰ শংকা নামি আহে I বাৰিষাৰ ধলে সকলো উটুৱাই নিয়াৰ শংকাত ভোগে এইসকল লোকে ৷ প্রতিবছৰেই এইসকল লোকে বানৰ ভয়াৱহতাক স্বচক্ষুৰে দেখি অহাৰ লগতে নিজৰ আপোন ঘৰ-বাৰী, অশেষ কষ্টৰে আহৰণ কৰা সা-সম্পত্তি কিদৰে পানীৰ ধলে নিমিষতে উটুৱাই লৈ যায়, তাকাে দেখি আহিছে । বিশেষকৈ, নৈপৰীয়া ৰাইজ, বান-খহনীয়াত সর্বস্ব হেৰুৱাই মথাউৰি, পথৰ দাঁতিত জীৱন নির্বাহ কৰিবলৈ বাধ্য হোৱা লোক সকলেই সৰ্বাধিক ক্ষতিগ্রস্ত হৈ আহিছে । অসমত প্রতিবছৰে বানপানী হয় আৰু এই বানত ৰাজ্যখনে বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে । বানৰ কৱলত পৰি বহুজনে মৃত্যুকা আঁকােৱালি ল'ব লগীয়া হৈছে ৷ কিন্তু বান প্রতিৰোধ কৰিবলৈ নির্মাণ কৰা মথাউৰিসমূহ সুদৃঢ়ভাবে সবলীকৰণৰ ব্যৱস্থা কৰাৰ ক্ষেত্রত কিন্তু চৰকাৰে আজিকোপতি কোনােধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে ৷ বাৰিষাৰ পূর্বে থৰকবৰক হৈ থকা মথাউৰি সমূহ মেৰামতি কৰা, দুই এটা অতি বিধ্বস্ত মথাউৰিৰ পুনৰ নির্মাণ কৰিয়েই নিজৰ দায়িত্ব সামৰে চৰকাৰে ৷ ৰাজ্যখনত সম্প্রতি প্রায় ৪৭৭৪ কিলমিটাৰ দৈর্ঘ্যৰ মথাউৰি আছে আৰু ইয়াৰ ভিতৰত প্রায় ৮২ শতাংশ মথাউৰি অতি সংকটজনক অৱস্থাত আছে । খােদ ৰাজ্য চৰকাৰৰ তথ্যতে প্রকাশ পাইছে যে ৰাজ্যখনত থকা মুঠ মথাউৰিৰ ভিতৰত ৯১৮.৮২ কিলমিটাৰ দৈর্ঘ্যৰ মথাউৰিৰ আয়ুসকাল ইতিপূৰ্বেই উকলি গৈছে । এই মথাউৰিসমূহ কেইবা দশক পূবেই নির্মাণ কৰা হৈছিল আৰু আয়ূসকাল উকলি গৈছে ৷ মথাউৰিসমূহৰ ভিতৰত একাংশ মথাউৰি প্ৰতিবছৰেই বাৰিষাৰ সময়ত বিধ্বস্ত হৈ আহিছে । বান প্রতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰেই ৰাজ্য চৰকাৰক কেইবাহাজাৰ কোটি মোকলাই দি আহিছে ৷ কিন্তু ৰাজ্য চৰকাৰে প্রতিবাৰেই এই ধনৰ বৃহৎ অংশ কেৱল মথাউৰি মেৰামতি, সবলীকৰণৰ নামতে ব্যয় কৰি আহিছে ৷ ইতিমধ্যে আয়ুসকাল উকলা মথাউৰিসমূহ পুনৰ শক্তিশালীভাবে, আধুনিক তথা বিজ্ঞানসন্মতভাবে নির্মাণ কৰাৰ ব্যৱস্থা কিন্তু চৰকাৰে লােৱা নাই । তিনি-চাৰি বছৰ পূর্বে কেন্দ্ৰীয় চৰকাৰে ব্রহ্মপুত্র খনন কৰি দুয়ােপাৰে এক্সপ্ৰেছ হাইৱে' নির্মাণৰ কথা ঘোষণা কৰিছিল । মোদী চৰকাৰৰ প্রথমটো কার্যকালতে এই অভিলাষী আঁচনিৰ কথা ঘোষণা কৰা হৈছিল । এতিয়া মােদী চৰকাৰৰ দ্বিতীয়টো কার্যকাল আৰম্ভ হল ৷ কিন্তু এই আঁচনিৰ শুভাৰম্ভ নহ’ল।

No comments:

Post a Comment