FB.AppEvents.logPageView();

Popular Posts

Sunday, 23 June 2019

উদ্যোগপতি ৰতন টাটাৰ কেইটামান সোণসেৰীয়া উক্তি



প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাক চিনি নোপোৱা মানুহ নিশ্চয় বৰ কম ৷ আহকচোন, লণ্ডনত তেখেতে দিয়া ভাষণৰ কিছু অংশ জানো - 

(১) আপোনাৰ সন্তানক ধনী হবলৈ শিক্ষা নিদিব, তেওঁলোকক সুখী হোৱাৰ শিক্ষা দিয়ক । কাৰণ, তেওঁলোক যেতিয়া ডাঙৰ হব তেতিয়া তেওঁলোকে বস্তুৰ মূল্য বুজি পাব, দাম নহয় ৷ 

(২) খাদ্যক আপোনাৰ ঔষধ হিছাপে ব্যৱহাৰ কৰক ৷ নহলে আপুনি ঔষধক খাদ্য হিছাপে ব্যৱহাৰ কৰিব লাগিব ৷ 

(৩) যি আপোনাক ভাল পায় তেওঁ আপোনাক কেতিয়াও ত্যাগ কৰিব নোৱাঁৰে ৷ যদিও আপোনাক ত্যাগ কৰাৰ এশটা কাৰণ আছে, তেওঁ আপোনাৰ কাষত থকাৰ এটা কাৰণ বিছাৰি লব ৷ 

(৪) মানৱ আৰু মানৱীয় গুণৰ মাজত বহু পাৰ্থক্য আছে ৷ বহু কম লোকেহে এয়া উপলদ্ধি কৰিব পাৰে৷ 

(৫) আপোনাৰ যেতিয়া জন্ম হৈছিল আপোনাক সকলোৱে মৰম কৰিছিল ৷ আপোনাৰ যেতিয়া মৃত্যু হব তেতিয়াও সকলোৱে আপোনাক মনত পেলাব ৷ মাজৰ সময়চোৱা আপুনি কেনেকৈ পাৰ কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ 

(৬) যদি আপুনি খৰকৈ খোজ কাঢ়িবলৈ বিছাৰে, অকলেই খোজ কাঢ়ক ৷ যদি আপুনি খোজ কাঢ়ি বহু দুৰ অতিক্ৰম কৰিবলৈ বিছাৰে তেনেহলে লগে-ভাগে খোজ কাঢ়ক ৷ 

(৭) পৃথিৱীৰ ছয়জন আটাইতকৈ ভাল ডাক্তৰ হৈছে- সূৰ্যৰ পোহৰ, পৰিমিত বিশ্ৰাম, শাৰীৰিক ব্যায়াম, সুষম আহাৰ, আত্মবিশ্বাস আৰু বন্ধু ৷ জীৱনৰ প্ৰতিটো স্তৰতে এইকেইটাৰ লগত সমতা ৰক্ষা কৰক, জীৱন সুখৰ হব ৷ 

(৮) যদি আপুনি জোনটোলৈ চাই তাত ভগৱানৰ সুন্দৰতা দেখা পাব ৷ যদি আপুনি বেলিলৈ চাই, তাত ভগৱানৰ শক্তি দেখা পাব ৷ যদি আইনাত নিজকে চায়, ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি দেখা পাব ৷ সেয়েহে নিজৰ ওপৰত সদায়ে বিশ্বাস ৰাখক ৷ 

(৯) আমি সকলো পৰ্যটক আৰু ভগৱান হৈছে আমাৰ ট্ৰেভেল এজেন্ট, যিজনে আমাৰ বাবে যাত্ৰাপথ, জিৰণি ঘৰ আৰু গন্তব্যস্থল ঠিক কৰি থৈছে ৷ তেওঁৰ ওপৰত বিশ্বাস ৰাখক আৰু “জীৱন” নামৰ যাত্ৰাকাল উপভোগ কৰক ৷

No comments:

Post a Comment