FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

কলডিলৰ ঔষধি গুণ


কলডিলৰ সোৱাদ সাধাৰণতে কেহা হয় , সকলো কলডিলৰ ভিতৰত ভীমকলৰ ডিলতেই কেঁহা ভাব নাথাকে আৰু এই কলডিল খাবলৈ সোৱাদ যুক্ত হোৱা বাবে বেছি ভাগ লোকে কলডিলক পাচলি হিচাপে ব্যৱহাৰ কৰে ।

প্ৰতি 100 গ্ৰাম কলডিলত 5 গ্ৰাম কাৰ্বোহাইড্ৰেট , 1.5 গ্ৰাম প্ৰটিন , 5.8 গ্ৰাম খনিজ লৱণ , ফাইবাৰ আদি অনান্য পুষ্টিকৰ দ্ৰৱ্য পোৱা যায় । প্ৰতি 100 কলডিলত 28 কেলৰি শক্তি নিহিত হৈ থাকে । প্ৰকাৰভেদে কলডিলৰ পুষ্টিৰো তাৰতম্য দেখা যায় ।

কলডিলৰ বহুতো ঔষধি গুণ আছে -

১) কলডিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে , গতিকে মধুমেহ ৰোগী সকলৰ বাবে ই উত্তম পথ্য।

২) কলডিল খালে তেজ পৰিষ্কাৰ হয়।

৩) কলডিলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । কলডিলত থকা ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে কুষ্ঠ কাঠিন্যৰ সমস্যা দূৰ কৰে ।

৪) কলডিলত প্ৰচুৰ পৰিমাণে আয়ৰণ থকা বাবে ই গৰ্ভৱতী মহিলা আৰু এনিমিয়া ৰোগীৰ বাবে উত্তম আহাৰ ।

৫) নিম্ন ৰক্তচাপত ভোগা ৰোগী সকলৰ বাবে কলডিল উত্তম আহাৰ ।

৬) কলডিল খাৰ বনাই খালে এচিডিটিৰ সমস্যা দূৰ হয় ।

৭) গ্ৰহণী , পেটচলা আদি ৰোগত কলডিল খালে সুফল পোৱা যায় ।

( ইমানবোৰ গুণ থকা সত্বেও উচ্চৰক্তচাপত ভোগা সকলৰ বাবে কলডিল হানিকাৰক ।)

✍️ দীপা হাতীকাকতি
(সংগ্ৰহীত)

No comments:

Post a Comment