FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

কলমৌ শাকৰ ঔষধি গুণ


কলমৌ এবিধ শাকজাতীয় উদ্ভিদ। ই অলপ বগাই যায়। সাধাৰণতে এইবিধ শাক জলাশয়ত হয় মূল পানী যুঁৱলিত থাকে যদিও বাকী অংশ পানীত ওপঙি থাকে। কলমৌ সাধাৰণতে তিনিবিধ। নীলা বৰণৰ কলমৌ (Ipomoea nil Roth), মাটিত বগাই যোৱা কলমৌ (Ipomoea biloda Forsk) আৰু কলমৌ বা কলম শাক (Ipomoea aquatica) ইয়াৰে কলমৌ বা কলম শাকৰ পাত বেছি ভাগৰে যাঠি আকৃতিৰ। ইয়াৰ কাণ্ড ফোপোলা। ফুলৰ ৰং পাতল গুলপীয়া। বেটুপাত আৰু পাহি পাঁচটা যুক্ত হৈ চুপিৰ আকৃতি লয়। অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত গছত ফুল লাগি ফল ধৰে। ইয়াক শাক হিচাপে খোৱা হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

*সন্তান জন্মৰ পাছত মাতৃৰ গাখীৰ কমিলে কলমৌ শাক ঘিউত ভাজি খালে বুকুৰ গাখীৰ বৃদ্ধি হয়।

*কলমৌ শাক জণ্ডিচ ৰোগীৰ বাবে উপকাৰী।

*প্ৰস্ৰাৱৰ দোষ হ’লে কলমৌ শাক নিয়মিত ৰূপে কেইদিনমান খালে ৰোগ নিৰাময় হয়।

*খজুৱতি হ’লে কলমৌ থেতেলিয়াই ৰস লগালে আৰু কলমৌ শাক সিজাই খালে খজুৱতি কমে।

*শাক হিচাপেও কলমৌ খালে উপকাৰ পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ (অসম বাণী)

No comments:

Post a Comment