FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

আমি কেতিয়া নীৰৱতা অৱলম্বন কৰিব লাগে?

১)যেতিয়া আমি কি ক’ব লাগে সেই কথা নাজানো । 

২)যেতিয়া আমি কথাটো কেনেকৈ ক’ব লাগে সেই কথা নাজানো ।

৩)যেতিয়া আনে আমাৰ কথা শুনিবলৈ আগ্রহ প্রকাশ নকৰে ।

৪)যেতিয়া আমাৰ কথাই আনক আঘাত কৰিব পাৰে।

৫)যেতিয়া আমি নিজৰ কথাৰ কাৰণে অনুতপ্ত হ’ব লগা হােৱাৰ আশংকা থাকে । 

৬)যেতিয়া আমি আনে কৰা কুৎসাৰ উত্তৰ দিবলৈ নীৰৱতাকেই শ্রেয় বুলি ভাবো । 

৭)যেতিয়া আমাৰ হৃদয়খন ইমান গধুৰ হৈ থাকে যে তাৰ তুলনাত কথাবােৰ অতি পাতল যেন অনুভৱ হয়।

৮)যেতিয়া আমাৰ মনৰ যন্ত্রণাই নীৰৱতাৰ আশ্রয়ত বেছি নিৰাপদ অনুভৱ কৰে । 

৯)যেতিয়া আমাৰ বাবে নীৰৱতাই হৈ পৰে আটাইতকৈ বেছি বাংময় ।

আৰু সকলোৰে শেষত এটাই কথা তৰাবােৰ জিলিকি থাকে নীৰৱতাৰ মাজত ৷আমিও সেইটো কৰিব পাৰো।

No comments:

Post a Comment