FB.AppEvents.logPageView();

Popular Posts

Saturday, 8 June 2019

আয়ুৰ্বেদত খোৱা পানীৰ ব্যৱহাৰ

আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰ পঞ্চ মহাভূতৰে গঠিত। পানী হৈছে জল মহাভূত। সুস্বাস্থ্য অটুট ৰখাৰ বাবে প্ৰতিদিনে আমাক প্ৰায় তিনি লিটাৰ খোৱা পানীৰ প্ৰয়োজন।

পানীক প্ৰাণ কোৱা হয় । আহাৰ নোখোৱাকৈ থাকিব পাৰি কিন্তু বায়ূ আৰ পানী অবিহনে এদিনো থাকিব নোৱাৰি‌ । সেয়েহে অষ্টাঙ্গ সংগ্ৰহ নামৰ গ্ৰন্থত বৰ্ণনাকৰিছে যে--
"পানীয়ং প্ৰাণীনাং প্ৰাণা বিশ্বমেৱ চ তন্ময়ম্ ।
ন হি তোয়াদ্ধিনা বৃত্তি: স্বস্থস্য ব্যাধিতস্য ৱা "।।



ৰাতিপুৱা কুহুমীয়া গৰম পানী খাওক

আয়ুৰ্বেদিক গ্ৰন্থ অষ্টাঙ্গ হৃদয়ত উল্লেখ আছে যে--
"দীপনং পাচনং কণ্ঠয়ং লঘূষ্ণং বস্তিশোধনং (১৬)
হিধ্মাধ্মানানিল শ্লেষ্মসদ্য: শুধ্বি নৱজ্বৰে ।
কাসামপীনস শ্বাসপাৰ্শ্বৰুক্ষ চ শস্যত " (১৭)

আয়ুৰ্বেদিক শাস্ত্ৰত উল্লেখ আছে যে পূৱা কফৰ আধিক্য , দূপৰীয়া পিত্তৰ আধিক্য আৰু ৰাতি বাতৰ আধিক্য থাকে। ৰাতিপুৱা কফৰ আধিক্য থাকে বাবে গৰম পানী বা উষ্নোদক খাব লাগে। ৰাতিপুৱা সদায় একলিটাৰ কুহুমীয়া পানী খালে পাকস্থলী আৰু খাদ্যনলী পৰিস্কাৰ হয় । কফদোষ আতৰ হয় । জ্বৰ, কণ্ঠ ৰোগ, কাহ, নাকৰ পৰা পানী ওলোৱা, বুকু আৰু পাৰ্শ্ব বিষ ভাল হয়। যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। গেষ্ট্ৰাইটিচ আদি কৰি পেটৰ ৰোগ ভাল হয়। শৌচ-পেচাব নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।

আহাৰৰ লগত পানীৰ সম্পৰ্ক
************************
অষ্টাঙ্গ হৃদয়ৰ উল্লেখ আছে যে--
"সমস্থূলকৃশা ভূক্তমধ্যান্ত প্ৰথমাম্বুপা:"

আহাৰ খোৱাৰ আগতে পানী খালে শৰীৰ খীনাই , ভাতৰ লগত অলপ পানী খালে শৰীৰ স্বাভাৱিক অৱস্থালত থাকে আৰু আহাৰ খোৱাৰ পিছত (এঘন্টাৰ পিছত) পানী খালে স্বাস্থ্যৰ উন্নতি বা শক্তিশালী হয় ।
বৃদ্ধ চাণক্য গ্ৰন্থত বৰ্ণনা কৰিছে যে---

"অজীৰ্ণে ভেষজং বাৰি ,জীৰ্ণে বাৰি বলপ্ৰদম্।
ভোজনে চামৃতং বাৰি ,ভোজনান্তে বিষপ্ৰদম্।।

অজীৰ্ণতা হৈ থকা সময়ত পানী খালে ঔষধৰ দৰে কাম কৰে , আহাৰ হজম হোৱাৰ পিছত পানী খালে বলশক্তি বাঢ়ে , আহাৰ খোৱাৰ সময়ত এধোক দোধোক পানী খাই থাকিলে ৰুচি বাঢ়ে আৰু অমৃতৰ দৰে কামকৰে ,আহাৰ খাই লগে লগেই পানী খালে বিষতুল্য হয়।


No comments:

Post a Comment