FB.AppEvents.logPageView();

Popular Posts

Saturday, 22 June 2019

অসমীয়া চন আৰু তাৰিখ সম্পৰ্কে



ডিব্রুগড় অনাতাৰ কেন্দ্রৰ শ্রোতাসকলে পুৱাৰ ‘আজিৰ দিনটোৰ অনুষ্ঠান শুনোতে এটা কথা অনেকে লক্ষ্য কৰে যে দিনটোত একে সময়তে দুটা তাৰিখ উল্লেখ কৰি কােৱা হয় ৷ অসমীয়া লেখেৰে আজি আহাৰৰ অমুক তাৰিখ বুলি কােৱাৰ পাছত কয় আজি জেঠৰ অমুক তাৰিখ । অসমীয়া বুলি ভবা বহাগ, জেঠ মাহৰ নির্দিষ্ট তাৰিখটো উল্লেখ কৰি তাৰ সৈতে সুকীয়াকৈ আকৌ ‘অসমীয়া লেখেৰে’ বহাগ, জেঠ, আহাৰ আদি মাহৰ অমুক তাৰিখ বুলি ভিন্ন তাৰিখ বা দিনৰ কথা কােৱা অর্থৰ অনেকে কিন্তু উৱাদিহ নাপায় । তেনেই অসমীয়া যেন লগা বহাগ-জেঠৰ তাৰিখবােৰ কােৱাৰ পাছত পুনৰ আকৌ কিয় বেলেগকৈ অসমীয়া লেখেৰে অসমীয়া তাৰিখ এটা ক’ব লাগে? আমাৰ শ্রোতা বা পঢুৱৈয়ে অলপ টং কৰি চালেই একে যেন লগা দুটা তাৰিখৰ ভিন্নতাৰ ৰহস্যৰ সন্ধান পাব ৷ সেয়া হৈছে আমাৰ বর্ষ গণনাৰ ‘ভাস্কৰাব্দ ’ আৰু ‘শকাব্দ ’ গণনাৰ নিৰিখেৰে ভিন্ন দিন, ভিন্ন তাৰিখ । গ্রেগৰীয়ান কেলেণ্ডাৰ, অর্থাৎ ইংৰাজী নে বুলি পৰিচিত হিচাপত আজি ইংৰাজী ২০১৯ নেৰ ২১জুন । পিছে ভাস্কৰাব্দ মতে হ'ব ১৪২৬ৰ ৩ আহাৰ, কৃষ্ণা চতুৰ্থী তিথি । আৰু শকাব্দ মতে হ'ব ১৯৪১ শকৰ জেঠৰ এক তাৰিখ । ডিব্রুগড় অনাতাৰ কেন্দ্রই অসমীয়া লেখেৰে বুলি উল্লেখ কৰি ইংৰাজী বাদ দি আমাৰ দুটা তাৰিখ উল্লেখ কৰাৰ বিপৰীতে গুৱাহাটী অনাতাৰ কেন্দ্ৰই একেবাৰে অসমীয়া বর্ষ ভাস্কৰাব্দৰ চন-তাৰিখৰ কথা কয় । নামনি অসমত ভাস্কৰাব্দ ব্যৱহাৰৰ এক বুৰঞ্জী আছে। আমাৰ অসমীয়া কাকত কেলেণ্ডাৰবোৰতো ক'ৰবাত শকাব্দ, ক’ৰবাত ভাস্কৰাব্দ থাকে ৷ পিছে চনটো শকাব্দত লিখিলেও তাত ভাস্কৰাব্দৰ তাৰিখটোহে লিখে। এতিয়া কথা হ'ল দৰাচলতে এই দুয়ােটা বৰ্ষৰ কােনটো অসমীয়া, মানে অসমৰ নিজা বুৰঞ্জী সংলগ্ন নিজা বর্ষ? আজি দীর্ঘদিন শকাব্দত অভ্যস্তসকলে শকাব্দক অসমীয়া বুলিয়েই ভাবে । পিছে বাস্তৱিকতে অসমীয়াই নিজৰ বুলি গর্ব কৰা কামৰূপ ৰাজ্যৰ অসমীয়া নৃপতি বা ৰজা কুমাৰ ভাস্কৰ বর্মাৰ ৰাজত্বৰ স্মাৰক ‘ভাস্কৰাব্দই হৈছে অসমীয়া বর্ষ ৷ শক, শকাব্দ দেখ দেখ কৰি বাহিৰৰ, ই বিদেশী-বহিৰাগত, আমদানিকৃত ৷ অসমীয়া-অসমীয়াত্ব আদিক লৈ অনেকে অনেক কথা ক 'লেও অসমীয়াৰ নিজা এই ভাস্কৰাব্দক লৈ আজিলৈকে কােনােৱেই বিশেষ মূৰ ঘমোৱা নাছিল, পিছে অসমীয়াৰ প্রৱল স্বাভিমান থকা এগৰাকী লেখক-গৱেষক তথা বৃত্তিত অভিযন্তা প্রমােদ বৰুৱাই আজি বহু বছৰ আগৰ পৰাই অনেক কাকতে-পত্ৰে যুক্তি-তথ্যৰে লিখা-মেলা কৰি অসমীয়াৰ নিজা বর্ষ যে শক, শকাব্দ নহয় ভাস্কৰাব্দহে সেই কথা প্রতিষ্ঠাৰ বাবে অবিৰত চেষ্টা কৰি আহিছিল ৷ আগৰ আহােম প্রশাসনে বুৰঞ্জীকে আদি কৰি অন্যান্য কামত আহােম বর্ষ ‘লাক্লি ’ লিখাৰ পাছত স্বর্গদেউ চুহুমুং দিহিঙীয়া ৰজাৰ দিনত ( ১৪৯৭- ১৫৩৫ ) ভাটীৰ সংস্কৃতি সম্পর্কে পৰিচিত ভূঞাসকলে ৰাজকার্য্যৰ সহায়ক হিচাপে কাম কৰোতে অসমৰ বাহিৰৰ ভাটী ফালত প্রচলিত ‘শক’ ব্যৱহাৰ কৰিবলৈ ধৰিলে ৷ প্রকৃততে নিজৰ গৌৰৱময় ভাস্কৰাব্দ থাকােতে এই বাহিৰৰ শকাব্দ ব্যৱহাৰ অতিকে অযুগুত ।  ই অসম-অসমীয়াত্বক পদাঘাত কৰাৰ লেখীয়া কথা । উল্লেখযোগ্য যে অসমীয়া স্বাভিমান ৰাখি ইংৰাজী ভাষাত দক্ষতা থকা সত্বেও বহু বৰমুৰীয়া অসমীয়াই নিজৰ কার্যালয়ত অসমীয়া ভাষাত কামকাজ চলাই আমাৰ বান-চুকাফা জাতৰ ভাষাটো যে তেনেই পৰিমৰা বিধৰ ভাষা নহয় তাক সততে সাব্যস্ত কৰিবলৈ প্রচেষ্টা কৰিছিল ৷ অভিযন্তা প্রমােদ বৰুৱাও তাৰ ব্যতিক্রম নাছিল ৷ ভাষা পৰিবর্তনশীল হ'লেও আমি বিভিন্ন বিকল্প ব্যৱহাৰত নিজৰ কোলাৰটো এৰি বাটৰ বোকাৰটো বুটলি নল'লেই ভাল হ'ব।

No comments:

Post a Comment