FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

জাপানী বা জাৰ্মানী লতাৰ ঔষধি গুণ


জাৰ্মানী লতা বা জাপানী লতাৰ ঔষধি গুণ 
 
১) কটা ছিঙাত এই লতা মিহিকৈ পিচি  লগাই দি কিছু সময় বান্ধি থলে তেজ বন্ধ হয় আৰু  বিষ কমি যায় ।
২) ছালৰ ৰোগত জাৰ্মানী লতা পিচি ৰসখিনি সানি কিছু সময় থৈ  দিব । এনেকৈ এসপ্তাহ লগালে ছালৰ ৰোগ ভাল হয় ।
৩) কিডনীত পাথৰ হ'লে দুটা পাত প্ৰতিদিনে চোবাই খালে পাথৰ ওলাই যায় ।
৪) জণ্ডিছ হ'লে জাৰ্মানী লতাৰ পাত দহটা মান পিচি ৰস উলিয়ায় এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে ভাল হয় ।
৫) মুত্ৰ থলীৰ ৰোগ হলে তেনেদৰে পাত দহটা পিচি মৌ এচামুচৰ লগত মিহলাই পুৱা খালী পেটত দহদিন মান খালে উপকাৰ পাব ।

                                         ✍️ বিনু_লষ্কৰ

No comments:

Post a Comment