FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

জীৱনৰ বাবে প্ৰয়োজন হোৱা কেইটামান মূল্যৱান কথা



* কৰ্কশ বা কটু শব্দ প্ৰয়োগ কৰি কোনো কাৰো বন্ধু হ’ব নোৱাৰে।

* সহজ উদাহৰণেই হ’ল সৰ্বোত্তম উপদেশ।

* নিজৰ বিবেক সদায় নিৰ্মল কৰি ৰাখিবা; তেতিয়া তুমি ভয় কৰি চলিবৰ দৰকাৰ নাই।

* জীৱন দীঘলীয়া হ’লেও সেয়া ভাল জীৱন নহ’বও পাৰে, কিন্তু ভাল জীৱন সদায় দীঘলীয়া বুলি প্ৰমাণিত হয়।

* যি মানুহে কাৰো পৰা একো আশা নকৰে, তেৱেঁই সুখী আৰু ভাগ্যৱান মানুহ। তেওঁ জীৱনত কেতিয়াও নিৰাশ হ’বলগীয়া নহয়।

* তুমি সুখ-শান্তিত জীয়াই থাকিব খোজানে? যদিহে খোজা, তেন্তে যি কাম কৰা উচিত, কেৱল তেনে কামহে কৰিবা; যি কাম কৰি ভাল পোৱা, তেনে কাম নকৰিবা।

* … পৰুৱাই কিন্তু মুখেৰে একো নকয়, মাথোঁ নিজৰ কাম কৰি থাকে।

* দোকানখন ভালকৈ সজাই-পৰাই ৰাখিবা, তেতিয়া দোকানখনেও তোমাক সুখ-সন্তোষত ৰাখিব।

* নিজৰ নৈতিক উৎকৰ্ষৰ কাৰণে ব্ৰেঞ্জামিন ফ্ৰেঙ্কলিনে যি বাৰটা বিশেষ গুণ আয়ত্ত কৰিবলৈ সিদ্ধান্ত লৈছিল তাৰ দুটা গুণ:-

৯) আত্ম-সংযম:- সকলো কথাতে আতিশয্য পৰিহাৰ কৰি চলিবা; পাব লগীয়া শাস্তি বা আঘাত পালে তাৰ কাৰণে খং বা অসন্তোষ প্ৰকাশ নকৰিবা।

১১) মানসিক প্ৰশান্তি:- সৰু-সুৰা কথাত বিৰক্ত নহ’বা; সচৰাচৰ হৈ থকা বা এৰাব নোৱাৰা বিপদ-বিঘিনিত বিচলিত হৈ মনৰ শান্তি নেহেৰুৱাবা।

*** *** **************************************

* নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?

* যেনে মানুহ তেনে ঈশ্বৰ; অসৎ মানুহৰ কাৰণে ঈশ্বৰ উপহাসৰ বস্তু হৈ পৰে।

* যি মানুহে নিজকে শাসন কৰিব নোৱাৰে, তেওঁ চিৰকাল দাস হৈ ৰ’ব।

* মানুহৰ প্ৰতিভা বিকশিত হয় নিৰ্জনতাত, কিন্তু চৰিত্ৰ গঠিত হয় জনতাৰ হেঁচা-ঠেলাৰ মাজত।

* পৃথিৱীৰ লগত কোনো সম্পৰ্ক নৰখাকৈ জীয়াই থকাৰ আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা; আকৌ পৃথিৱীৰ লগত ঘনিষ্ঠতম সম্পৰ্ক স্থাপন কৰাৰো আটাইতকৈ ডাঙৰ উপায় হ’ল শিল্প-কলা।

(গ্যেটে (এ’পিগ্ৰাম)। হোমেন বৰগোহাঞিৰ লেখনিৰ পৰা।)


No comments:

Post a Comment