FB.AppEvents.logPageView();

Popular Posts

Saturday, 22 June 2019

লঙৰ ঔষধি গুণ


লং এবিধ ঔষধি গুণেৰে সমৃদ্ধ মছলা । লং ব্যৱহাৰে কৰিলে খাদ্যবস্তু সোৱাদযুক্ত হোৱাৰ লগতে সুগন্ধিও হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*দাঁতৰ বিষত লং বিষোৱা দাঁতটোত অলপ সময় লগাই ৰাখিলে বিষ কমে।

*লং খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।

*ডিঙি বিষালে গৰম পানীত লং উতলাই সেই পানীৰে কুলি কুলি কৰিলে আৰাম পোৱা যায়।

*কাহ হ’লে লং বটি খালে নাইবা গৰমপানীত লং উতলাই কুলি কুলি কৰিলে কাহ কমে।

*পেটত বায়ু হ’লে লং খালে আৰাম পোৱা যায়।

*যিসকলৰ অনবৰত হিকটি আহি থাকে তেওঁলোকৰ বাবে লং উপকাৰী।

*পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

*লঙে ৰুচি বঢ়ায় আৰু হজম কৰে। সেয়ে সদায় এটা লং খালে তেনেধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰি।

*ক্ষয়ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবেও লং উপকাৰী।

লেখিকা: ললিতা শৰ্মা লহকৰ (অসম বাণী)

No comments:

Post a Comment