FB.AppEvents.logPageView();

Popular Posts

Friday, 28 June 2019

খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষাকৱচ কেতিয়া হব?




অসমীয়া জাতিৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব বিপন্ন হােৱাৰ দিশে ক্ৰমান্বয়ে আগবাঢ়িছে ৷ অবাধ অনুপ্ৰবেশে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব প্রতি তীব্র ভাবুকি কঢিয়াই আনিছে । ১৯৭৯ চনত বিদেশী বিতাড়নৰ দাবীৰে আন্দোলন আৰম্ভ হােৱাৰ সময়তকৈ বতমানৰ সময় অতি ভয়াবহ । কাৰণ উন্মুক্ত সীমান্তৰে বিদেশীৰ অনুপ্রবেশ চলিয়েই আছে। যাৰ ফলত অসমৰ বিস্তীর্ণ অঞ্চলৰ জনগাঁথনিৰ ব্যাপক পৰিবৰ্তন ঘটিছে ৷ ইতিমধ্যে ৯খন জিলাৰ জনগাঁথনিৰ পৰিবর্তন ঘটাৰ কথা লোক পিয়লৰ তথ্যত পােহৰলৈ আহিছে ৷ আগন্তুক  পিযলত এই সংখ্যা ১৩-১৪খন জিলালৈ সম্প্রসাৰিত হোৱাটো নিশ্চিত ৷ জনগাঁথনি পৰিৱৰ্তন হোৱা জিলাসমূহত খিলঞ্জীয়া লোক দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিণত হৈছে । সেই জিলাসমুহত বিদেশী লোকৰ দপদপনি বাঢিছে ৷ জনগাঁথনি পৰিবর্তন হোৱা জিলাসমূহত খিলঞ্জীয়া লোকৰ ভাষিক, সাংস্কৃতিক ধর্মীয় অধিকাৰ বিঘ্নিত হৈছে ৷ হেৰাই গৈছে ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ ৷ উক্ত জিলাসমূহৰ বেছিভাগ বিধানসভা সমষ্টিৰ পৰা এতিয়া আৰু খিলঞ্জীয়া মানুহ বিজয়ী হৈ অহা সম্ভৱ নহয় । 

অসম বিধানসভাত প্ৰব্রজনকাৰী লোকৰ প্রবেশ ঘটিছে । মূলসূঁতিৰ ভাৰতীয় নােহােৱা লোকো সাংসদ, বিধায়ক হৈছে ৷ এইখনেই এতিয়াৰ অসম ৷ প্রকৃতার্থত উজনি অসমৰ জিলাকেইখনক বাদ দি বাকী সমগ্র অসমতে এতিয়া এখন ভয়াৱহ ছবি। এতিয়া প্রশ্ন হয় এই অৱস্থাৰ পৰা অসমীয়া জাতিয়ে উদ্ধাৰ পোৱাৰ উপায় কি ? সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিলেও অসমীয়া জাতি সুৰক্ষিত নহয় ৷ সীমান্ত বন্ধ  কৰিলে প্রব্রজন হয়তো বন্ধ হ’ব । কিন্তু ইতিমধ্যে যিমানবোৰ লোকৰ অনুপ্রবেশ ঘটিল, সেইসকল আৰু তেওঁলোকৰ সতি সন্ততিৰে অসম ভৰি পৰিছে৷ সেইসকল লােকেই অসমৰ জনগাঁথনিৰ পৰিৱর্তন ঘটাইছে ৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মার্চৰ পুৱতি নিশালৈকে বিদেশীৰ বোজা অসমে ল’লে ৷ ১৯৭১ চনলৈকে বিদেশীৰ বোজা লােৱাৰ বাবেই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে চুক্তিৰ ৬নং দফাত সাংবিধানিক ৰক্ষাকবচৰ কথা কোৱা হৈছে । অর্থাৎ খিলঞ্জীয়া মানুহে বিদেশীৰ পৰা বাচিবলৈ সাংবিধানিকভাবে ৰক্ষাকবচ পাব ৷ এই সম্পর্কে, চুক্তিৰ ৬নং দফাত কোৱা হৈছে ‘অসমীয়া মানুহৰ সাংস্কৃতিক সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক আৰু আইনগত প্ৰশাসনীয় ৰক্ষাকবচ দিয়া হ'ব"। 'অর্থাৎ সাংবিধানিক ৰক্ষাকবচৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ সকলােখিনি সংৰক্ষণৰ কথা কােৱা হৈছে। যাৰ দ্বাৰা সংৰক্ষিত হ’ব ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰো ৷ কিন্তু অসম চুক্তি স্বাক্ষৰ হোৱাৰ বিগত ৩৪টা বছৰে কেন্দ্র আৰু ৰাজ্যৰ কােনােখন চৰকাৰে এই দিশত উদ্যোগ নল’লে । এই দিশত অন্তৰায় হৈ থিয় দিছে অসমীয়াৰ সংজ্ঞাটো। কাৰণ চুক্তিৰ ৬নং দফাত ‘অসমীয়া’ মানুহক ৰক্ষাকবচ দিয়াৰ কথা কৈছে । তৰুণ গগৈৰ আমােলত সেই সময়ৰ অধ্যক্ষ প্রণৱ গগৈৰ তৎপৰতাত এটা সৰ্বসন্মত সংজ্ঞা নিৰূপণ কৰা হৈছিল ৷ অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনকে ধৰি মুঠ ৫৪টা সংগঠনৰ লগত আলােচনা কৰি এটা সৰ্বসন্মত  সংজ্ঞা নিৰূপণ কৰা হৈছিল ৷ কিন্তু সেই সময়ত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিৰোধিতাৰ বাবে সংজ্ঞাটো বিধানসভাত গৃহীত নহ’ল । বিধানসভাত গৃহীত নহ’লেও উক্ত সংজ্ঞাটো এতিয়াও বিধানসভাৰ সম্পত্তি হৈ আছে ৷ কাৰণ সেই সময়ৰ অধ্যক্ষ প্রণৱ গগৈয়ে সংজ্ঞাটো বিধানসভাত দাখিল কৰিছিল ৷ 

এসময়ৰ জাতীয়তাবাদী নেতা শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ অসমৰ মুখ্যমন্ত্ৰী হ'লে অসমৰ জাতীয় সমস্যা সমূহৰ লগতে আন জ্বলন্ত সমস্যাসমূহ সমাধান হ’ব বুলি সকলোৱে আশা কৰিছিল । জাতি, মাটি আৰু ভেটিক সুৰক্ষা দিয়াৰ প্ৰতিশ্রুতি দিয়া সৰ্বানন্দ সােণোৱাল ডাঙৰীয়াইও তেওঁৰ চৰকাৰৰ যোৱা তিনিটা বছৰত চুক্তিৰ ৬নং দফা ৰপায়ণৰ ওপৰত কোনো ভূমিকা লােৱা দৃষ্টিগােচৰ হোৱা নাই । লোক সভা নিৰ্বাচনৰ দুমাহ পূর্বে কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক ৰক্ষাকবচৰ বিষয়টো ৰূপায়ণৰ বাবে এখন কমিটী গঠন কৰি দিছিল ৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধেযকক লৈ সেই সময়ত চলি থকা বিতর্কৰ বাবে কমিটীৰ আটাইকেইজন সদস্যই পদত্যাগ কৰে । তাৰ পিচত বিষয়টো এতিয়ালৈকে অলপো আগবঢ়া দেখা নাই । চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে অসম চৰকাৰেই প্ৰথমে  উদ্যোগ ল ’ব লাগিব ৷ তাৰ বাবে ৰাজ্যৰ বিধানসভাত অসমীয়াৰ সংজ্ঞাটো গৃহীত কৰাব লাগিব । এই কাম কৰিবলৈ বর্তমানৰ ৰাজ্য চৰকাৰৰ ওচৰত বহু সুযোগ আছে । কাৰণ চৰকাৰ আৰু মিত্রদলৰ বৃহৎ সংখ্যাগৰিষ্ঠতা আছে ৷ সহজেই বিধানসভাত সংজ্ঞাটো গৃহীত হ’ব । আনহাতে, অসমীয়াৰ সংজ্ঞাটোও চূড়ান্ত হৈ আছে। প্রণৱ গগৈয়ে নিৰূপণ কৰা সংজ্ঞাটো সকলাে দল-সংগঠনে সমৰ্থনো কৰিছিল I এতিয়া মাত্র লাগিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণোৱালৰ সদিচ্ছা ।

No comments:

Post a Comment