FB.AppEvents.logPageView();

Popular Posts

Saturday, 8 June 2019

চুকাফা আৰু কেচাইখাতী গোঁসানীৰ কথা



ডয় কাউৰঙ পাৰ হৈ চ্যুকাফাই সৌমাৰত ভৰি দিয়াৰ পিছৰ কাহিনী । সেই সময়ত শদিয়া ৰাজ্যত চুতীয়াসকলে ৰাজত্ব কৰি আছিল । চুতীয়া ৰাজ্যৰ ৰজাই কাষৰ নদীত মাছ ধৰিবৰ বাবে ৰাতি ডিঙৰা পাতে । কিন্তু পুৱা গৈ দেখে ডিঙৰাত কিছুমান মাছৰ মূৰহে লাগি আছে । দিনৌ এনে ঘটনা ঘটা দেখি চুতীয়া ৰজা আচৰিত হল । ৰজাই ভাবিলে, কি আচৰিত ! মাছবােৰ কােনে খায় ! দিনৰ পাছত দিন এনে ঘটনা ঘটিবলৈ ধৰিলে । কথাবােৰ মানুহৰ মুখে মুখে বিয়পি পৰিল । কিন্তু বহু ধৰণে অনুসন্ধান কৰিও উৰহী গছৰ ওৰ উলিয়াব নােৱাৰি তেওঁ চিন্তিত হৈ পৰিল । এইদৰে কথাটো গৈ গৈ আহােম ৰজা চ্যুকাফাৰ কাণতো পৰিল । সেই কথা আহােম ৰজা চ্যুকাফাই শুনিবলৈ পাই ঘটনাটোৰ অনুসন্ধান কৰিবৰ বাবে আগুৱাই আহিল । এইবাৰ ৰাতি ৰাতি চ্যুকাফাই ৰাতি ডিঙৰা পতা স্থানত পৰ দিবলৈ ধৰিলে । সেইমতে পৰ দি থাকোঁতেই ৰাতি দোভাগ হ’ল । আন্ধাৰৰ মাজেৰে চুক্যাফাই দেখা পালে যে এজনী চুলি মেলা ক’লী তিৰোতাই ডিঙৰাৰ পৰা মাছ উলিয়াই মোকোৰামোকোৰে চোবাব লাগিছে । চ্যুকাফাই হাতত সাৰে ভৰিত সাৰে গৈ তিৰোতাজনীৰ চুলিকােচাত খামোচ মাৰি ধৰি পেলালে । সেই তিৰোতাজনী পলাই যাব নােৱাৰা হল । চ্যুকাফাই তিৰোতাজনীক সুধিলে হেৰৌ তই কোন ? যখিনী নে ভূতুনী ? কেঁচা মাছবােৰ কিয় খাইছ ?’ তিৰোতাজনীয়ে ক'লে‘এৰি দে মই যখিনী ভূতুনী একাে নহওঁ, গোসানীহে, চুতীয়া ৰাজ্যৰ অধিস্থাত্রী দেবী । এই কথা ণ্ডনি চ্যুকাফাই হাতযােৰ কৰি সুধিলে -‘আই আপুনি কেঁচা মাছ খাইছে কিয়?’ . তেতিয়া গোসাঁনীয়ে ক’লে যে চুতীয়া ৰজাই তেওঁলৈ মৰা মানুহৰ শৱ দি পূজা কৰে । কিন্তু মৰাশৰে তেওঁৰ ভোক নপলোৱাত মনে মনে আহি চুতীয়া ৰজাৰ ডিঙৰাৰ পৰা মাছ চুৰকৈ খাব লগা হৈছে । সেই কথা শুনি চুকাফাই তেওঁলৈ জীয়া মানুহৰ বলি আগবঢ়াই পূজা কৰাৰ প্ৰস্তাৱ দিয়ে । তেতিয়া কেঁচাইখাতী গোসানীয়ে সন্তোষিত হৈ আশীৰ্বাদ কৰিলে । অংগীকাৰ মৰ্মে আহোম ৰজাঘৰীয়া পৃষ্ঠপোষকতাত  শদিয়াৰ তাম্ৰেশ্বৰী শালত বলি বিধান প্ৰথাৰ আৰম্ভ হ'ল । দেৱীৰ আশীৰ্বাদত আহোম ৰজাসকলেও সুদীৰ্ঘ ছশ বছৰ ধৰি অসমত ৰাজত্ব কৰি এক সোণালী ইতিহাস ৰচনা কৰি থৈ গ'ল ।

No comments:

Post a Comment