FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

গ্ৰীছৰ মহান দাৰ্শনিক চক্ৰেটিছ

ছক্ৰেটিছে অতি সৰল জীৱন-যাপন কৰিছিল; তেওঁ সাধাৰণ আহাৰ খাইছিল। কিন্তু তেওঁ ভবা হ’লে তেওঁ প্ৰচুৰ পান-ভোজন কৰিব পাৰিলেহেঁতেন । অৰ্থাৎ তেওঁৰ আত্ম সংযম আছিল অসাধাৰণ । দন্দুৰী পত্নীৰ তৰ্জন-গৰ্জন তেওঁ নীৰৱে আৰু প্ৰশান্ত মুখেৰে সহ্য কৰিছিল । এদিন খঙৰ ভমকত তেওঁৰ পত্নী জান্তিপে তেওঁৰ মূৰৰ ওপৰত একলহ পানী ঢালি দিছিল । কিন্তু ছক্ৰেটিছে হাঁহে পানী জোঁকাৰাৰ দৰে গাৰ পানীখিনি জোঁকাৰি দি হাঁহি মুখেৰে বজাৰত আড্ডা দিবলৈ ওলাই গৈছিল । 


এদিন এজন মানুহে আলি বাটত তেওঁক আক্ৰমণ কৰি পদাঘাট কৰিছিল । ছক্ৰেটিছ শাৰীৰিকভাৱে অতি বলৱান মানুহ হোৱা সত্ত্বেও প্ৰতিশোধ ল’বলৈ চেষ্টা নকৰি সেই ঠাইৰ পৰা নীৰৱে আঁতৰি গৈছিল । এজন বন্ধুৱে তেওঁক সুধিলে— 


‘তুমি এই অপমান নীৰৱে কিয় সহ্য কৰিলা?’ 

ছক্ৰেটিছে উত্তৰ দিলে— ‘মই গাধ নহয় যে তেওঁক ওলোটাই ভৰিৰে আঘাট কৰিম।’ 


এবাৰ এথেন্সত মহামাৰী হোৱাত বহুত মানুহ মৰিল আৰু বেছিভাগ মানুহ ৰোগত আক্ৰান্ত হ’ল । ৰোগে একেবাৰেই স্পৰ্শ কৰিব নোৱাৰিলে একমাত্ৰ ছক্ৰেটিছক । কাৰণ তেওঁ আছিল এথেন্সৰ আটাইতকৈ পৰিষ্কাৰ মানুহ । একোৱেই তেওঁৰ মনৰ প্ৰশান্তি বিচলিত কৰিব নোৱাৰিছিল । আনকি মৃত্যুৱেও। 


এদিন এজন বন্ধুৱে তেওঁক এথেন্সৰ এখন ডাঙৰ বজাৰলৈ লৈ গৈছিল। দেশ-বিদেশৰ বিলাসী সামগ্ৰীৰে ভৰপূৰ বজাৰখন ঘুৰি-পকি চোৱাৰ পিছত বন্ধুজনে তেওঁক সুধিলে— 


‘বজাৰখন কেনে দেখিলা?’ 


ছক্ৰেটিছে উত্তৰ দিলে—‘বজাৰত বাৰে বৰণীয়া বস্তুবোৰ দেখি মনলৈ কেৱল এই ভাৱ আহিল যে এই সকলোবোৰ বস্তু নোহোৱাকৈ মোৰ জীৱনটো সুন্দৰকৈ চলি যায়।’

No comments:

Post a Comment