FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

জন্মগত সামাজিক প্ৰস্থিতি লৈ কোনেও হীনমন্যতাতভোগা উচিত নহয়



কোনেও হীনমন্যতাত ভোগা উচিত নহয়, বৰঞ্চ নিজৰ কৰ্ম আৰু গুণেৰে সকলোৱে আগবাঢ়ি যোৱা উচিত । আব্ৰাহাম লিংকন এজন মুচিৰ সন্তান আছিল আৰু পিছলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল । সেই সময়ৰ আমেৰিকাৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ বাবে এইয়া যেন এটা হজম কৰিব নোৱাৰা বিষয় ! 

যিদিনা তেখেতে প্ৰথম বাৰৰ বাবে চিনেটত ভাষণ দিবলৈ গৈছিল, তেখেতক লাজ দিবলৈ তেখেত মঞ্চত উঠাৰ সময়তেই সভাগৃহত উপস্থিত থকা এজন তথাকথিত ভদ্ৰলোকে থিয় হৈ ক’বলৈ ধৰিলে :“মিষ্টাৰ লিংকন, দুৰ্ভাগ্যজনক ভাৱে আপুনি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে । কিন্তু আপুনি পাহৰি নেযাব যে আপুনি এজন মুচিৰ সন্তান আৰু আপুনি আপোনাৰ দেউতাৰ লগত মোৰ ঘৰলৈ আহি জোতা মেৰামতি কৰিছিল । আজিও চিনেটত আপোনাৰ দেউতাই বনোৱা জোতা পিন্ধি কেইবাজনো চিনেটৰ ইয়ালৈ আহিছে ।” 

চিনেটত হাঁহিৰ ৰোল উঠিল । 

বিচলিত নহৈ লিংকনে ক’বলৈ ধৰিলে : “ধন্যবাদ মহাশয়, এই পৱিত্র ক্ষণত মোৰ পিতৃক স্মৰণ কৰাই দিয়াৰ বাবে । মোৰ পিতৃ এজন অসাধাৰণ প্ৰতিভা সম্পণ্ণ মুচি আৰু তেখেতৰ যশস্যা চৌদিশে জনাজাত । মই সম্ভৱতঃ ৰাষ্ট্ৰপতি হৈও এনে খ্যাতি লাভ কৰিব নোৱাৰিম । শুনক মহাশয়, দেউতাৰ পৰা জোতা মেৰামতি কৰা গুণটো ময়ো আয়ত্ব কৰি থৈছোঁ । মোৰ পিতৃয়ে বনাই দিয়া আপোনালোকৰ সেই জোতাবোৰ যদি কেতিয়াবা বেয়া হয়, আপোনালোকে মোক এতিয়াও মেৰামতিৰ বাবে আপোনালোকৰ ঘৰলৈ মাতিব পাৰে ।” 

লিংকনৰ নম্ৰ আৰু বিনয়ী প্ৰত্যুত্তৰ শেষ হোৱাৰ লগে লগে চিনেটত কাঁহ পৰি জিন যোৱা অৱস্থা হ'ল । 

গতিকে বন্ধু বান্ধৱী তথা ভাই ভনীসকল মানুহ জন্মৰে নহয় কৰ্মৰেহে মহীয়ান হয়। জন্মক লৈ কোনেও হীনমন্যতাত ভোগা উচিত নহয়, বৰঞ্চ নিজৰ কৰ্ম আৰু গুণেৰে সকলোৱে আগবাঢ়ি যোৱা উচিত।

No comments:

Post a Comment