FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

সিৰ ফুলা ৰোগ বা ভেৰিকুচ ভেইন



বয়স বৃদ্ধিৰ লগে লগে ডায়েবেটিচ , হৃদ ৰোগ , হাড়ৰ সমস্যা , বাতবিষ আদি ৰোগে লগ দিয়ে l তেনে ধৰণৰ এটা ৰোগ হল সিৰ ফুলা ৰোগ বা' ভেৰিকুচ ভেইন' , যি ৰোগ পঞ্চাশ বছৰৰ পাছৰ পুৰুষ মহিলাৰ হব পাৰে l এই ৰোগত মহিলাসকল বেচি আক্ৰান্ত হয় l ইয়াৰ লক্ষণ হ'ল সিৰা ফুলি যায় আৰু তেজ চলাচল বাধাগ্ৰস্ত হয় l পাছলৈ ইয়াৰ পৰা উচ্চ ৰক্তচাপ আৰু ওজন বাঢ়ি যায় l এই ৰোগৰ চিকিৎসা সঠিক সময়ত নকৰিলে শেষত অপাৰেশ্যন কৰিবলগীয়া হয় ।

এই ৰোগৰ ঘৰুৱা ঔষধ এনেধৰণৰ --

দুটা কেচাঁ বিলাহী পিচি তাৰ লগত এচামুচ মৌ মিহলাই কিছুদিন খালে সিৰ ফুলা কমি যায় । কেচাঁ বিলাহীত চুলেইন নামৰ এটি এল্কালয়েড থকাৰ কাৰণে গোট বন্ধা তেজ পনীয়া কৰিব পাৰে l তাৰোপৰি কেচাঁ বিলাহীৰ পুষ্টি গুণে সিৰা উপসিৰাবোৰ কাৰ্য্যক্ষম কৰিব পাৰে ।

No comments:

Post a Comment