FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

বহাগ বিহুত খোৱা ১০১ বিধ শাকৰ ঔষধি গুণ



)কেৰেলা পাত:

আইৰন, মেগনেচিয়াম, পতাচিয়াম, ভিটামিন C ৰ উৎস। মধুমেহ নিয়ন্ত্ৰনত সহায় কৰে, কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰে, চুলি আৰু চালৰ ৰোগ প্ৰতিৰোধ কৰে, লিভাৰৰ বিসংগতি দূৰ কৰে, শৰীৰৰ ছৰ্বি কমায়, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

২)চজিনা পাত:

 অস্থি মজবুত কৰে, ৰক্তসংশোধন কৰে, ডায়বেটিছ নিয়ন্ত্ৰনত সহায় কৰে, হজমী শক্তি বৃদ্ধি কৰে আৰু যৌন দূৰ্বলতা নাশকৰে।

৩)ওলকচু:

  কেঁচুমূৰীয়া ভালকৰাত সহায়ক আৰু গ্ৰহণী ৰোগ নাশক।

৪)কচুশাক:

 পিত্ত আৰু শোথ ৰোগ নাশক।

৫)কঁঠালৰ মুচি:

 কেঁচুমূৰীয়া আৰু পোৰণী গ্ৰহণী নাশক।

৬)কলমৌ শাক:

 স্তনত গাখীৰ বৃদ্ধি কৰে, পুৰুষৰ শুক্ৰবৰ্দ্ধক ৰুপে কামকে।

৭)দুপৰ টেঙা:

English: Sprout leaf প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য।

৮)কাঠআলুৰপাত:

English: White Yam : : বলবৰ্ধক। ভিটামিন B6, B1, ফলিক এচিড আৰু c ভিটামিনৰু ভাল উৎস।

৯)কুকুৰাঠেঙীয়া:

English: Bandicotberry: : দাঁতৰ ৰোগ, কেন্সাৰ, ডায়বেটিছ, জ্বৰ, খৰ-খজুলি আদি ৰোগ নাশক।

১০)কেঞাবন:
English: Nut grass 

চালৰ ৰোগ নাশক, ছৰ্বি নাশক,ডায়েৰীয়া নাশক, হজমী শক্তি বৰ্ধক।

১১)অমিতা ফুল:
English:papaya
 
ই হজম শক্তি বৃদ্ধি কৰে, যকৃত সৱলকৰে, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘাঁ শুকুৱাত সহায় কৰে।

১২)কোমোৰা পাত:
English: Ash gourd

ৰক্তক্ষৰণ বন্ধ কৰি ঘাঁ শুকোৱাত সহায় কৰে, হৰমনৰ বিসংগতি দূৰকৰাত সহায় কৰে, শৰীৰৰ উজন হ্ৰাস কৰাত সহায় কৰে।

১৩)খুতৰাশাক:
English:green amaranth

হজম শক্তি বৃদ্ধি কৰে, ভোক বঢ়াই, পিত্ত, কফ, বিষ নাশক।

১৪)গাখীৰতী:
English: Milky herb
স্নায়ু ৰোগ, দাঁতৰ ৰোগ, শ্বাস-প্ৰশ্বাস জনিত ৰোগ আৰু কোষ্ঠকাঠিন্য আাদি দূৰ কৰে।

১৫)গৰুখিচ:
English: Wild strawberry
গাউত, আৰ্থাৰাইটিছ, ডায়েৰীয়া,ছালৰ ৰোগ নাশক আৰু দেহৰ ৰোগ প্ৰতিৰোধি ক্ষমতা বৃদ্ধি কাৰক।

১৬)আদা:
English:Ginger 
হজমিশক্তি বৃদ্ধি কৰে, কাহ, বমি, বীজাণু নাশক।

১৭)চালকুঁৱৰী আগ:
English: Aloevera
চালৰ ৰোগ নাশক, পৰিপাক ক্ৰীয়া মজবুত কৰে, ডায়বেটিচ নিয়ন্ত্ৰনত সহায় কৰে, কোষ্ঠকাঠিন্য দূৰকৰাত সহায় কৰে।

১৮)চিৰতা পাত:
মেলেৰিয়া, বহুমূত্ৰ ৰোগ দূৰ কৰে, তেজৰ পৰিস্কাৰ কৰে, চালৰ ৰোগ দুৰ কৰে।

১৯)চুকাশাক:

English: Sorrel বায়ু ৰোগ নাশক

২০)চেংমৰা/চেঙামু:
English: Spiny arum 
হাপানী, ব্ৰংকাইটিছ, বাট বিষ, পেটৰ বিষ নাশক

২১)জবাফুল:

English:China rose:   : চুলিৰ সমস্যা দুৰ কৰে, ৰক্ত শোধন কৰে, ৰক্তস্ৰাৱ আৰু কলেষ্ট্ৰৰেল নিয়ন্ত্ৰন কৰে।

২২)জলকীয়া পাত:

 দৃষ্টিশক্তি বৃদ্ধিৰ কাৰক, চাল আৰু চুলি মজবুত কৰে, সংক্ৰমন ৰোধকৰে, ৰক্তস্ৰাব কমাত সহায় কৰে, শ্বেতৰক্তকনিকা বৃদ্ধিৰ কাৰক।

২৩)জাতিলাউ পাত:

English: gourd Bottle: পুষ্টিকৰ, শীত বীৰ্য, শুক্ৰবৰ্দ্ধক।

২৪)জালুকপাত:

English:Black pepper: বীজাণু নাশক, গা বিষ নাশক।

২৫)জিকা পাত:

English: Ridge gourd পুষ্টিবৰ্ধক, ইয়াৰ গুটি চাইনাচাইটিচ নাশক।

২৬)জিলমিল:

English: Pigweed  ভোক বৃদ্ধিৰ কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক।

২৭)জেটুলীপকা পাত:

English: Wild raspberry ৰক্তবৰ্দ্ধক

২৮)জ্যেষ্ঠমধু পাত:

English: Licorice:  অন্তৰ ঘাঁ-শুকোৱাত সহায়ক,হৃদ ৰোগ, কফ, পিত্ত নাশক।

২৯)টিকনি বৰুৱা:

English: Pickly ivys: শক্তিদায়ক।

৩০)টুবুকী লতা/ টুপুৰী লতা:

 কেন্সাৰ নাশক, মহিলাৰ বগাস্ৰাৱত ভাল কামকৰে, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ কাৰক।

৩১)টেঙামৰা:

English: Rozella: গ্ৰহণী নাশক।

৩২)টেঙেচি টেঙা:

English: Wood sorrel: স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক।

৩৩)ঢেঁকীয়া:

English: Fern পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক।

৩৪)ঢেঁকীয়ালতি:

English: Maidenhair creeper: : : বাট বিষ নাশক।

৩৫)তৰা গজালি:

: পেলুৰ প্ৰতিষেধক।

৩৬)তিতাফুল/ৰামবাহক/ৰঙা বাহক:

  কিমি নাশক, ৰক্তশোধক।

৩৭)তিতাবাহক/ তিতাকুচি/বগা বাহক:

English:Malbar nut. Botanical: Justicia adhatoda syn Adatoda vasica: হাঁপানী, ব্ৰংকাইটিছ, ডিঙিৰ বিষ, কাঁফ নাশক।

৩৮)তিঁয়হ পাত:

English: Cucumber: Botanical: Cucumis sativus : পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বলতা বৃদ্ধি কৰে।

৩৯)তুলসী পাত:

English: Basil: Botanical: Ocimum sanctum: কাঁহ, হাঁপানী, কফ নাশক।

৪০)দহি কচু:

English: Botanical: Alocasia odora: ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক।

৪১)দাংবদি/লেছেৰা মাহ:

English:Cowpea :Botanical: Vigna sinensis: পুষ্টি বৰ্ধক।

৪২)দুপৰটেঙা:

English: Sproutleaf: Botanical: Bryophyllum pinnatum: পাথৰী নাশক, প্ৰস্বাৱৰ ৰোগ নাশক।

৪৩)দুবৰি বন:

English: Dog grass:Botanical: Cynodon dactylon: মাহেকীয়াৰ সমস্যা দুৰ কৰা, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। কোষ্ঠবদ্ধতা নাশক।

৪৪)দোৰোণশাক/দুৰুম/ দ্রুণ:

English: Botanical: Leucas aspera: বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য।

৪৫)ধতুৰা:

English: Thronapple: Botanicatl: Datura stramonium: ঘাঁ শুকোৱাত সহায় কৰে, হাঁপানী আৰু স্নায়ু ৰোগনাশক।

৪৬)ধনিয়া/মেমেধু:

English: Coriander Botanical: Coriandrum sativum: ৰক্তহীনতা, চালৰ ৰোগনাশক, হৃদৰোগ নশক, বেক্টেৰিয়া বিজানু নাশক, হজম শক্তি বৰ্ধক।

৪৭)নৰসিংহ:

English: Curry leaf: Botanical: Murraya koenigii: চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক।

৪৮)নহৰু :

English: Garlic Botanical: Allium sativum: হজমী শক্তি বৰ্ধক, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক, হৃদৰোগ নাশক, জীৱনী শক্তি বৰ্ধক।

৪৯)নিলাজী বন:

English: Sensitive plant: Botanical: Mimosa pudica: ডায়েৰীয়া প্ৰতিৰোধ কৰে, ডাইবেটিছ নিয়ন্ত্ৰন কৰাত সহায় কৰে, অৰ্শ ৰোগ নাশক, এন্টি ফাংগেল।

৫০)নীলকণ্ঠ:

English: Blue fox tail: Botanical: Ecbolium linneanum: মাহেকীয়াৰ সমস্যা, বাট বিষ আৰু প্ৰাস্বাৰ সমস্যা দুৰীকাৰক।

৫১)নেওঠনীয়া/নেওঠনী:

English(?)Botanical: Portulaca grandiflora: এজমা, ডাইবেটিছ, কন্সাৰ নাশক।

৫২)নেফাফু:

English:Botanical: Clerodendrum colebrookianum: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত।

৫৩)নুনি পাত:

English: Mulberry:Botanical: Morus alba: ব্লাডচুগাৰ নিয়ন্ত্ৰন কৰে, জাৱনীশক্তি বঢ়ায়।

৫৪)পচতীয়া:
English: (?) Botanical: Vitex pentaphylla: চালৰ ৰোগ নাশক, কঁফ নাশক।

৫৫)পদিনা:

English: Mint: Botanical: Mentha viridis: গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক।

৫৬)পনৌনৌৱা/পূর্ণনৱা:

English: Hog weed : Botanical: Peperomia pellucid: ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱা সহায়ক।

৫৭)পালেং:

English: Spinach: Botanical: Spinacea oleracia: ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে।

৫৮)পিৰালি পালেং:

English: Garden spinach: Botanical: Talinum triangulare: প্ৰচুৰ ভিটামিনৰ উ ৎস, বল বৰ্ধক।

৫৯)পিঁয়াজপাত:

English: Onion: Botanical: Allium cepa: মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক।

৬০)পুৰৈশাক:

English: Malabar nightshade: Botanical: Basella rubra, Basella alba: পুষ্টিকাৰক, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক।

৬১)বন জলকীয়া:

English:Wild chilli: Botanical: Clematis cadmia: এন্টিচেপ্তিক।

৬২)বন জালুক:

English:Wildpepper:Botanical: Oldenlandia diffusa, O. Corymbosa : ছালৰ ৰোগ, পেটৰ ৰোগ নাশক।

৬৩)বন ধনিয়া:

English:Sweetleaf: Botanical: Scopuria dulcis : হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ।

৬৪)বৰটেঙেচি:

English: Irish shamrock: Botanical: Oxalis corymbosa: স্মৰণ শক্তি বৃদ্ধিত সহয় কাৰক, গ্ৰহণী নাশক।

৬৫)বৰালি বুকুৱা:

English: Botanical: Pouzolzia zeylanica, P. Indica: ডিচেন্ট্ৰি, ঘাঁ, ফুঁড়া, প্ৰস্বাৱৰ সমস্যাত সহায়ক।

৬৬)বৰিয়াল/বৰবৰিয়াল/সোণবৰিয়াল:

English: Broom jute Botanical: Sida cordifolia:মূত্ৰাশয় আৰু কিডনীৰ সমস্যা নাশক।

৬৭)বর্হমথুৰি/বৰমথুৰি:

English: Lipstick champa: Botanical: Magnolia hodgsonii, Talauma hodgsonii: বেক্টেৰিয়া নাশক।

৬৮)বাবৰি/বালি বাবৰি:

English: (?) Botanical: Myriactis javanica: ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী।

৬৯)বিলাহী পাত:

English: Tomato: Botanical:Lycopersicon esculentum: তেজবৰ্দ্ধক, ছাল নিমজ কাৰক।

৭০)বিশল্যকৰণি/তিতাবাহক/তিতাখাৰি

English(?): Botanical: Jasticia gendarussa SynGendarussa vulgaris: বিষ নাশক।

৭১)বিহলঙনি:

English: Botanical:Polygonum glabrum , P. Orientale: বিষ, বাত বিষ নাশক।

৭২)বেঙেনা(খৰুৱা):

English: Brinjal: : ৰক্তবৰ্দ্ধক।

৭৩)বেতগাজৰ পাত:

English: Slender Rattan Cane :Botanical: Calamus viminalis, V. Rotang: ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক।

৭৪)ব্ৰাহ্মীশাক:

English: Brahmi: : স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে।

৭৫)ভাঙৰ আগ:

English: Hemp :  ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক।

৭৬)ভাতকেৰেলা:

English: Spine gourd :  : পুষ্টিকাৰক।

৭৭)ভীমৰাজ বন/ভৃগৰাজ:

: হৃদয় টনিক, বেক্টেৰিয়া বিজানু নাশক, চুলিৰ সমস্যা নাশক, হজমী শক্তি বৰ্ধক।

৭৮)ভেঁকুৰি তিতা/তিতা ভেঁকুৰি:

English: Pickly night shade:: ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক।

৭৯)ভেদাইলতা/ভাদুলিলতা/ভাদুলতা/মুকুন্দলতা/পাদুৰি লতা:

English: Skunk vine: Botanical: Paederia foetida: শক্তিদায়ক, বাত, গ্ৰহণী নাশক।

৮০)মচন্দৰী/মুচন্দৰী/মচুন্দৰী:

English: Heart leaf: Botanical:Houttuynia cordata: গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী।

৮১)মজাঠি/মজেঠি:

English: Indian madder:   বেক্টেৰীয়া প্ৰতিৰোধী, ডাইবেটিচ, কিডনী পাথৰ নাশক, ডিচেন্ট্ৰী প্ৰতিৰোধক।

৮২)মধুৰীআমৰ পাত:

 ডায়েৰীয়া, গ্ৰহনী নাশক।

৮৩)মধুসোলেং:
 গ্ৰহণী আৰু পেটৰ ৰোগ নাশক।

৮৪)মৰলীয়া পাত/ফুটুকী বন/ঠোঁটনী শাক/ঠোঠনী শাক:

English: Chick’s wort: : পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে।

৮৫)মৰিচা:

English: Amarntha: Botanical: Amaranthus gangeticus: স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য।

৮৬)মহানিমৰ পাত:

English: Neem:   তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে।

৮৭)মাটি কাঁদুৰি:

English: Sessile joyweed: Botanical: Alteranthera sessile: পেটৰ ৰোগৰ কাৰণে উপকাৰী।

৮৮)মানধনিয়া/নগা ধনিয়া:

Englisndh: Long coriander: Botanical: Eryngium foetidum: হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ।

৮৯)মানিমুনি(বৰ):

English: Asiatic pennywort: Botanical: Centella asiatica: পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক।

৯০)মানিমুনি(সৰু):

English: Andem:Botanical: Hydrocotyl sibthorpiodes: স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক।

৯১)মূলাশাক:

English: Radish : Botanical: Raphanus sativus: কোষ্ঠকাঠিন্য, ৰক্তচাপ নিয়ন্ত্ৰনৰ কাৰক, কিডনী ৰোগ নাশক, হাঁপানী নাশক।

৯২)ৰঙালাউ আগ:

English: Pumpkin: Botanical: Cucurbita moschata: চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে।

৯৩)লফা শাক:

English: Cluster mallow Botanical: Malva verticillata: কিডনীষ্টন, হাঁপানী, বংকাইটিচ নাশক, নিদ্ৰাহীনতা, শানমইনা নাশক।

৯৪)লাই শাক:

 ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে, কেন্সাৰৰ প্ৰতিৰোধক, হৃদ যন্ত্ৰ শক্তিশালী কৰে, নিম্ন ৰক্তচাপৰ বাবে ভাল।

৯৫)হাতীখুতৰা/ হাতী চৰিলি/ কাঁটা খুতৰা:

 গ্ৰহণী আৰু বিষ নাশক

৯৬)মেথিশাক:

English: Fenugreek: k foenum-graecum: বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী।

৯৭)শেৱালি ফুল:

English: Night jasmine : ক্ৰিমি নাশক, জ্বৰ নাশক।

৯৮)উৰহী:

English: Dolichs bean:  : শুক্ৰকাৰক, বলকাৰক।

৯৯)লাইজাবৰী:

English:Tropical chickweed  কফ নাশক, চাইনাচাইটিচত উপকাৰী।

১০০)শুকলতি:

English: Patchouli: গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে।

১০১)কালমেঘ:

English: Kalmegh   যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক।

●সংগ্ৰহিত 
ডাঃ হৰিকান্ত দাস

No comments:

Post a Comment