FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

কলডিলৰ ঔষধি গুণ

কল ডিলৰ সোৱাদ সাধাৰণতে কেহা হয়, সকলো কল ডিলৰ ভিতৰত ভীমকলৰ ডিলতেই কেঁহা ভাব নাথাকে আৰু এই কল ডিল খাবলৈ সোৱাদ যুক্ত হোৱা বাবে বেছি ভাগ লোকে কল ডিলক পাচলি হিচাপে ব্যৱহাৰ কৰে ।

প্ৰতি 100 গ্ৰাম কল ডিলত 5 গ্ৰাম কাৰ্বোহাইড্ৰেট , 1.5 গ্ৰাম প্ৰটিন , 5.8 গ্ৰাম খনিজ লৱণ , ফাইবাৰ আদি অনান্য পুষ্টিকৰ দ্ৰৱ্য পোৱা যায় । প্ৰতি 100 কল ডিলত 28 কেলৰি শক্তি নিহিত হৈ থাকে । প্ৰকাৰভেদে কল ডিলৰ পুষ্টিৰো তাৰতম্য দেখা যায় ।

কলডিলৰ বহুতো ঔষধি গুণ আছে -

1/ কলডিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে, গতিকে মধুমেহ ৰোগী সকলৰ বাবে ই উত্তম পথ্য।

2/ কল ডিল খালে তেজ পৰিষ্কাৰ হয়।

3/ কলষডিলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । কলডিলত থকা ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে কুষ্ঠ কাঠিন্যৰ সমস্যা দূৰ কৰে ।

4/ কলষডিলত প্ৰচুৰ পৰিমাণে আয়ৰণ থকা বাবে ই গৰ্ভৱতী মহিলা আৰু এনিমিয়া ৰোগীৰ বাবে উত্তম আহাৰ ।

5/ নিম্ন ৰক্তচাপত ভোগা ৰোগী সকলৰ বাবে কল ডিল উত্তম আহাৰ ।

6/ কল ডিল খাৰ বনাই খালে এচিডিটিৰ সমস্যা দূৰ হয় ।

7/ গ্ৰহণী , পেটচলা আদি ৰোগত কল ডিল খালে সুফল পোৱা যায় ।

( ইমানবোৰ গুণ থকা সত্বেও উচ্চৰক্তচাপত ভোগা সকলৰ বাবে কল ডিল হানিকাৰক ।)

✍️ দীপা হাতীকাকতি

(সংগ্ৰহীত)

No comments:

Post a Comment