FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

সৰিয়হৰ ঔষধি গুণ



●সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগ আঁতৰে

●কিছুমান ছোৱালীৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়।

●দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।

●তলপেটত মিঠাতেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়

●নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়।

●টোপনি কম হ’লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়।

●কেতিয়াবা চূণে ডাকে। তেতিয়া সৰিয়হৰ তেল ডকা অংশত লগালে আৰাম পোৱা যায়।

●গা ধোৱাৰ সময়ত জাৰকালি কেঁচা সৰিয়হৰ তেলেৰে মালিচ কৰি গা ধুলে ঠাণ্ডা লগাৰ ভয় নাথাকে।

●মিঠাতেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।

●ক’লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।গোধ ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়

লেখিকাঃ ললিতা শৰ্মা লহকৰ, অসম বাণী

No comments:

Post a Comment