FB.AppEvents.logPageView();

Popular Posts

Friday, 7 June 2019

মধুমেহ নিয়ন্ত্ৰণ কৰা, যৌৱন ধৰি ৰখা নীলা চাহ

আপুনি স্বাস্থ্য সচেতন নে? গ্ৰীণ টীৰ বাহিৰে আন চাহৰ পিয়লাত চুমুক দিওঁতে থমকি ৰয় নে কি? নে বেলেগ বেলেগ চাহৰ সোৱাদ পৰীক্ষা কৰাত আপুনি সিদ্ধহস্ত? আপোনাৰ দৰে নতুনত্ব বিচৰা আৰু স্বাস্থ্য সচেতন চাহপ্ৰেমীৰ কাৰণে গুৱাহাটীত সহজে উপলব্ধ হৈছে-ব্লু–টী। চাহৰ জগতত একপ্ৰকাৰ খলকনি তুলিছে নীলা চাহৰ বিপ্লৱে ৷ ৰে'ড টী, গ্ৰীণ টী, ব্লেক টী নহয় বিশ্বৰ অগণন লোকে আঁকোৱালি লৈছে এইবাৰ ব্লু টী ৷ চাহ উদ্যোগী ৰঞ্জিত বৰুৱাৰ প্ৰচেষ্টাত গুৱাহাটীত সহজে উপলব্ধ হৈছে বিশ্বৰ বজাৰত সমাদৃত ব্লু টী,ব্লুমিং টী, বৈদিক টীকে ধৰি ১৬বিধ মাটিৰ গোন্ধ থকা চাহ ৷

ব্লু টী বা নীলা চাহৰ কি কি গুণ?

বিশ্বজুৰি বিশেষজ্ঞসকলৰ গৱেষণাত ওলাইছে মধুমেহৰ মহৌষধ এই ব্লু টী বা নীলা চাহ। লগতে বয়স বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰে ব্লু টীয়ে। এণ্টি–অক্সিডেণ্টেৰে ভৰপূৰ এই নীলা চাহ দুপৰীয়া আৰু ৰাতিৰ খাদ্যৰ মাজত গ্ৰহণ কৰিলে শৰীৰত গ্লুক’জৰ মাত্ৰা কমাই ৰাখে আৰু মধুমেহ নিয়ন্ত্ৰণ কৰে।

পুৱাৰ চাহকাপেই হওক বা দিনটোৰ আন সময়ত নিজকে সতেজ কৰি ৰাখিবলৈ খোৱা চাহ কাপেই হওক ৷ বহুতেই আজিকালি ভিন্ন ধৰণে সোৱাদ ল'ব বিচাৰে চাহৰ ৷ নিজকে সুস্থ ৰখাৰ বাবেই হওক বা চাহৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই হওক অধিকাংশ লোকেই বেলেগ বেলেগ চাহৰ সোৱাদ পচন্দ কৰে ৷ চাহ প্ৰিয় এনে সকলৰ বাবে আহিছে এইবাৰ ব্লু টী। চাহ বিশেষজ্ঞ ৰঞ্জিত বৰুৱাই পত্নী ডলী বৰুৱাৰ সৈতে মিলি আনিছে গুৱাহাটীৰ বজাৰলৈ এই নীলা চাহ।

কেনেকৈ প্ৰস্তুত কৰা হয় নীলা চাহ?

শুকান অপৰাজিতা ফুলেৰে তৈয়াৰ হয় নীলা চাহ। বিজ্ঞানসন্মতভাৱে প্ৰমাণিত ব্লু টী বা নীলা চাহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰঞ্জিত বৰুৱাই থলুৱা চাহ আৰু শুকান অপৰাজিতা ফুলৰ সংমিশ্ৰণ ঘটাইছে। কেৱল মধুমেহ নিয়ন্ত্ৰণেই নহয় যৌৱন ধৰি ৰখাৰো উপায় নীলা চাহ। সৌন্দৰ্যবৰ্দ্ধনত ব্লু টী সহায়ক বুলি প্ৰমাণিত হৈছে গৱেষণাত। এৰ'মিকা নামেৰে ৰঞ্জিত বৰুৱা পৰিয়ালে আৰম্ভ কৰা চাহৰ এই বিপ্লৱত পৰিয়ালটোৰ প্ৰতিজনেই সমান যোদ্ধা ৷ হাজো,মঙলদৈ আদি স্থানৰ পৰা অপৰাজিতা ফুল সংগ্ৰহ কৰি শুকুৱাই হোৱাইট টীৰে সংমিশ্ৰন কৰি প্ৰস্তুত কৰা হয় ঔষধি গুণ যুক্ত ব্লু টী ৷ অকল ব্লু টীয়েই নহয় এৰ'মিকাই প্ৰস্তুত কৰিছে অশ্বগন্ধা যুক্ত বৈদিক চাহ 'VEDIC TEA'। ক্ষুদ্ৰ চাহ খেতিয়ক, অপৰাজিতা ফুলৰ খেতিয়ক,গোলাপ ফুলৰ খেতিয়ক সকলো উপকৃত হৈছে এৰ'মিকাৰ জৰিয়তে৷

চাহ পৰিৱেশনৰ পৰম্পৰাগত পদ্ধতিৰ সালসলনি

নতুন চিন্তাৰে চাহৰ পৃথিৱীৰ ব্যৱসায়ত হাত দিয়া ৰঞ্জিত বৰুৱাৰ এৰ’মিকাই চাহ পৰিৱেশনৰ ক্ষেত্ৰতো সংযোজন কৰিছে নতুন শৈলীৰ। পৰম্পৰাগত টী বেগৰ সলনি এৰ’মিকাই প্ৰস্তুত কৰিছে টী ষ্টিক।


No comments:

Post a Comment