FB.AppEvents.logPageView();

Popular Posts

Tuesday, 4 June 2019

মোৰ জীৱনৰ দীঘ আৰু বাণী



চৰকাৰী চাকৰিত জইন কৰাৰ আগতে বহুত সুখতে চলি আছিলো।একো টেনচনেই নাছিল। সৰু সুৰা ঠিকা ঠুকলি আৰু ব্যৱসায় কৰিছিলো। ৰাতিপুৱাই ছেকেণ্ড হেণ্ড বাইকখন লৈ ওলাই যাঁও আৰু ৰাতি এঘাৰমান বজাত ঘৰত সোমাও। আচলতে অলপ সোনকালেই ঘৰলৈ আহিব পাৰো কিন্তু ঘূৰি আহোতে বাটতে পোৱা তিনি আলি, চাৰি আলি যতে মানুহৰ সমাগম হৈ তাতে সমাজৰ, দেশৰ আৰু দহৰ লেকচাৰ মাৰি মাৰি আহোঁ। মই ঘৰ পোৱালৈকে ঘৰৰ সকলোৱে এঘুমতি মাৰে, অকল মাইহে মোলৈ অপেক্ষা কৰি বহি থাকে। দিনত যি দুই এপইচা পাইছিলো সকলোবোৰ মাৰ হাতত দিছিলো আৰু মাই চাই চাই সময়ত প্ৰয়োজন অনুসাৰে উলিয়াই দিছিল । সৰু সুৰা সেইবোৰ ব্যৱসায়ৰ লগতে ব্যক্তিগত বিদ্যালয় এখনো চলাইছিলো। তাত প্ৰচলিত পাঠ্য পুথিৰ লগতে প্ৰত্যেক দিনা এঘন্টাকৈ ছাত্ৰ ছাত্ৰীক নীতি কথা, ইতিহাস আৰু শাৰিৰীক শিক্ষা মই নিজেই দিছিলো । তেতিয়া আমাৰ সমগ্ৰ অঞ্চলটোত শিক্ষক হিচাপে মোৰ খ্যাতি আছিল আৰু মোক ৰাইজে নাম দিছিল "কুটুম মাষ্টৰ"।

কিতাপ পত্ৰ পঢ়াৰ অভ্যাস মোৰ সৰুৰে পৰাই আছিল। মোৰ দুজনা দদাইদেউ স্বৰ্গীয় ৰমেশ কুটুম আৰু শ্ৰী যোগেশ্বৰ কুটুম দুয়ো কিতাপৰ পোক আছিল। দুজনেই বিভিন্ন বিষয়ৰ উৎকৃষ্ট মানৰ অসংখ্য কিতাপ সংগ্ৰহ কৰি থৈছিল । তৃতীয়মান শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই মই দদাইদেউহতে সংগ্ৰহ কৰি থোৱা কিতাপবোৰ পঢ়াত লাগিছিলো। কিতাপৰ প্ৰতি মোৰ আগ্ৰহ দেখি তেখেতসকলে সংগ্ৰহ কৰি থোৱা সকলোবোৰ কিতাপ মোক দি দিছিল।

দেউতাৰ আনুষ্ঠানিক শিক্ষা সামান্যহে আছিল। দেউতাই নিজে আমাক কোৱামতে তেওঁ হেনো দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিল। কিন্তু আমাৰ উচ্ছ শিক্ষিত দদাইদেউহঁততকৈ মানুহে দেউতাকহে বেছি আদৰ কৰিছিল । আমাৰ অঞ্চলত যিকোনো সভা সমিতি হলে দেউতাই সেইবোৰৰ কাৰ্য্যবিৱৰণী লিখা কামবোৰ কৰিব লাগিছিল আৰু আমাৰ অঞ্চলৰ যিকোনো অভাৱ অভিযোগ চৰকাৰৰ ওচৰত দাখিল কৰা আবেদন ও স্মাৰকপত্র লিখিব লাগিছিল । আমাৰ সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ এটা বদ্ধমূল ধাৰণা আছিল যে দেউতাই লিখিলেহে হেনো চৰকাৰে সেইটোত কান দিয়ে। সেই দ্বিতীয় শ্ৰেণীলৈকে পঢ়া দেউতাও আছিল কিতাপৰ পোক। নানান বিষয়ৰ অসংখ্য কিতাপ দেউতাইও সংগ্ৰহ কৰি থৈছিল। দেউতাৰ আৰু এটা অন্যতম চখ আছিল বাতৰি কাকত পঢ়া। তেওঁ যিকোনো উপায়েৰে হলেও দৈনিকভাৱে বাতৰি কাকত সংগ্ৰহ কৰি পঢ়িছিল। দেউতাই দিনটোৰ খবৰ বাতৰি পঢ়ি শেষ কৰাৰ পিছত সেইবোৰ নিৰ্দিষ্ট কৰি থোৱা ছেল্ফ এটাত ধুনীয়াকৈ জাপি থৈ দিয়ে আৰু তাৰ পিছত মোৰ পাল।

মোৰ জীৱনৰ লক্ষ্য আছিল ৰাজনীতিক হোৱা। ৰাজনীতিৰ যোগেদিয়েই মই দেশৰ সেৱা কৰাৰ কথা ভাৱিছিলো। কিন্তু মানুহৰ জীৱন ৰথৰ চকৰি সময়েহে টানে।

পুলিচৰ চাকৰি কৰিম বুলি কেতিয়াও ভৱা নাছিলো । 2007 চনৰ কোনোবা এটা দিনত কেইখনমান উপন্যাস কিনিবলৈ মই চিলাপথাৰ নগৰলৈ গৈছিলো । কিতাপৰ দোকানত সোমাই উপন্যাস বাচনি কৰি থাকোতে বাতৰি কাকত এখনত দিয়া বিজ্ঞাপনটোত মোৰ চকু পৰিল । পুলিচৰ চাকৰি কৰাৰ হেপাহ মোৰ নাছিল কিন্তু গাঁৱৰ নিবনুৱা লৰাকেইটাৰ কামত আহিব বুলি কাকতখন কিনিলো। কাকতখনত প্ৰকাশ কৰা বিজ্ঞাপনটো গাঁৱৰ লৰাবোৰক দেখুৱালো কিন্তু কোনোৱেই গুৰুত্বই নিদিলে । সকলোৰে একেই মত লাখ টকাৰ ঘোচ নিদিলে দাৰোগাৰ চাকৰি নাপাই । কিন্তু চেষ্টা কৰাৰ আগতেই তেওঁলোকৰ এই ধাৰণা মোৰ পচন্দ নহল। অগত্যা মই নিজেই আবেদন কৰিবলৈ ঠিৰাং কৰিলো । আবেদন পত্ৰ দাখিল কৰাৰ পিছত আৰক্ষী বিভাগে পতা পৰীক্ষাবোৰত নিয়ম মতে পৰ্য্যায়ক্ৰমে অৱতীৰ্ণ হলো আৰু শেষত পদটোৰ বাবে বাচনি ভূক্ত হ'লো। এতিয়াহে আহিল সমস্যা ! আৰক্ষী বিভাগে যে ঘোচ নোলোৱাকৈ নিযুক্তি দিয়ে সেইটো কথা দেখুৱাবলৈহে মই আচলতে পৰীক্ষা দিছিলো। মই আগতেও কৈছো যে পুলিচৰ চাকৰিত সোমাম বুলি মই কেতিয়াও ভৱাই নাছিলো আৰু হেপাহো নাছিল।সৰু-সুৰা ঠিকা ঠুকলি আৰু বিদ্যালয়খন চলাই মই সুখে সন্তোষে আছিলো। বাচনিভূক্ত হোৱাৰ পিচত সকলোৱে মোক চাৰিওফালৰ পৰা যোগদান কৰিবলৈ হেচা দিব ধৰিলে।শেষত উপায়ন্তৰ হৈ আৰক্ষী বিভাগত যোগদান কৰিলো।

আমাৰ সমাজৰ এটা ডাঙৰ দোষ আৰু ভূল ধাৰণা আছে যে চৰকাৰী চাকৰি কৰা মানুহ এজনেহে ভালকৈ খাব বব পাৰে। কিন্তু মোৰ এনে বহু বাল্য বন্ধু আছে, যিসকলে চৰকাৰী চাকৰি নকৰাকৈ নিজে ব্যৱসায় কৰি ভালকৈ খাই বৈ আছে। তেওঁলোকে মাটি বাৰী লোৱাৰ লগতে নিজৰ পচন্দৰ যান বাহনো লৈছে। তেওঁলোকৰ মাজৰ কোনোবা লাখপতি আৰু আন কোনোবা কোটিপতি হ'ব।সেইকাৰণে মই সকলাে যুৱক যুৱতীক আহ্বান জনাইছো তেওঁলোকে যেন অকল চাকৰিৰ পিছত দৌৰি নাথাকি নিজাকৈ জীৱন নিৰ্বাহৰ পথ উলিয়াই লয়। চাকৰি কৰি অকল পেট প্ৰৱৰ্তাব পাৰি কিন্তু উন্নতি ব্যৱসায় বা আন লাভজনক কামতহে আছে।

No comments:

Post a Comment