FB.AppEvents.logPageView();

Popular Posts

Sunday, 23 June 2019

অপমানৰ জুই কেনেকৈ নিৰ্বাপিত কৰিব?


যদি আপোনাক কোনোবাই অপমান কৰিছে তেন্তে তেতিয়াও কেতিয়াও আপোনাৰ মনলৈ তেওঁৰ প্ৰতি  প্ৰতিশোধৰ ভাৱনা আনিব নালাগে। অপমানৰ জুই প্ৰতিশোধৰ ভাৱনাৰ জুইৰ পৰাই উৎপন্ন হয় । যি আপোনাক অপমান কৰিছে সিও প্ৰতিশোধৰ উদ্দেশ্যৰেই আপোনাক অপমান কৰিছে। তেওঁ আপোনাক কৰা অপমানৰ প্ৰতিক্ৰিয়া হিচাপে আপুনি তেওঁৰ অপকাৰ বা প্ৰতি অপমান কৰাৰ কথা চিন্তা কৰি নিজৰ মনলৈ প্ৰতিশোধৰ ভাৱনা আনি মনত জ্বলন্ত অগ্নি পিণ্ডৰ সৃষ্টি কৰিলে সেই জ্বলন্ত অগ্নিৰে তেওঁ আপোনাক কৰা অপমানৰ জুই নিৰ্বাপিত কৰিব নোৱাৰি । মনত ৰখা উচিত যে জ্বলন্ত অগ্নি পিণ্ড এটা আন এটা জ্বলন্ত অগ্নি পিণ্ড এটাৰে নুমাব নোৱাৰি। বৰং দুকুৰা জুই একেলগে জ্বলিলে উত্তাপ বৃদ্ধি পাই সকলো জ্বলি শেষ হৈ যোৱাৰহে সম্ভাৱনা থাকে । শীতল জলেৰে প্ৰকাণ্ড অগ্নি কুণ্ডকো নিৰ্বাপিত কৰিব পাৰি । গতিকে অপমানৰ জুইও নুমাব পাৰি কেৱল শান্তিৰ শীতল জলেৰেহে।

                                                মহাভাৰত, শ্ৰীকৃষ্ণ

No comments:

Post a Comment