FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

নয়নতৰাৰ ঔষধি গুণ


আপোনালোকে হয়তো মানুহৰ ঘৰৰ ফুলনি বাগিছাসমুহত ফুলি থকা নয়নতৰা বা পিৰালিসুন্দৰীৰ গছবোৰ দেখিছে । এই নয়নতৰা হৈছে এবিধ গুল্মজাতীয় উদ্ভিদ । ডিম্বাকৃতিৰ পাতেৰে সৈতে এই গছজোপা ১ মিটাৰ ওখ হয় । ইয়াৰ বৈজ্ঞানিক নাম 'Catharanthus Roseus' । ইয়াক ইংৰাজীত 'Madagaskar periwinkle','Old maid' আৰু 'Red periwinkle' নামেৰে জনা যায় । ফুলজাতীয় গছৰ অন্তৰ্ভূক্ত হলেও ই হৈছে এবিধ ঔষধি গুণযুক্ত উদ্ভিদ । ইয়াৰ পাত আৰু ফুলৰ সোৱাদ তিতা । ইয়াৰ ফুল বগা,গুলপীয়া, ঈষৎ বেঙুনীয়া আদি ৰঙত উপলব্ধ হয়, যদিও বগাবিধহে ঔষধ হিচাপে অধিক ব্যৱহৃত হয় । ইয়াৰ দ্বাৰা বিভিন্ন সৰুসুৰা ৰোগৰ লগতে কেঞ্চাৰ, ডাইবেটিচ আৰু মেলেৰিয়াৰ দৰে ৰোগৰ আয়ুৰ্ৱেদিক চিকিৎসা কৰা হয় ।

নয়নতৰাৰ ঔষধি গুণাগুণসমূহ

(১) নয়নতৰাৰ শিপা পিহি প্ৰস্তুত কৰা প্ৰলেপ প্ৰয়োগ কৰিলে কটা-ছিঙা, শাৰীৰক ঘাঁ আদি ভাল হয় ।

(২) যদি ব্লাড ডিচেণ্ট্ৰি হয়, তেন্তে নয়নতৰাৰ পাতৰ ৰস সেৱন কৰিলে আৰাম পোৱা যায় ।

(৩) নয়নতৰাৰ গাখীৰ শৰীৰৰ খৰ খজুৱতি হোৱা স্থানত লগাব পাৰি ।

(৪) মৃগীৰোগত নয়নতৰাৰ বীজৰ চূৰ্ণৰ সৈতে জালুক সিজাই প্ৰয়োগ কৰিলে সুফল পোৱা যায় ।

(৫) কেঞ্চাৰ আৰু ডাইবেটিচ ৰোগত নয়নতৰা উপকাৰী । ইয়াৰ ফুল আৰু পাতৰ ৰসে আমাৰ শৰীৰত কেঞ্চাৰৰ চেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বর্ধিত ৰক্তশৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে ।

No comments:

Post a Comment