FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

সম্পৰ্ক বিশ্বাস আৰু নিষ্ঠা


এহাল ল’ৰা-ছোৱালী একেলগে খেলি আছিল৷ ল’ৰাটোৰ হাতত ঢেৰ মাৰ্বল আছিল আৰু ছোৱালীজনীৰ হাতত কিছুমান মৰ্টন আছিল৷ ল’ৰাটোৱে ছোৱালীজনীক ক’লে যে সি তাইৰ হাতত থকা মৰ্টনখিনিৰ বিনিময়ত তাৰ হাতত থকা মাৰ্বলখিনি দিব পাৰিব৷ ছোৱালীজনী সন্মত হ’ল৷
ল’ৰাটোৱে তাৰ হাতত থকা আটাইতকৈ ডাঙৰ আৰু ধুনীয়া মাৰ্বলটো একাষে থৈ বাকী মাৰ্বলখিনি ছোৱালীজনীক দি দিলে৷ ছোৱালীজনীয়ে ইয়াৰ বিনিময়ত তাইৰ হাতত থকা সকলো মৰ্টন তাক দি দিলে৷
সেই দিনা ৰাতি, ছোৱালীজনীয়ে নিশ্চিন্তমনে টোপনি গ’ল৷ কিন্তু ল’ৰাটোৱে শান্তিৰে শুব নোৱাৰিলে কাৰণ তাৰ মনত সন্দেহ লাগি থাকিল যে, সি আটাইতকৈ ধুনীয়া মাৰ্বলটো লুকুৱাই ৰখাৰ দৰে ছোৱালীজনীয়েও আটাইতকৈ মিঠা মৰ্টনটো লুকুৱাই ৰাখিলে নেকি? ইত্যাদি ... ইত্যাদি চিন্তা ।
যদি আপুনি সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা ১০০% দিব নোৱাৰে, তেন্তে আনজনে ১০০% দিয়াৰ পিছটো আপুনি সদায়ে সন্দেহৰ মাজেৰে জীয়াই থাকিব লাগিব৷ এইটো প্ৰেম-বিবাহ-কৰ্মস্থান সকলো সম্পৰ্কৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ সকলোতে আপোনাৰ ১০০% দিয়ক আৰু শান্তিৰে টোপনি যাওক !!

No comments:

Post a Comment