FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

লঙৰ ঔষধি গুণ

লং এবিধ ঔষধি গুণেৰে সমৃদ্ধ মছলা । লং ব্যৱহাৰে কৰিলে খাদ্যবস্তু সোৱাদযুক্ত হোৱাৰ লগতে সুগন্ধিও হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*দাঁতৰ বিষত লং বিষোৱা দাঁতটোত অলপ সময় লগাই ৰাখিলে বিষ কমে।
*লং খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
*ডিঙি বিষালে গৰম পানীত লং উতলাই সেই পানীৰে কুলি কুলি কৰিলে আৰাম পোৱা যায়।
*কাহ হ’লে লং বটি খালে নাইবা গৰমপানীত লং উতলাই কুলি কুলি কৰিলে কাহ কমে।
*পেটত বায়ু হ’লে লং খালে আৰাম পোৱা যায়।
*যিসকলৰ অনবৰত হিকটি আহি থাকে তেওঁলোকৰ বাবে লং উপকাৰী।
*পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
*লঙে ৰুচি বঢ়ায় আৰু হজম কৰে। সেয়ে সদায় এটা লং খালে তেনেধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰি।
*ক্ষয়ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবেও লং উপকাৰী।

No comments:

Post a Comment