FB.AppEvents.logPageView();

Popular Posts

Sunday, 2 June 2019

গীতাৰ বাণী

কৃষ্ণই ক'লে- হে অৰ্জ্জুন, ধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধা বিশ্বাস নথকা মানুহে পৰমাত্মা লাভ কৰিব নোৱাৰি মৰণশীল সংসাৰলৈ পুনৰ ঘূৰি আহে।

ময়েই অব্যক্ত ৰূপত সমস্ত চৰাচৰ বিশ্বত পৰিব্যাপ্ত হৈ আছো আৰু সমস্ত প্ৰাণী মোতে স্থিত, কিন্তু মই সেই সমস্ত প্ৰানীকুলতে স্থিতি লৈ নাথাকো। (অৰ্থাত্‍ জগতৰ বাহিৰেও মোৰ স্থিতি বিদ্যমান)

মোৰ ঐশ্বৰিক শক্তিক বুজিবলৈ চেষ্টা কৰা। মই নিজ ৰূপত প্ৰাণীকুলত নাথাকো। (অৰ্থাত্‍ সেইবোৰৰ বাহিৰেও মোৰ অস্তিত্ব আছে) । তথাপিও মোৰ আত্মা প্ৰাণীকুলৰ ধাৰক আৰু উত্‍পাদক। অথচ সিহঁতক অৱলম্বন কৰি মই অৱস্থিতি নকৰোঁ।

যেনেকৈ সদায় চাৰিওফালে বৈ যোৱা অতি বেগী বায়ু আকাশত অৱস্থিত, কিন্তু আকাশ বায়ুত স্থিত নাথাকে, ঠিক তেনেদৰে সমস্ত জীৱকুলৰ স্থিতি মোতে । সেই উপমাৰে প্ৰাণীকুলৰ স্থিতি অসঙ্গভাৱে মোতে বুলি বুজিবা।

হে অৰ্জ্জুন, কল্প বা সকলোবোৰ যুগৰ শেষত সকলো প্ৰাণী মোৰ মায়া প্ৰকৃতিত লীন হৈ যায় আৰু যেতিয়া পুনৰ কল্প বা যুগৰ আৰম্ভ হয় ময়ে পুনৰ সেইবোৰ সৃষ্টি কৰোঁ।

মই মোৰ নিজা প্ৰকৃতি বা অস্তিত্বত বৰ্তি থাকি জন্ম-কৰ্ম্ম আদিৰ নিচিনা কৰ্মৰে প্ৰকৃতিৰ অধীনতাত অৱশ হৈ থকা এই সমস্ত প্ৰাণী জগত পুনঃ পুনঃ সৃষ্টি কৰো ।

হে অৰ্জ্জুন, মই কিন্তু এই সকলোবোৰ কৰ্ম্ম কৰোঁতে অনাসক্ত বা আসক্তিহীন হৈ থাকোঁ আৰু উদাসীন হৈ থকাত সেই কৰ্ম্মসমূহে মোক বন্ধন কৰিব নোৱাৰে।

হে অৰ্জ্জুন, মোৰ পৰিচালনাতেই প্ৰকৃতিয়ে এই সমস্ত স্থাৱৰ আৰু অস্থাৱৰ জগত সৃষ্টি কৰে। সেই কাৰণেই এই মায়াময় জগত পৰিৱৰ্ত্তনশীল হয়।

প্ৰাণী জগতত বিয়পি থকা সকলো প্ৰকাৰ ঐশ্বৰ্য্যপূৰ্ণ জীৱ আৰু মোৰ পৰম সত্বা অনুভৱ কৰাত অসমৰ্থ মনুষ্য মূৰ্ত্তিধাৰী অজ্ঞলোকে মোক সাধাৰণ জীৱ বুলি অৱজ্ঞা কৰে। 

যি সকলে বিফল আশা, নিষ্ফল কৰ্ম্ম, আৰু নিষ্ফল শাস্ত্ৰজ্ঞানত হতবিবেক হৈছে আৰু মোক মানৱ জ্ঞান কৰি অবজ্ঞা কৰে সেই সকলে মোহকাৰী ৰাক্ষসী আৰু আসুৰী প্ৰকৃতিকে আশ্ৰয় কৰে।

কিন্তু হে পাৰ্থ, জ্ঞানী বা মহাত্মাসকলে দৈৱী প্ৰকৃতিক আশ্ৰয় কৰি মোকে সকলো প্ৰাণী বা সৰ্বভূতৰ আদি কাৰণ আৰু অবিনশ্বৰ জানি একান্ত চিত্তে প্ৰাৰ্থনা কৰে।

No comments:

Post a Comment