FB.AppEvents.logPageView();

Popular Posts

Friday, 7 June 2019

অসমীয়াৰ বীজ

সাৰুৱা-উৰ্বৰ ব্ৰহ্মপুত্ৰ উপত্যাকা অতীতৰ সোনালী ঘাহনিৰ অৰণ্য । বিশ্বৰ প্ৰায় সকলো বৃহত মানৱ গোট হিমালয়ৰ পাদদেশৰ এই ভুখণ্ডৰ বুকুত আহি থমকি ৰৈছিল । ইতিহাসবিদ ড০ ভুবন বৰুৱাই এক সাক্ষাৎকাৰত কৈছিল যে , অসমত প্ৰকৃততে ভুমিপুত্ৰ বুলি কোনেও দাবী কৰিব নোৱাৰে কিয়নো কোনো মানৱ প্ৰজাতিৰ আবিৰ্ভাৱ অসমত হোৱা নাছিল ।অসমৰ ইতিহাসেই হল প্ৰব্ৰজনৰ ইতিহাস ।মহত্ প্ৰব্ৰজনৰ সময়ত (the great migration) বিশ্বৰ ভিন্ন মানৱ গোট পথক্লান্তহৈ ভিন্ন মানৱ গোটৰ সৈতে হোৱা ঐতিহাসিক পৰিচয়ৰ ফলতেই মানৱ জাতিৰ বিকাশৰ বীজ ৰোপন হৈছিল । এই ঐতিহাসিক পৰিক্ৰমাত কোনো মানৱ গোট চিৰদিনৰ বাবে আন এটা মানৱ গোটৰ পৰা আতৰি গৈছিল আৰু কোনো মানৱ গোট আন গোটৰ সৈতে একীভৱনহৈ নতুন পৰিচয়ৰ সৃষ্টি কৰিছিল । অসমৰ ক্ষেত্ৰতো ভিন্ন সময়ত ভিন্ন মানৱ গোটৰ প্ৰব্ৰজন আৰু একীভৱনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ সৃষ্টি কৰিছিল । এই মানৱ গোট বোৰৰ ভিতৰত  নেগ্ৰিট, অষ্ট্ৰলইড, মংগোলইড,  মেডিটেৰাৰিয়ান, আলপাইন, ইণ্ডো-এৰিয়ান , ইৰাণো-স্কাইথিয়ানছ আদিয়েই প্ৰধান । অসমৰ এই প্ৰব্ৰজনৰ ইতিহাস কেবাহাজাৰ বছৰ জুৰি চলিছিল ।

অসমৰ এজন ইতিহাসবিদ ভীমকান্ত বুঢ়াগোহাইৰ মতে অসমীয়াৰ আদিপুৰুষ মহীৰংগ দানৱ । আৰ্য্য সম্প্ৰসাৰণবাদে দানৱ আখ্যা দিয়া মহীৰংগ প্ৰকৃততে অষ্ট্ৰলইড ঠালৰ আছিল বুলি ধাৰণা কৰিব পাৰি কিয়নো ফ্লাটছ এট অল এ কৰা অসমৰ মানুহৰ এক জেনেটিক চাৰ্ভেত প্ৰমাণিত হৈছে যে অসমীয়াৰ তেজত হিমগ্লোবিন-ই দেখা যায় আৰু ইয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক সাক্ষ্যত এইটো অনুমান কৰিব পাৰি যে দক্ষিণ-পূৱ এছিয়াৰ অষ্ট্ৰলইড জনজাতিৰ তেজত প্ৰবাহিত হিমগ্লবিন ই ইয়ালৈ প্ৰব্ৰজিত হৈছে । (Comprehensive history of assam গতিকে দেখা যায় যে অষ্ট্ৰেলইড সকলেই অসমৰ আদিম অধীবাসী যিসকল কালক্ৰমত মংগোলইড সকলৰ সৈতে জীন হৈছিল । ভাৰতৰ অন্য অধিবাসীৰ তেজত হিমগ্লবিন-ই দেখা নাযায় । বড়ো, ৰাভা, খাচী, গাৰো, মিকিৰ আদি এই সংমিশ্ৰনৰ ফল) কালিকা পুৰাণত বৰ্ণিত আছে যে, কৃষ্ণবৈৰী নৰকৰ পূৰ্বে মহীৰংগ, হিতকাসুৰ, শম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে দানৱ বংশীয় চাৰিজন ৰজাৰ ক্ৰমে বেলতলা, ৰঙ্গামাটি আৰু শৰণীয়া পৰ্বতত ৰাজধানী আছিল । আজিও সেইবোৰ ঠাইত বড়ো, ৰাভা, খাচী , গাৰো আৰু কাৰ্বি জনজাতিৰ উপস্থিতি লক্ষ্যণীয় । এওঁলোকৰ পিছতেই কিৰাত ৰাজ ঘটকাসুৰক নিধন কৰি নৰকে কামৰূপ অধিকাৰ কৰে আৰু ব্ৰাহ্মনাদি উচ্চবৰ্নৰ লোকক কামৰূপত স্থাপন কৰে । 

(কোচবিহাৰৰ ইতিহাস) এই ৰজা নৰকৰ পুৰ্বপুৰুষ ইণ্ডো এৰিয়ান আছিল বুলি পণ্ডিতসকলে কয়।  নৰক ইণ্ডো এৰিয়ান আৰু অষ্ট্ৰেলইড গোষ্ঠীৰ সৈতে একীভুত এক চৰিত্ৰ বুলি অনুমান কৰিব পাৰি ।  অৰ্থাৎ আৰ্যৰ প্ৰবেশ মংগোলীয় সকলৰ প্ৰায় সমসাময়িক বুলি কব পাৰি ।

No comments:

Post a Comment