FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

মিত্ৰ কোন?

মিত্ৰ কোন? 

মহৰ্ষি বেদব্যাসৰ মতে ডাঙৰ মানুহৰ পৰিচয় এইটোৱেই যে তেওঁলোকৰ বহুতো বন্ধু - বান্ধৱ থাকে, কিন্তু তাৰ ভিতৰত প্ৰকৃত বন্ধু কোন ইয়াৰ উমান তেওঁ নাপায় । প্ৰায়ে তেওঁলোকে হীৰাকে পাথৰ বুলি ভাবি দলিয়াই পেলাই দিয়ে । কাৰণ উচ্চ পদবীয়ে অহংকাৰক লগতে আনে আৰু অহংকাৰৰ আন এটা নাম অজ্ঞানতা।

পতঞ্জলিৰ মতে - সেইজনেই জ্ঞানী যি কেতিয়াও কাৰো লগত দীৰ্ঘ সময়ৰ কাৰণে শত্ৰুতা নকৰে । ক্ষমাশীল ব্যক্তিত্বই তেওঁৰ জ্ঞান আৰু বিবেকৰ পৰিচায়ক হৈ পৰে। কিন্তু এনে মানুহে মিত্ৰতা কৰোঁতে বহুত ভাবি - চিন্তি আৰু পৰীক্ষা - নিৰীক্ষা কৰিহে কৰে। ডিঙিত পিন্ধাৰ আগতে ৰত্ন পৰীক্ষা কৰি লোৱা বাঞ্ছনীয় । যি মিত্ৰতাৰ অৰ্থ নুবুজে তেওঁ অবিবেকী নতুবা মূৰ্খ । এনে ব্যক্তিৰ পৰা সকলোৱে দূৰত থকা বাঞ্ছনীয় ।

সন্ত বিদূৰৰ মতে, সংকটকাল, ৰোগ , কষ্ট , আকাল , শত্ৰুৰ আক্ৰমণ , ৰাজসভা আৰু শ্মশানত বন্ধুত্বৰ পৰীক্ষা হয়। যি এনে সময়ত সহায় নকৰে , সন্মুখত মিঠা কথা কৈ পাছত উপহাস কৰে এনে বন্ধুক বন্ধু বুলি নাভাৱি শত্ৰু বুলি ভৱাজনেহে অনাবশ্যক বিপদৰ পৰা বাচি থাকে ।

ভতৃহৰিৰ মতে, কোনো মানুহ যিমানেই জ্ঞানী বা বিদ্বান নহওঁক যদি তেওঁ দুৰ্জন হয় তেনেহলে সেইজনৰ পৰা আতৰি থকা ভাল। কিয়নো মণি ধাৰণ কৰিলেওঁ বিষাক্ত সাপৰ বিষ নাইকীয়া হৈ নাযায় । সেয়ে দুষ্টৰ লগত কেতিয়াও মিত্ৰতা কৰিব নাপায় । তেওঁলোকক শুধৰোৱাৰ চেষ্টাও নিৰৰ্থক। যি দুষ্টক সৎপথলৈ অনাৰ চেষ্টা কৰে তেওঁহে অজ্ঞানী । এনে কাৰ্য্য মদমত্ত হাতীক পদুমৰ ঠাৰিৰে বান্ধিবৰ প্ৰযত্ন কৰাৰ দৰে হয়।

চানক্য নীতিত উল্লেখ আছে - মিত্ৰৰ সহযোগত অসম্ভৱ কাৰ্য্যও সম্ভৱ হয়। বিপদকালত, শক্তিশালী শত্ৰুৰ সন্মুখীন হওঁতে , শক্তিহীন হওঁতে, সাৰ্বজনীন কাৰ্য্যত সদায় প্ৰকৃত বন্ধুৰ সহায় লব লাগে । নীচ প্ৰকৃতিৰ আৰু দুৰ্গুণযুক্ত মানুহৰ লগত মিত্ৰতাও কৰিব নালাগে আৰু শত্ৰুতাও কৰিব নালাগে । তেওঁলোকৰ লগত কোনো সম্বন্ধই ৰাখিব নালাগে । কাৰণ কুকুৰে কামোৰক বা চেলেকক দুয়োটা ক্ষেত্ৰতে বিপদ উৎপন্ন কৰে।

মহৰ্ষি যাজ্ঞবল্কৰ মতে- ক্ষমাশীল মানুহ শত্ৰু হলেওঁ তেওঁক আদৰ কৰিব লাগে , যদি তেওঁ মিত্ৰ হয় তেন্তে নিজকে ভাগ্যৱান বুলি ভাবিব লাগে । ক্ষমাশীল মানুহক বুদ্ধিহীন বা দুৰ্বল বুলি ভাবি তেওঁৰ প্ৰতি কুটিলতা প্ৰদৰ্শন কৰিব নালাগে , কাৰণ যাৰ বিবেক আছে তেওঁহে ক্ষমাশীল হব পাৰে আৰু বিবেকী মানুহৰ খং বৰ বিনাশকাৰী হব পাৰে ।

প্ৰকৃততে মূৰ্খ মিত্ৰতকৈ বিবেকবান শত্ৰু ভাল । তেওঁ শত্ৰুতা কৰিলেও বিবেক ত্যাগ নকৰে । তেওঁ কেতিয়াবা উপকাৰো কৰে। কিন্তু মূৰ্খই সদায় হানি কৰে । যি মূৰ্খৰ সংগ নলয় তেওঁ জীৱনত সদায় সফল হয়।

No comments:

Post a Comment