FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

দেশী মুছলমান জনগোষ্ঠী

দেশী জনগোষ্ঠী বা গোৱালপৰীয়া মুছলমান সকল অসমৰ অন্যতম ভূমিপুত্ৰ। লিখিত ঐতিহাসিক তথ্য অনুযায়ী ১২০৬ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে বংগ জয় কৰি কামৰূপ ৰাজ্যৰ মাজেদি গৈ তীব্বত আক্ৰমণৰ পৰিকল্পনা কৰে। অৱশ্যে তেওঁৰ সেই পৰিকল্পনা ট্ৰেজিকভাৱে বিফল হৈছিল।

তেওঁৰ এই পৰিকল্পনাত "আলি মেচ" নামৰ এজন হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত মেচ কছাৰী জনগোষ্ঠীৰ মুখীয়াল মানুহ এজনে পথ প্ৰদৰ্শক হিচাপে ভূমিকা পালন কৰাৰ কথা ইতিহাসত পোৱা যায়। বখতিয়াৰ খিলজীৰ চৰকাৰী ইতিহাসকাৰ মিনহাজ আল চিৰাজে তেওঁৰ কিতাপ ’তাবাকাত ই নাচিৰি’ ত মেচ জনগোষ্ঠীৰ ৰজাজনক "আলি মেচ" বুলি উল্লেখ কৰিছে। গতিকে ৰজাৰ লগতে বৃহৎসংখ্যক মেচ লোক ইছলামলৈ ধৰ্মান্তৰিত হোৱাটো স্বাভাৱিক । আলি মেচক দেশী মুছলমান সকলৰ আদি পুৰুষ হিচাপে অভিহিত কৰা হয় যদিও দেশী সকল কিন্তু মূলত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰাই ধৰ্মান্তৰিত । ৰাজবংশী সকলে স্ব ধৰ্ম এৰি ইছলামলৈ ধৰ্মান্তৰিত হোৱাৰ উদাহৰণ আলি মেচৰ ধৰ্মান্তৰণৰ আগৰে পৰা পোৱা যায় । ড° সূৰ্যকুমাৰ ভূঞাদেৱে দ্বাদশ শতিকাৰ দ্বিতীয় ভাগত অসম-বঙ্গ সীমান্তত চুফী সাধক শ্বাহ-জালালৰ ধৰ্ম প্ৰচাৰৰ কথা উল্লেখ কৰিছে । ঠিক সেইদৰে ঐতিহাসিক অমিত দে ডাঙৰীয়াই "ৰিভিউ অৱ হিষ্ট্ৰিকেল ষ্টাডিজ" জাৰ্নালত প্ৰকাশিত তেখেতেৰ ’ছাম এচপেক্ট অৱ চুফি মুভমেন্ট’ প্ৰৱন্ধত ১০৫৩ চনত পশ্চিম অসমৰ কোচ-ৰাজবংশী সকলে ইছলাম ধৰ্ম গ্ৰহনৰ কথা উল্লেখ কৰিছে। বৰ্তমান প্ৰায় সকলো ঐতিহাসিকে সহমত প্ৰকাশ কৰা দেখা যায় যে, যদিও নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ তথা অবিভক্ত গোৱালপাৰা জিলাৰ স্থানীয় ৰাভা, মেচ, গাৰো, নাথ-যোগী, আনকি কলিতা আদি জনগোষ্ঠীৰ পৰাও ধৰ্মান্তৰিত হৈ "দেশী জনগোষ্ঠী"ৰ সৃষ্টি হৈছিল কিন্তু দেশী সকলৰ মূল স্ৰোতটো কিন্তু স্থানীয় কোচ ৰাজবংশী জনগোষ্ঠী । কমতাৰ ৰজা চক্ৰধ্বজে ছুফী সাধক ইছ্মাইল গাজী (১৪৩০-১৪৯০)ৰ প্ৰভাৱত ইছলাম ধৰ্ম গ্ৰহন কৰিছিল। তেওঁৰ লগত বৃহৎসংখ্যক প্ৰজাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। লগতে ছুফী সাধক সকলৰ সাম্য-সম্প্ৰীতিৰ বাণীৰ প্ৰতি আকৃষ্ট হৈও বহু স্থানীয় কোচ ৰাজবংশী মানুহে ইছলাম ধৰ্ম গ্ৰহন কৰিছিল। মধ্যযুগৰ বহু ছুফী পীৰৰ দৰগাহ অভিভক্ত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত এতিয়াও সেই ইতিহাসৰ সাক্ষ্য বহন কৰি আছে। দেশী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ গৌৰীপুৰৰ সমীপবৰ্তী ৬০০ বছৰ পুৰণা পাণবাৰীৰ মছজিদ, ১৫শ শতিকাতে স্থাপিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জলেশ্বৰৰ সমীপবৰ্তী সত্যপীৰ কালুগাজীৰ থান, ১৬৬২ চনত স্থাপিত ধুবুৰীৰ পাঁচ পীৰৰ দৰগাহ আৰু সমসাময়িক গাৰো পাহাৰৰ সমতল ভূমি (পূৰ্বৰ গোৱালপাৰা জিলা)ৰ মহেন্দ্ৰগঞ্জৰ শ্বাহ কামাল পীৰৰ দৰগাহ, গোৱালপাৰা চহৰৰ খোৰাছানী পীৰৰ মাজাৰ, মৰণৈৰ সমীপবৰ্তী দলগোমাৰ ডাকদলৰ মাজাৰ এই ধৰ্মান্তৰণৰ জীৱন্ত ইতিহাস। তদুপৰি, ’দেশী’ আৰু ৰাজবংশী সকলৰ দৈহিক গঠন, ভাষা, গীত-মাত, পিন্ধন-উৰণ, খাদ্য অভ্যাস আৰু ৰূপ কথাকে আদি কৰি সামাজিক ৰীতি-নীতিৰ আচৰিত ধৰণৰ মিলৰ প্ৰতি লক্ষ্য কৰিলে দেশী মুছলমান সকল যে মূলত স্থানীয় কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰাই ধৰ্মান্তৰিত হোৱা এই কথা সহজেই অনুমান কৰিব পাৰি।
এইটো স্পষ্ট যে দেশী মুছলমানসকল অসমৰে ভূমি পুত্ৰ । তেওঁলোক অন্য মুছলমান আক্ৰমণকাৰী মুছলমানৰ নিচিনাকৈ বাহিৰৰ পৰা অহা নহয় বা আৰৱৰ পৰা অহা নহয়। তেওঁলোকৰ ধৰ্মহে ইছলাম কিন্তু অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ দৰেই তেওঁলোক অসমৰ থলুৱা জনগোষ্ঠী । অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ অসমত যি অধিকাৰ তেওঁলোকৰো সেই অধিকাৰ আছে । কিন্তু দুখৰ বিষয় এয়ে যে অসমৰ ভূমি পুত্ৰ হোৱাৰ পিছতো তেওঁলোক সকলো ফালৰ পৰাই বঞ্চিত আৰু লাঞ্ছিত হৈ আহিছে। তাৰ মুখ্য কাৰণ হিচাপে স্বাধীনতাৰ পূৰ্বৰে পৰা অসমলৈ ব্যাপক হাৰত ঘটা মুছলমান প্ৰৱজনকেই জগৰীয়া কৰিব পাৰি। এনেদৰে নতুনকৈ বৃহৎ সংখ্যক মুছলমানৰ প্ৰৱজন ঘটাত দেশী মুছলমান, গৰিয়া, মৰিয়া জনগোষ্ঠী কোন তাক সহজে চিনাক্ত কৰাও টান হৈ পৰিল । ন মুছলমানখিনিৰ লগত সান মিহলি হৈ পৰাত দুৰ্ভাগ্যজনকভাৱে তেওঁলোকেও কেতিয়াবা বাংলাদেশী মুছলমানৰ বদনাম লাভ কৰিবলৈ ধৰিলে।
স্বাধীনোত্তৰ ভাৰতবর্ষত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ বাবে বিশেষ উন্নয়নমূলক আঁচনি যুগুত কৰি বৃহৎ পৰিমাণৰ ধন আৱন্টৰ ব্যৱস্থা কৰিলে। সেইবোৰ আঁচনি ৰূপায়নো কৰা হ'ল। কিন্তু ন মুছলমানতকৈ তেওঁলোকৰ সংখ্যা তাকৰ হোৱাত তেওঁলোকৰ নেতৃত্বৰ পৰাও খিলঞ্জীয়া মুছলমানসকল পাত্তা নোপোৱা হৈ থাকিল। অসমৰ খিলঞ্জীয়া মুছলমানসকল সকলো ফালৰ পৰাই আজিলৈকে বঞ্চিত হৈ থাকিল। সেইকাৰনে জনগোষ্ঠীটোক ধৰ্মীয় আওঁতাৰ ভিতৰত নাৰাখি অসমৰ আন আন খিলঞ্জীয়া জনগোষ্ঠীক স্বীকৃতি দিয়াৰ নিচিনাকৈ স্বীকৃতি দিবলৈ দাবী উত্থাপন হৈছে।
শেহতীয়াকৈ বিশিষ্ট সাহিত্যিক তথা গল্পকাৰ ইমৰাণ হুছেইনৰ আহ্বানত দেশী জনগোষ্ঠীৰ শিক্ষিত লোকসকলে দেশী জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা সমূহক সংৰক্ষণ কৰাৰ হকে গুৱাহাটীত “দেশী জনগোষ্ঠীয় মঞ্চ” নামৰ এক অৰাজনৈতিক সংগঠনৰ জন্ম দিছে। যিটো অতি আদৰণীয় বুলি ভাৱো । পৰিতাপৰ কথা যে, অসম চৰকাৰে বিগত দশকত বিভিন্ন জনগোষ্ঠী-সম্প্ৰদায়ৰ বাবে "উন্নয়ণ পৰিষদ" ঘোষণা কৰিছে, তাৰ ভিতৰত ’হিন্দি ভাষী’ ৰ নিচিনা ভাষিক সংখ্যালঘু সম্প্ৰদায়ো অন্তৰ্ভূক্ত আছে, যিটো অতি প্ৰশংসনীয় পদক্ষেপ। কিন্তু আচৰিত ভাৱে, আঠশ বছৰৰো অধিক পুৰণি ঐতিহ্যবাহী থলগিৰি দেশী জনগোষ্ঠীৰ বাবে "উন্নয়ণ পৰিষদ" ঘোষণাতে ক্ষান্ত থাকি এই জনগোষ্ঠীটোক চৰকাৰী ভাৱে স্বীকৃতি দিয়াৰ দীৰ্ঘদিনীয়া দাবীক বাৰে বাৰে নস্যাৎ কৰি আহিছে। অসমৰ ভূমিপুত্ৰ দেশী সকলৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়া উচিত। খিলঞ্জীয়া সকলৰ হকে সততে মাত মাতি থকা ’জাতীয় সংগঠন’ সমূহেও কিন্তু ভূমিপূত্ৰ দেশী সকলৰ জনগোষ্ঠীয় পৰিচয়ৰ আধাৰত স্বীকৃতিৰ এই দীৰ্ঘ দিনীয়া দাবীৰ ওপৰত কাহানিও টু-শব্দ এটা উচ্চাৰণ কৰাৰ উদাহৰণ নাই । দেশী জনগোষ্ঠীৰ প্ৰতি জাতীয় সংগঠন সমূহৰ এই অৱহেলা আৰু উদাসীনতাৰ কাৰণ কি? যদি আলি মেচ বা চক্ৰধ্বজ ধৰ্মান্তৰিত নহ’লহেতেন, তেন্তে তেওঁলোকৰ সতি-সন্ততিকো এনেদৰে উপেক্ষা কৰিব পাৰিলেহেঁতেন নে? সেইয়া প্ৰত্যেকজন দেশী জনগোষ্ঠীৰ মানুহৰ মনত জাগি উঠা প্ৰশ্ন । আমাৰ দৃঢ় বিশ্বাস অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকৰ ভাতৃসম ভূমিপুত্ৰ দেশী সকলৰ এই বেথা, এই অভিমান বুজি পাব।

No comments:

Post a Comment