FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

কলা জামু উপকাৰী গুণ

কলা জামুৰ উপকাৰী গুণ

১) তেজ হাগণি হ'লে জামু ৰস, গোলাপ ফুলৰ ৰস মিলাই ৩ বাৰকৈ খাব লাগে।

২) টেঙা টেঙা বমি হ'লে জামু গছৰ ছাল পুৰি ছাঁইত মৌ মিহলাই খালে ঠিক হয়।

৩) ঘামচিত জামুৰ গুটি পিহি সানিব লাগে।

৪) বহুত ঘাম ওলালে জামু পাত পানীত  উতলাই গা ধুব লাগে।

৫) জুয়ে পুৰিলে জামু ছাল মিহিকৈ বটি নাৰিকল তেল মিলাই লগাব লাগে।

৬) নতুুন জোতা চেণ্ডেলে কাটিলে আৰু ঘাঁ হ'লে জামুৰ গুটি পিহি ৩ বাৰকৈ লগাব লাগে।

৭) ঘনাই প্ৰস্ৰাৱ লগাত জামু গুটি ১৫ গ্ৰাম বটি পানীৰে পুৱা গধূলি খাব লাগে।

৮) টোপনীত  প্ৰস্ৰাৱ কৰিলে জামু গুটিৰ চূৰ্ণ এচিকূট ২ বাৰকৈ খাব লাগে।

৯) পায়োৰিয়া ৰোগত জামুৰ ছালৰ ছাইত ফিটকিৰি আৰু ক'লা নিমখ মিহলাই দাঁত মাজিব লাগে।

১০) হাগণি হ'লে জামু গুটিৰ গুৰা চেনি মিলাই খাব লাগে।

১১) পাইলচত জামুৰ ছালৰ ৰস ১০ গ্ৰাম দিনত দুবাৰকৈ খালে ঠিক হয়।

১২) লিভাৰ বাঢ়িলে জামু পাতৰ ৰস ৫ গ্ৰাম দিনত দুবাৰকৈ ৫ দিন খাব লাগে।

১৩) পাথৰ হ'লে জামু গুটি পিহি দৈৰে খাব লাগে।

১৪) পেট বিষত পকা জামুৰ ৰসত ক'লা নিমখ মিলাই খাব লাগে।

১৫) ডাইবেটিছ ৰোগত জামুৰ গুটিৰ চূৰ্ণ দুবাৰকৈ খাব লাগে। অথবা ছালৰ ৰস খালেও হয়।

হাই প্ৰেছাৰ ৰোগীয়ে জামু খোৱা বেয়া। খালে ৰক্তচাপ বেছিকৈ বাঢ়ি যাব পাৰে।

No comments:

Post a Comment