FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

খুতুৰা শাকৰ ঔষধি গুণ


  1. পানী লগাত খুতৰা শাকৰ শিপা থেতালি তাৰ ৰস গৰম কৰি ২ চামুচকৈ দিনে ২/৩ বাৰ খালে ভাল হয়।
  2. অনিয়মিত ঋতুস্ৰাৱত শিপাৰ ৰস চাউল ধোৱা পানীৰ লগত ৩/৪ চামুচ ৩/৪ দিন খালে ভাল। হাতী খুতৰাৰ শিপাও খাব পৰা যায়।
  3. অৰ্শ ৰোগত খুতৰা শাক নিয়মিত খাই থাকিলে ৰোগ ভাল হয়।
  4. ৰক্তপিত্ত ৰোগত শিপা ১০ গ্ৰাম পিহি আধা কাপ চাউলখোৱা পানীত দি পুৱা খাই থাকিলে ৰোগ ভাল হয়।

কেহেৰাজ বনৰ উপকাৰিতা


কেহেৰাজ

  1. সৰু ল’ৰা-ছোৱালীক প্ৰস্ৰাৱ নহ’লে এখিলা পাতৰ ৰস খুৱালে প্ৰস্ৰাৱ হয়।
  2. সূৰ্য্য কপালী বা আদকপালী ৰোগত পাতৰ ৰস নাকেৰে উজালে উপশম পায়। ৰস কপালতো সানিব লাগে।
  3. চুলি সৰিলে পাতৰ ৰস লগালে চুলি সৰা বন্ধ হয় আৰু চুলি গজে। চুলি ক’লাও কৰে।
  4. মূৰত ওকণি হ’লে ৰস সানি কাপোৰেৰৈ কিছু সময় মূৰটো বান্ধি ৰাখিলে ওকনি মৰে।
  5. দাঁতৰ ৰোগত পাত শুকাই তাক পুৰি ছাঁই কৰি সামান্য নিমখ দি দাঁত ঘহিলে ভাল ফল দিয়ে।
  6. স্নায়ু দুৰ্বলতাত ২০/২১ টোপাল পাতৰ ৰস পুৱা মৌজোলেৰে খালে সবল হয়।

চজিনা গছৰ উপকাৰিতা



ছজিনা
  1. বগা সৰিয়হৰ লগত কোমল ছজিনাৰে আঞ্জা কৰি খালে বুকুৰ জমা কফ বাহিৰ হয়।
  2. শিপাৰ ৰস লগত সামান্য হিং মিহলাই খালে পাথৰি ৰোগ ভাল হয়।
  3. ফুল, ফল, পাত বাত বিষৰ ঔষধ। নিয়মিত খাই থাকিলে বিষ উপষম হয়। যকৃতৰ ৰোগ, পাথৰি ৰোগ, বহুমূত্ৰ, স্নায়ু দুৰ্বলতা, হৃদৰোগ, অৰ্শৰোগ, অৰ্শৰোগ পিত্ত, যক্ষ্মা ৰোগ ভাল হয়।
  4. কুকুৰিকণা মানুহে ছজিনাৰ পাত, ফল খাই থাকিলে কিছু দিনৰ পাছত চকুৰে দেখা হয়।
  5. কৃমি জনিত অসুখত সৰু ল’ৰা-ছোৱালীক কুমলীয়া ছজিনা ভাজি খুৱাই থাকিলে ভাল পায়।

দোৰোন বনৰ ঔষধি গুণ


  1. দোৰোণৰ আগ নহৰুৰ লগত পাতত দি ভাজি খালে হজমী শক্তি বাঢ়ে আৰু ভোক লগায়।
  2. পানী লগা জ্বৰত নহৰু, আদা, জালুকৰ সৈতে আঞ্জা কৰি গধূলি ভাত খালে সোনকালে ভাল হয়।
  3. সাপে ডকা মানুহক ওপৰলৈ কৰি শুৱাই চকুত দোৰোণ পাতৰ ৰস দিলে বিষ মূৰলৈ নুঠে। ডকা ঠাইত দোৰোণ পাত পিহি বান্ধি থলে বিষ কমি যায়।
  4. কেঁচুৱাৰ পানী লগাত দোৰোণৰ ৰস মৌ দি চেলেকালে ভাল হয়।
  5. দোৰোণ ফুলৰ মৌ কেঁচুৱাক চেলেকাই থাকিলে কাহ ভাল হয়।

Thursday, 20 June 2019

পচতীয়া গছৰ ঔষধি গুণ


  1. দিনে দুটাকৈ পাত ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।
  2. চুলি সৰাত বা টকৌৱে খোৱাত পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।
  3. গাত বিষ হ’লে ৩/৪ গ্ৰাম পাত পানী খাই থাকিলে বিষ উপশম হয়।
  4. পাতৰ ছাঁই পানীত গুলি খালে পেট ওফন্দা, চায়েতিকা বিষ ভাল হয়।
  5. পানী কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়। গাত লাগি থকা সামান্য ৰস কেঁচুৱাৰ পেটলৈ গ’লেই ভাল হয়।
  6. এন্দুৰীয়া হোৱা ঠাইত পাত পিহি বান্ধি থ’লে ৰোগ ভাল হয়।

ভেদাইলতাৰ ঔষধি গুণ




ভেদাই লতা হ’ল কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা উদ্ভিদ । সাধাৰণতে হাবি - জংঘলত পোৱা যায় যদিও মানুহে সুবিধাৰ বাবে বাৰীতো ৰুই লয় । বহুতে ইয়াৰ আন এটা নাম 'ভেবেলি লতা' বুলি কব খোজে ৷ কিন্তু, বৃদ্ধ সকলে ভেবেলি লতা বুলি আন এজোপা লতাকহে আঙুলিয়াব খোজে ৷ যিকি নহওক, ভেদাই লতাৰ ঔষধি গুণবোৰ তলত দিবলৈ চেষ্টা কৰিছোঁ ৷

ভেদাই লতাৰ ঔষধি গুণসমূহ 

(১) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয়।
(২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়া হয় ।
(৩) হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে । 
(৪) প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য ।
(৫) একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে ।
(৬) দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজক ; বিষ কমি যাব ।
(৭) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায় ।
(৮) ইয়াৰ কুমলীয়া আগ কেইফুটামান নহৰুৰ লগত চাটনী কৰি ভাতৰ লগত খালে ভোক বাঢ়ে আৰু হজমী শক্তি বাঢ়ে ৷

বট গছৰ গুণাগুন



গুণাগুণ

  • বট গছৰ আঠা ভৰিৰ গেৰুৱা ফাটিলে ব্যৱহাৰ কৰা হয়।
  • বট গছৰ ছালৰ ৰসে দেহৰ মেদ কমায়।
  • ভৰি বা হাত মোচোকা খালে বট গছৰ ছাল পিহি গৰম কৰি মালিচ কৰিলে আৰাম পোৱা যায়।

সুস্থ জীৱন ধাৰণ শৈলী



১) প্ৰতিদিনে ১০ ৰ পৰা ৩০ মিনিট প্ৰাতঃ ভ্ৰমনৰ অভ্যাস গঢ়ক৷ ভ্ৰমনৰ সময়ত মুখত হাঁহি ৰাখক৷
২) প্ৰতিদিনে কমেও ১০ মিনিট মৌন হৈ বহক৷ সেই সময়ত একো নকৰি চকু মুদি ৰাখিব পাৰিলে ভাল৷
৩) প্ৰতিদিনে ৭০ বছৰৰ বেছি বয়সৰ লোকৰ আৰু ৬ বছৰৰ কম বয়সৰ শিশুৰ লগত কিছুসময় কটাওক৷
৪) প্ৰতিদিনে কমেও ৩ জন মানুহৰ মুখত হাঁহি অনাৰ চেষ্টা কৰক৷
৫) অৰ্থহীন আড্ডা মাৰি নিজৰ মূল্যবান সময় আৰু শক্তি খৰচ নকৰিব৷
৬) অতীতৰ ঘটনা পাহৰি যাওক৷ অতীতৰ ভুল নিজৰ জীৱন সংগীক মনত পেলেই নিদিব৷
৭) প্ৰতিদিনে এজন ৰজাৰ দৰে লঘু আহাৰ, এজন ৰাজকুমাৰৰ দৰে দুপৰীয়াৰ আহাৰ আৰু এজন ভিক্ষাৰীৰ দৰে ৰাতিৰ আহাৰ গ্ৰহন কৰক৷
৮) প্ৰতিদিনে প্ৰচুৰ পৰিমানে বিশুদ্ধ পানী খাওক৷
৯) আনক বেয়া পাই নিজৰ সময় খৰচ নকৰিব কাৰণ বেয়া পোৱাৰ বাবে এই জীৱন বহুত চুটি৷
১০) নিজৰ জীৱনৰ তুলনা আনৰ লগত নকৰিব৷
১১) আনে আপোনাৰ বিষয়ে কি ভাবে এই চিন্তা কৰা আপোনাৰ কাম নহয়৷ নিজৰ কাম কৰি যাওক৷
১২) সময়ে সকলো জখম পূৰ্ণ কৰে গতিকে আনৰ ভাল কৰিব নেৰিব৷
১৩) ৰাতিপুৱা সাৰপাই ভগবানক স্মৰণৰ লগতে পিতৃ মাতৃক ধন্যবাদ দিয়ক, যিহেতু তেওঁলোকৰ বাবেই আপুনি এই পৃথিবীত আহিছে৷

বৃক্কত হোৱা পাথৰ আৰু বনৌষধি


মানৱ দেহটো বিভিন্ন অংগ-প্ৰত্যংগৰে গঠিত। এই অংগ-প্ৰত্যংগবোৰ সুস্থ হৈ থকাৰ ওপৰতে দেহটো সবল-সুস্থ হৈ থকাটো নিৰ্ভৰ কৰে। এইক্ষেত্ৰত প্ৰতিটো অংগ-প্ৰত্যংগৰে গুৰুত্ব সমান। ইয়াৰ ভিতৰতো মানৱ দেহত এনে কেইটামান অংগ আছে, যিকেইটাৰ বিসংগতিয়ে মানুহক অনায়াসে মৃত্যুমুখলৈ ঠেলি দিব পাৰে। এনে অংগৰ অন্যতম হ’ল বৃক্ক। অৰ্থাত্ বৃক্ক মানৱ দেহৰ অত্যন্ত আৱশ্যকীয় অংগ।
মানৱ দেহত দুটা বৃক্ক থাকে। বৃক্ক দুটাৰ অৱস্থান পেটৰ দুই কাষত। আকাৰৰ ফালৰ পৰা বৃক্কৰ দীঘ ১১ ছেঃ মিঃ আৰু বহলে প্ৰায় ৬ ছেঃ মিঃমান বুলিব পাৰি। এই বৃক্ক দুটা সবল-সুস্থ হৈ থকাৰ ওপৰতে এজন মানুহৰ স্বাস্থ্য আৰু জীৱনী শক্তি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। আমাৰ দেহৰ সমগ্ৰ অংগ-প্ৰত্যংগ সচল হৈ থাকিবৰ বাবে এইবোৰলৈ তেজৰ সঞ্চাৰণ ঘটে। তেজ আমাৰ দেহতে উত্পন্ন হয়। এই তেজত কিছুমান অলাগতিয়াল পদাৰ্থও মিহলি হৈ থাকে। এই অলাগতিয়াল পদাৰ্থবোৰ আমাৰ দেহৰ বাবে অপকাৰী। সেয়ে ইয়াক আমি দূষিত পদাৰ্থও বোলো। বৃক্কই এই অলাগতিয়াল পদাৰ্থবোৰ  চেকি মূত্ৰথলীত জমা কৰে। পাছত এই জমা হৈ থকা পদাৰ্থসমূহ প্ৰস্ৰাৱৰ জৰিয়তে আমাৰ দেহৰ ভিতৰ ভাগৰ পৰা বাহিৰলৈ ওলাই যায়। অৰ্থাত্ বৃক্কই আমাৰ দেহৰ তেজ শোধন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। বৃক্কই তেজ শোধন কৰি থাকে বাবে আমাৰ দেহটো সুস্থ হৈ থাকে আৰু আমি কাম-কাজ কৰিবলৈ সক্ষম হওঁ। কোনো কাৰণত বৃক্কই পূৰ্বৰ দৰে তেজ শোধন কৰিব নোৱাৰা অৱস্থা এটাৰ উদ্ভৱ হ’লেই বুজিব লাগিব যে বৃক্কত ক’ৰবাত কিবা বিসংগতিয়ে দেখা দিছে। এইক্ষেত্ৰত লগে লগে ভুক্তভোগীয়ে চিকিত্সকৰ কাষ চাপি আৱশ্যকীয় চিকিত্সা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত বিলম্ব কৰিলে ৰোগী সংকটজনক অৱস্থাত উপনীত হ’ব পাৰে আৰু জীয়াই থকাটোও অনিশ্চিত হৈ উঠিব পাৰে।
বৃক্কত হোৱা বিসংগতিৰ অন্যতম কাৰণ হ’ল বৃক্কত পাথৰ হোৱা। আমাৰ দেহত পিত্ত কোষ আৰু পিত্তবাহী যি নলী আছে তাত দূষিত আহাৰ খালে পিত্ত ৰস জমা হয়। এই জমা হোৱা ৰসেই সময়ত সৰু সৰু পাথৰৰ আকৃতি লয়। ইয়াৰ নামেই হ’ল পিত্ত পাথৰ। সাধাৰণতে বৃক্ক, মূত্ৰাশয়, পিত্তত এনে পাথৰৰ অৱস্থিতি দেখা যায়। বৃক্কত পাথৰ হ’লে কেইটামান লক্ষণে দেখা দিয়ে। এনে লক্ষণৰ ভিতৰত তলপেটত বিষ অনুভৱ কৰা, প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস পোৱা, প্ৰস্ৰাৱ কৰোঁতে কষ্ট অনুভৱ কৰা ইত্যাদি। এইবোৰৰ আনুষংগিকভাৱে কেতিয়াবা কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ নিৰ্গত হ’ব পাৰে, ৰোগী মূৰ্ছা যাব পাৰে, পিঠিত বিষ অনুভৱ কৰিব পাৰে। আনহাতে বৃক্কত পাথৰ হোৱা লোক জণ্ডিচ ৰোগতো আক্ৰান্ত হ’ব পাৰে।
দেহ সবল-সুস্থ কৰি ৰখাত খাদ্যৰ ভূমিকা অনন্য। সেয়ে দেহ নিৰোগী কৰি ৰাখিবলৈ ব্যক্তিয়ে খাদ্যৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো অতিশয় জৰুৰী বিষয় হিচাপে গণ্য কৰা হয়। বৃক্কত পাথৰ হোৱাৰ কাৰক হিচাপেও খাদ্যৰ কথাই উনুকিয়াব পাৰি। অধিক মছলাযুক্ত খাদ্য স্বাস্থ্যৰ পক্ষে হিতকাৰী নহয়। অধিক মছলাযুক্ত খাদ্য গ্ৰহণ বৃক্কৰ পাথৰ হোৱাৰ অন্যতম কাৰণ। অধিক পৰিমাণত মাংস গ্ৰহণ কৰা, অধিক তামোল, ৰাগিয়াল বস্তু খোৱা, দূষিত খাদ্য গ্ৰহণ আদিও বৃক্কত পাথৰ হোৱাৰ একো একোটা কাৰণ। অত্যধিক জলা, অধিক পৰিমাণত তৈলাক্ত খাদ্য খোৱা অভ্যাসো বৰ্জন কৰি চলা উচিত।
বৃক্কত পাথৰ হোৱা ৰোগীক ততালিকে চিকিত্সকৰ দ্বাৰা চিকিত্সা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। পূৰ্বেই কোৱা হৈছে যে বৃক্কই চেকনিৰ দৰে আমাৰ দেহত তেজত মিহলি হৈ থকা অলাগতিয়াল পদাৰ্থসমূহ চেকি মূত্ৰথলীত জমা কৰি সেইবোৰ প্ৰস্ৰাৱ আকাৰে আমাৰ দেহৰ পৰা বাহিৰ কৰি দিয়ে। গতিকে এই ব্যৱস্থাটোৰ বিসংগতি ঘটা মানে ইয়াৰ ফলত দেহত নানা ৰোগৰ উত্পত্তি হোৱাৰ বাট মুকলি হৈ পৰে। সেয়েহে উপযুক্ত চিকিত্সাগ্ৰহণ অত্যন্ত জৰুৰী।
বৃক্ক পাথৰৰ চিকিত্সাৰ ক্ষেত্ৰত বনৌষধিৰ ভূমিকাও কম নহয়। এইক্ষেত্ৰত দুপৰ টেঙা, জলফাই তেল, শিলিখা, নাৰিকলৰ পানী, আপেলৰ ৰস, পিঁয়াজৰ ৰস, চিৰতা তিতা, তিয়ঁহ, কোমোৰা, গাজৰ আদি যথাযথভাৱে ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰি। উদাহৰণস্বৰূপে দুপৰ টেঙা এবিধ সহজলভ্য বনদৰব। এই দুপৰ টেঙাৰ কেইখিলামান পাত ভালদৰে ধুই লৈ ইয়াৰ ৰস উলিয়াই চেনিৰ লগত মিহলাই প্ৰায় এমাহমান নিয়মিতভাৱে খালে বৃক্কৰ পাথৰ ভাগিবলৈ ধৰে আৰু প্ৰস্ৰাৱৰ লগত সেয়া বাহিৰ হৈ ওলায় যায়। একেদৰে গাজৰৰ ৰস দিনে দুবাৰকৈ এমাহমান খালেও বৃক্কৰ পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত নিৰ্গত হয়। ডাব নাৰিকলৰ পানী কেইদিনমান নিয়মীয়াকৈ খালেও পাথৰ ভাগে। একেদৰে শিলিখাৰ ৰস গাখীৰৰ সৈতে এপষেকমান সিজাই শুদা পেটত খালে, আপেলৰ ৰস আৰু পানী খালে, পিঁয়াজৰ ৰসৰ সৈতে চেনি বা মিচিৰি পানী মিহলাই খালে, কেইদিনমান কোমোৰা সিজাই খালেও বৃক্কৰ পাথৰৰ ক্ষেত্ৰত উপকাৰ পোৱা যায়। কোমল তিয়ঁহ খোৱাটোও উপকাৰী।
ৰোগত ভুগি কষ্ট পোৱাতকৈ ৰোগ হোৱাৰ পূৰ্বৰে পৰা সাৱধানতা অৱলম্বন কৰা অধিক ফলপ্ৰসু। সেয়ে স্বাস্থ্য ভালে ৰাখিবলৈ অধিক পৰিমাণত মাছ-মাংস খোৱা, অধিক মছলাযুক্ত খাদ্য খোৱা আৰু ৰাগিয়াল বস্তু ব্যৱহাৰ কৰা বৰ্জনীয়। লগতে উল্লিখিত বনৌষধিসমূহ আমি খাদ্য হিচাপে নিৰ্দিষ্ট সময়ে সময়ে ব্যৱহাৰ কৰাৰ অভ্যাস কৰিলেও আমি বৃক্কত পাথৰ হোৱাৰ পৰা সুৰক্ষা পাব পাৰো। লগতে স্বাস্থ্য ভালে ৰাখিবলৈ সদায় পুৱা আৱশ্যকীয় বিশুদ্ধ পানী সেৱন কৰাৰ অভ্যাস কৰিব লাগে। স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে অত্যধিক শাৰীৰিক শ্ৰম কৰাৰ পৰাও বিৰত থকা বাঞ্চনীয়।
লেখকঃ প্ৰভাৱতী কলিতা
উৎস:অসমীয়া খবৰ।

Wednesday, 19 June 2019

পচতীয়াৰ ঔষধি গুণ



পচতীয়া পাতৰ গাৰু কৰি শুলে, মূৰৰ বিষ আৰু পানীলগা জ্বৰ ভাল হয়। মূৰৰ বিষত পচতীয়াৰ পাত থেতেলাই কুমত লগালে মূৰৰ বিষ কমে।

শৰীৰৰ গাঁঠিবোৰ ফুলি বিষালে পচতীয়াৰ সতেজ পাত কেইখিলামান ভালদৰে থেতেলাই বিষোৱা ঠাইত প্ৰলেপ দিলে উপকাৰ পোৱা যায়। এই পাতৰ ৰস ঘাঁত দিলে, ঘাঁত লাগি থকা পুজবোৰ ওলাই আহি ঘাঁ টুকুৰা শুকুৱাত সহায় কৰে। আনকি ঘাঁত টুকুৰাত যদি পোকো লাগে ইয়াৰ ৰসে পোকো সমূহো ওলাই আনে।

পচতীয়াৰ পাত পানীলগা জ্বৰতো বৰ উপকাৰী। পচতীয়াৰ পাত সিজাই সিজাই তাৰ ৰসখিনি জালুকৰ গুড়ি লগত মিহলাই ল’ব লাগে। তাৰ পাছত ইয়াৰ ৰসখিন পি খালে পানীলগা জ্বৰত উপশম পোৱা যায়। মূৰ গধুৰ গধুৰ লাগিলে, কাণ আদি তাল মাৰি ধৰিলে পচতীয়া পাতৰ ৰস সেৱন বৰ উপকাৰী।

শৰীৰৰ কোনো অংগত মোচোকা খালে মোচোকা খোৱা ঠাইত বা পোকে কামুৰিলেও পচতীয়া পাতৰ পিহি সেই ঠাইত লগাই দিলে সুফল পোৱা যায়। শুকান পচতীয়াৰ ফল পেটৰ কৃমি নাশ কৰে।
ইয়াৰ পচতীয়াৰ আন কিছুমান গুণ হৈছে:

(ক) পচতীয়াৰ পাত দিনে দুটাকৈ ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।

(খ) চুলি সৰাত বা টকৌৱে খোৱাত ইয়াৰ পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।

(গ) পচতীয়া পাতৰ ছাঁই পানীত গুলি খালে পেট ফুলা আৰু চায়েতিকা ৰোগ ভাল হয়।

(ঘ) পানী কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়।

লেখিকা: ৰেখা বৰা।

দুবৰি বনৰ ঔষধি গুণ

দুবৰি ছাল-চুলিৰ বাবে মহৌষধী। ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতি তলত দিয়া হ’ল-

সৰু সৰুকৈ ঘামচিৰ দ্ৰে মুখত গুটি ওলালে দুৱৰী ব্যৱহাৰ কৰিব লাগে। দুৱৰী এমুঠি ধুই পৰিষ্কাৰ কৰি ল’ব। এটা তামৰ ঘাটিত এঘটি পানী ল’ব। ইয়াতে দুৱৰীখিনি তিয়াই থ’ব। এই পানী নিকৰি, ইয়াৰে মুখ দিনত তিনি-চাৰিবাৰ মান ধুব। ছালখন মিহি কোমল হৈ পৰিব।

ছালৰ ৰং ক’লা পৰিলে দুৱৰী মিহিকৈ পিহি ল’ব। ইয়াৰ লগত মৌ মিহলাই ছালত লগাই আধা দণ্ড ৰাখিব। পিছত পানীৰে ধূব।

চুলি সৰিলে দুৱৰী গাখীৰত তিয়াই মিহিকৈ পিহিব। এই প্ৰলেপ চুলিৰ গুৰিত লগাই এক দণ্ড সময় ৰাখিব। পানীৰে ধূব। প্ৰতি সাত দিনৰ মূৰে মূৰে লগাব সাতবাৰ। চুলি সৰা বন্ধ হ’ব।

কেতেকীৰ ঔষধি গুণ

বিভিন্ন ধৰণৰ গছ লতিকাবোৰক প্ৰকৃতিৰ দ্বাৰা সৃষ্ট বনৌষধিৰ এক জীৱিত উদ্যোগ বুলি কব পাৰি । আপুনি নিজৰ আশে পাশে থকা গছ-গছনিৰ বাৰী আৰু ফল-মূলৰ বাগিছাসমূহত চকু ফুৰালেই এনে বহু ঔষধি গুণসম্পন্ন উদ্ভিদ বিচাৰি পাব । এনে এবিধ বহুপযোগী তথা ঔষধি গুণাগুণেৰে ভৰপূৰ সুগন্ধিত ফুলজাতীয় উদ্ভিদ হৈছে কেতেকী । অৱশ্যে কেতেকীৰ গছ মানুহৰ বাৰীতকৈ হাবি জংঘলত বেছিকৈ পোৱা যায় । কিন্তু বৰ্তমান যুগত হোৱা বনাঞ্চলৰ অবাধ ধংসকাৰ্যৰ ফলস্বৰূপে এইবিধ গছ দুষ্প্ৰাপ্য শ্ৰেণীৰ উদ্ভিদৰ অন্তৰ্ভূক্ত হৈছে ।


সাধাৰণতে পাতল,দীঘলীয়া,ঘনআৰু কাঁইটীয়া পাতেৰে সৈতে কেতেকীৰ গছ দুটা প্ৰজাতিৰ থাকে । এটা বগা আৰু আনটো হালধীয়া । এই গছৰ ফুল জানোৱাৰী- ফেব্ৰুৱাৰী মাহৰ পৰা ফুলিবলৈ লয় । কেতেকী গছৰ পাতেৰে শীতল পাটি,ছাতি আৰু টুপী প্ৰস্তুত কৰা হয় । এই গছৰ কুমলীয়া পাত আৰু ভিতৰৰ শাহ অংশক ভাৰতবৰ্ষৰ কোনো কোনো ঠাইত শাক হিচাপেও খোৱা হয় ।

কেতেকী ফুলৰ তীব্ৰ সুগন্ধত আকৰ্ষিত হৈ এই গছত সাপে প্ৰায়ে আশ্ৰয় লয় । সেয়ে পশ্চিমবংগৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই গছক সৰ্পকুলৰ ৰক্ষাকাৰী দেৱী মনসাৰ জন্মস্থান বুলি মানে । উল্লেখযোগ্য যে কেতেকী গছৰ দীঘলীয়া পাত গজানন গণপতিৰ হস্তালিকা পূজাৰ বিধি বিধানতো প্ৰয়োগ কৰা হয় ।

কেতেকীৰ গছ হ'ল বহু ঔষধি গুণাগুণৰ সম্ভাৰ । খৰ খজুৱতি আৰু ছালৰ ৰোগসমূহত এই গছৰ পাত পিহি লগালে আৰাম পোৱা যায় । কেতেকী পাতৰ ৰস ৪০-৬০ মিলিগ্ৰাম সেৱন কৰিলে শৰীৰৰ পৰা ঘাম ওলাই জ্বৰ নোহোৱা হয় আৰু মনলৈ স্ফুৰ্তি আহে । কেতেকীৰ তেলেৰে সদায় মালিচ কৰিলে ককালৰ বিষ নাইকীয়া হয় । কেতেকী পাতৰ ৰস বগা চন্দন মিহলাই নাকেৰে গোন্ধ ললে গ্ৰীষ্মকালত হোৱা মূৰৰ বিষ ভাল হয় ।

কেতেকীৰ ফুল পানী সুগন্ধিত কৰিবলৈ আৰু বিভিন্ন ধৰণৰ সুগন্ধি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় । তামোলৰ টুকুৰা কেতেকীৰ ফুলত ৰাখি সুগন্ধিত কৰাৰ পাছত পানৰ সৈতে ইয়াক প্ৰয়োগ কৰা হয় । আধুনিক ৰন্ধনশালসমূহতো বিভিন্ন প্ৰকাৰে কেতেকীৰ পৰা তৈয়াৰ কৰা সুগন্ধিৰ প্ৰয়োগ ঘটা দেখা যায় । বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজস্থানত ৰসগোল্লা, লালমোহন, ৰাবৰি, ৰসমালাইআদিত ইয়াৰ প্ৰয়োগ ঘটে । তদুপৰি অত্যন্ত সুগন্ধিত মোগলাই ব্যঞ্জনকো কেতেকীৰ সুগন্ধিয়ে চুই গৈছে । ইয়াৰ অকণমান গ্ৰহণ কৰিলেই সন্তুষ্টিৰ ভাৱেৰে মন তৃপ্ত হৈ পৰে ।

টেঙামৰাৰ ঔষধি গুণ

টেঙামৰা এই জোপোহা জাতীয় গছ জোপা সকলো মানুহৰ ঘৰে ঘৰে দেখিবলৈ পোৱা যায়। টেঙা-মৰা কুমলীয়া পাত বা আগবোৰ তৰকাৰি বা পাতত দি খাবলৈ ভাল। টেঙা-মৰা গুটিবোৰ জাম-জেলি, আচাৰ,তাৰ উপৰিও জোচ বনাই খাব পাৰি আৰু দাইলত দিওঁ খোৱা হয়। টেঙা-মৰা গুটি আৰু পাতবোৰ শুকোৱাই সংৰক্ষণ কৰি ৰাখিলে আবতৰত তাৰ বহু উপকাৰ হয়। ইয়াৰ ঔষধি গুণো অধিক। 



টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। টেঙা-মৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে। টেঙা-মৰা বীজৰ ৰসে আভোক দূৰ কৰে। টেঙা-মৰা শাক নিয়মিয়াকৈ খালে স্নায়ু সবল হয়। দৃষ্টিশক্তি বাঢ়ে। হৃদৰোগ প্ৰতিৰোধ কৰে, আৰু গাৰ ছাল নিমজ হয়। ইমান বোৰ ঔষধি গুণৰ অধিকাৰী টেঙা-মৰা । সেয়ে এই বতৰত টেঙা-মৰা সকলোৱে শুকোৱাই সংৰক্ষণ কৰি ৰখা উচিত। 

অৰ্জুন গছৰ ঔষধি গুণ

অৰ্জুন গছ

অৰ্জুন গছ(Terminalia arjuna)
মেলাহি ডাল, দীঘলীয়া পাতেৰে এজোপা ডাঙৰ গছ।


ঔষধি গুণঃ
(১) অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যহ্মা ৰোগত সুফল পোৱা যায়। (২) হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই 

Friday, 14 June 2019

তেজপাতৰ উপকাৰিতা



আমাৰ দেশত অতীজৰে পৰা খাদ্য সুস্বাদু কৰি তুলিবৰ বাবে তেজপাত ব্যৱহাৰ কৰি আহিছে। অসমীয়া ৰান্ধনীশালতো তেজপাতৰ সুকীয়া স্থান আছে। সকলো খাদ্য সুগন্ধি কৰি তুলিবলৈ তেজপাত দুখিলা পেলাই দিয়া হয়। মাছ-মাংসৰ পৰা খিচিৰি দাইল, সাধাৰণ তৰকাৰীখনলৈকে তেজপাত ব্যৱহাৰ কৰা হয়। হাজাৰ ফুট উচ্চতাৰ হিমালয় সংলগ্ন ভূমি বা অসমৰ পাহাৰীয়া অঞ্চলতো তেজপাতৰ যথেষ্ট খেতি হয়। এই পাত শুকান ভাবেহে বেছি ব্যৱহৃত হয়। তেজপাতৰ বৈজ্ঞানিক নাম হ’ল- Cinnamomum tamala। খাদ্যত ব্যৱহাৰ কৰাৰ উপৰি তেজপাতৰ আছে ঔষধি গুণ।

কনজাংটিভাইটিচ্‌

ই এবিধ চকুৰ অসুখ। আমাৰ দেশত জয়-বাংলা হিচাপে জনাজাত। এই ৰোগ হ’লে চকু ৰঙা পৰি ফুলি যায়। ফেচুকুৰিয়ে চকু বান্ধি ৰাখে। এই বেমাৰবিধলৈ সকলোৱেই ভয় কৰে। ই মাৰাত্মকভাৱে সংক্ৰমিত ৰোগ। পিছে চকুলৈ হাত নিনিলে অৰ্থাৎ কোনোমতেই চকুত হাত নলগালে এই ৰোগ হোৱাৰ পৰা বাচি থাকিব পাৰি। এই ৰোগ হ’লে চকুত ক’লা চশমা পিন্ধি ওলাব লাগে। এই অসুখ হ’লে সাত-আঠ খিলা তেজপাত গৰম পানীৰে ভালদৰে ধুই এমগ গৰম পানীত সেই তেজপাত ৪-৫ ঘণ্টা সময় তিয়াই ৰাখিব। কিবা লেতেৰা থকা দুশ্চিন্তা থাকে যদি পৰিষ্কাৰ কাপোৰেৰে সেই পানী চেকি লৈ লাহে লাহে চকুত পানীখিনি মাৰি ধুই দিয়ক। এইদৰে দিনত দুই-তিনিবাৰ ধোৱক। অসুখ সোনকালে দূৰ হ’ব।

ঘামৰ গোন্ধ, ঘামচি, ব্ৰ’ন, বিহ ফোঁহা ঘামত শৰীৰ গোন্ধালে, তাৰ উপৰি ঘামচি, ব্ৰ’ন, বিহ ফোঁহা আদি ছালৰ নানানটা সমস্যা হ’লে কেইখিলামান তেজপাত ধুই পটাত ভালদৰে বটি লৈ ছালত, মুখত প্ৰলেপ  দি ৰাখক। আধা ঘণ্টাৰ পাছত গা ধুই দিয়ক। দেখিব মেজিকৰ দৰে কাম দিছে। পিছে এনেদৰে এসপ্তাহ ধোৱক।

অৰুচি হ’লে

কোনো কঠিন অসুখ হৈ যোৱাৰ পাছত বা সন্তান গৰ্ভত ধাৰণ কৰা মহিলাৰ খোৱাৰ প্ৰতি অৰুচি হ’লে কেইখিলামান তেজপাত সৰুকৈ কাটি পানীত উতলাই লৈ ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে সেই পানীৰে মুখ কুলিকুলি কৰিব। এইদৰে দিনটোত তিনিবাৰ কুলিকুলি কৰিব। নিশ্চয় খোৱাৰ ৰুচি আহিব।

তেজপাতৰ ব্যৱহাৰ

বিভিন্ন খাদ্য সুগন্ধিযুক্ত কৰি তুলিবলৈ তেজপাত ব্যৱহাৰ কৰা হয়। চিৰা-কোমল চাউলৰ পোলাও, চুজি আদিও তেজপাত ব্যৱহাৰেৰে সুস্বাদু কৰি তুলিব পাৰি। ৰঙা চাহ বা গাখীৰ চাহকাপো তেজপাতেৰে আৰু সোৱাদযুক্ত কৰি তুলিব পাৰি। পিছে সদায় একে ধৰণে ভাল নালাগে। মাজে মাজেহে তেজপাত প্ৰয়োগ কৰি খাব লাগে। হাতেৰে তেজপাত ফালি দিলে যেনেতেনে ফাল খায়। বেয়া দেখি। পাকঘৰত ব্যৱহাৰ কৰা কেঁচিৰে তেজপাত বটলত ভৰাই ৰাখিলে ব্যৱহাৰৰ সময়ত সহজ হয়।

Tuesday, 11 June 2019

মাধুৰী আমৰ উপকাৰিতা

মধুৰী আমৰ উপকাৰিতা


১) আঁঠুৰ বিষত মধুৰীআমৰ কোমল পাত বটি লেপ দিব লাগে।

২) ভাং আৰু ধঁতুৰাৰ নিচা গুচাবলৈ ইয়াৰ পাতৰ ৰস বহুত খাব লাগে অথবা ফল খালেও নিচা গুচে।

৩) শুকান কাঁহ হ'লে পুৱা মধুৰী এটা ছিঙি নকটাকৈ চোবাই খাব লাগে।

৪) তেজৰ দোষত গাত ফোহা ওলালে বা খজুৱতি হ'লে সদায় এপোৱা মধুৰী খালে ভাল হয়।

৫) হুপিং কাঁহত মধুৰী জুইত পুৰি পুৱা আবেলি খালে ভাল হয়।

৬) মধুৰী খালে শৌচ খোলা হয়, শৰীৰে শক্তি পায়, হৃদয় সবল হয়, তেজৰ দোষ ভাল হয়।

৭) পুৰণি ছৰ্দিত একেৰাহে তিনি দিনলৈ কেবল মাত্ৰ মধুৰী খাব লাগে।

৮) পেট বিষত মধুৰীৰ কোমল পাত পিহি ক'লা নিমখেৰে চাকি খাব লাগে।

৯) পেটৰ অসুখত কোমল পাতৰ ৰস উলিয়াই  তিনিবাৰকৈ খাব লাগে।

১০) দাঁতৰ বিষত আহাৰৰ পিছত মধুৰীৰ কোমল পাত চোবাব লাগে।

১১) জিভাত গুটি গুটি ওলালে মধুৰী আমৰ কোমল পাত চোবাব লাগে ৷

Monday, 10 June 2019

চেকুলাৰিজমৰ বাঁহী

চেকুলাৰিজিমৰ বাঁহী !


হালোৱা-বনুৱা হৈ তোমালোক আহিলা
আমাৰ চণ পৰা মাটি মৈয়াই দিলা
আমিও আবেগত উথলি উঠিলো ;
তোমালোকক বিভূষিত কৰিলো
ন-অসমীয়া বুলি ;
আমাৰ আবেগৰ ঢৌত 
তোমালোকৰ সাহসৰ বণ্যা বৈ গ'ল ৷
পাহাৰ-ভৈয়াম,নৈ-উপনৈ,অভয়াৰণ্য
সকলোতে তোমালোকৰ সাম্ৰাজ্য গঢ়িলা;
আমাৰ জীয়ৰি-বোৱাৰীক তোমালোকৰ 
বেগম কৰি তুলিলা ;
আমিও কপাল চপৰিয়াই
অদৃষ্টক ধিয়াই থাকিলো ৷
অতিথি হৈ তোমালোক ঘৰৰ
গৰাকী হলাহি ৷
এতিয়া তোমালোকৰ সেই ভয় নাই
সংখ্যা আৰু বৈভৱত
তোমালোকৰ এতিয়া জয়-জয়,ময়-ময় অৱস্থা ৷
আমাৰ জীয়ৰিৰ কেচাঁ মঙহৰ
সোৱাদ লগা হ'ল 
তোমালোকক এতিয়া ৷
তোমালোকৰ বাবেই
আমি ভগনীয়া হোৱাৰ পথত ৷
আমি চেকুলাৰিজিমৰ বাঁহী বজাই থাকোতেই
তোমালোকে চুকত থাকি বুকুত কামোৰ মাৰিলাহি ;
আমিও তোমালোকৰ ভাষাতেই চিৎকাৰ কৰি উঠিলো---

" মাইলাম গৌ " ৷

কথা:বিশ্বজিৎ নাথ
কবিতাৰ পটভূমি: ছয়গাঁও কাণ্ড
সমৰ্পন: কবি নীলিম কুমাৰ আৰু সদৌ চেক্যুলাৰিষ্ট পক্ষ ৷

অসুখৰ সমাধান প্ৰাণায়ম

বিষ বেদনাৰ উপশম

সৰ্বশৰীৰ কেতিয়াবা বিষায়। এইমাত্ৰ যদি সোঁহাত বিষাইছে, পিছপাকতে বাঁওফালে পিঠিখন বিষায়। বিষটো বাগৰি ফুৰে। বিষনাশক ঔষধ খালে কমে, আকৌ বিষায়। তেজৰ সৈতে সম্পৰ্ক থকা এশৰো অধিক বাতবিষ আছে। তাৰে বেছ কিছুমান ৰক্তবাত।

বাতৰক্ত অসুখবোৰৰ ক্ষেত্ৰত শৰীৰৰ কিছুমান অংশ ৰঙা পৰে, ফুলে, শিৰা-উপশিৰাবোৰ ফুলে, বিষায়, ৰঙা পৰে, গাঁঠিবোৰ ফুলে, ৰঙচুৱা হয়, বিষায়। তেজৰ কিছুমান অসুখত শৰীৰৰ স্বয়ংক্ৰিয় চলমান ব্যৱস্থাটো খেলিমেলি হৈ যায়। ৰোগ প্ৰতিৰোধক শক্তি বাধাপ্ৰাপ্ত হয়। সংক্ৰামক ৰোগে য’তে ত’তে আক্ৰমণ কৰে।

হাড়বোৰ দুৰ্বল হয়, মজ্জা দুৰ্বল হয়, গাঁঠিবোৰৰ কোষবোৰত আক্ৰমণ চলে । বিষ-বেদনাই দুৰ্বিষহ কৰি তোলে জীৱন । শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পালে, সংক্ৰামক ৰোগে আক্ৰমণ কৰে। অস্থি ক্ষয় হ’ব পাৰে, গাঁঠিবোৰ ফুলে, ৰঙা পৰে । শৰীৰৰ যিকোনো জোৰা বা গাঁঠিয়েই এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা খাদ্য খোৱাৰ ফলত বহু ভাৰতীয়ৰ হাড়ৰ কাৰ্টিলেজবোৰ নষ্ট হৈছে। অষ্টিঅ’আৰ্থৰাইটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি আহিছে। কাৰ্টিলেজ নষ্ট হ’লে হাড়ৰ জোৰাবোৰ লৰচৰ কৰিব নোৱাৰে, ফলত বিষ হয়। গাঁঠি বিষায়, ফুলে, স্পৰ্শ কৰিলে গৰম লাগে, গাঠিবোৰ টান হৈ যায়, মাংসপেশী দুৰ্বল হয়, জোৰাবোৰ অস্থিৰ হয়, খোজকাঢ়িলে অসুবিধা পায়, জঁপিয়াব নোৱাৰে, চুলি ফণিয়াব নোৱাৰে, কাপোৰ পিন্ধিব নোৱাৰে, বহিব নোৱাৰে, বহিলে লৰচৰ কৰিবলৈ সমস্যা।

ৰোগীৰ ইতিহাস জানিব লাগিব। আয়ুৰ্বেদত নাড়ী পৰীক্ষাত ৰোগ ধৰা পৰে। আধুনিক চিকিৎসা বিজ্ঞানত ৰোগীৰ জোৰাৰ ৰস পৰীক্ষা, এক্সৰে, এম আৰ আই, তেজ পৰীক্ষা, টিছু পৰীক্ষা কৰা হয়। ধৰা পৰে-ৰস কমি গৈছে, হাড়ৰ জোৰাৰ পাৰ্থক্য হ্ৰাস, হাড় ক্ষয়।

ৰক্তবাত ৰোগত মহিলাসকল বেছিকৈ আক্ৰান্ত হয়। শিৰা-উপশিৰাবোৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পায়। হাড়ৰ গাঁঠিৰ স্থান আকৃতি বাধাপ্ৰাপ্ত হয়। মাংসপেশী আক্ৰান্ত হয়। বহুক্ষেত্ৰত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি পিছত বিপদত পৰা দেখা যায়। ২০ বছৰ আগলৈকে কেৱল ঔষধ খায়েই এই ৰোগ ভাল কৰিব পৰা গৈছিল। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই বহু বাতৰক্ত ৰোগীয়ে নিয়মীয়াকৈ ঔষধ সেৱন নকৰা বাবে বিপদত পৰা কথা জানিব পাৰিছে। এতিয়া যোগ প্ৰাণায়ম, আয়ুৰ্বেদ, বনৌষধৰ দ্বাৰাহে ভাল হয়। এজন অভিজ্ঞ যোগ শিক্ষক, আয়ুৰ্বেদিক চিকিৎসক আৰু অভিজ্ঞ ৰিউমেটলজিষ্টক নিশ্চয় লগ পাওক। এই ৰোগ হ’লে চলা-ফুৰা কৰা সমস্যা কিন্তু আসন বা সূক্ষ্ম আসন বৰ জৰুৰী। চিকিৎসকৰ পৰা ঘনাই পৰামৰ্শ লোৱা দৰকাৰ । ঔষধবোৰ নিয়মীয়াকৈ খালেও পাৰ্শ্বক্ৰিয়া হয়। নাখালে বিপদ। সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিছতো চিকিৎসা অব্যাহত ৰাখিব লাগিব। ফল-মূল, শাক-পাচলি, মাহ জাতীয় শস্য, অলিভ অইল ভাল। সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰিব। অৱশ্যে চিকিৎসা বিজ্ঞানত মাছৰ প্ৰয়োজনীয়তাৰ কথা আছে। ফল, শাক-পাচলিত থকা এন্টি অক্সিডেন্ট সংক্ৰমণ প্ৰতিৰোধী । আচৰিত কথা যে বহু ৰোগীয়ে শেষ অৱস্থাতহে আমাৰ ওচৰলৈ আহে। আয়ুৰ্বেদ, বনৌষধ, যোগ প্ৰাণায়ামৰ দ্বাৰা বহু ৰোগী ভালো হৈছে। যোগ প্ৰাণায়াম নিয়মীয়াকৈ নকৰিলে ৰোগ সম্পুৰ্ণ নিৰ্মূল নহয়। ই এছ এল ই ও হ’ব পাৰে। বুকু বিষ আৰু উশাহ-নিশাহত পোৱা সমস্যাই ৰোগৰ লক্ষণ বুলি ড: ব্ৰিয়ান মেণ্ডেলে কৈছে। হাঁওফাঁওত সংক্ৰমণ হয় ৰোগ। পানী জমা হয়। সংযোগী টিছুবোৰ ফুলি যায়, নষ্ট হয়। শিৰাৰ সমস্যা বাঢ়ে। হাত-ভৰি দাঙিব নোৱাৰা হয়। হাৰ্ট এটেকো হ’ব পাৰে। আঙুলিৰ পাবত দাগ পৰে। চকু ৰঙা পৰে; গৰম পানী ওলাই থাকে। ঔষধ খালে পেটৰ অসুখ হয়। তীব্ৰ জ্বৰ হয়, আন ৰোগৰ প্ৰাদুৰ্ভাৱ হয়।

গাটো বেয়া লাগে, দুৰ্বল দুৰ্বল লাগে, মন উদাস, হতাশ হয়। অলপতে হাড় ভাগে। তেজৰ ৰক্তকণিকা হ্ৰাস পায়। তেজ কমে।

মন্ট্ৰিলৰ মেকগিন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছুজান দ্য বেৰেটৰ মতে এই ৰোগত হাত-ভৰি লৰচৰ কৰি থাকিব লাগে। আসন ব্যায়াম কৰিলেহে জোৰাবোৰ শক্তিশালী হৈ থাকে। খোজকঢ়া, সাতোঁৰা, দৌৰা, বাইক চলোৱা, চাইকেল চলোৱাৰ তুলনাত যোগভ্যাস অধিক ফলপ্ৰসূ। তেওঁ কৈছে শক্তিযোগ, অষ্টাংগযোগ, বিক্ৰমযোগ, কুণ্ডলিনী নকৰিব ন শিকাৰুৱে। তেওঁৰ মতে যোগ প্ৰাণায়াম ধ্যানৰ মাধ্যমেৰে এজন মানুহে নিজক সন্মান কৰিবলৈ শিকে।

অধ্যাপক ছুজানৰ মতে, এজন অভিজ্ঞ চিকিৎসকৰ ওচৰত প্ৰথমতে নিজৰ অৱস্থাটো জানি লওক। তাৰ পিছত এজন অভিজ্ঞ যোগ প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ লৈ নিৰোগী হওক। ২০০৫ চনত তেওঁ পৰীক্ষামূলকভাৱে ৰোগীৰ ৮ সপ্তাহ যোগাভ্যাস কৰোৱাই ভাল ফলাফল পাইছিল।

আঠটা প্ৰাণায়াম- ভষ্ট্ৰিকা, কপালভাটি, বাই, উজ্জায়ি, অনুলোম বিলোম, ভ্ৰামৰী, উদগ্ৰীথ, প্ৰণৱ দুয়োবেলা কৰিব। ঘেঁহুৰ ঘাঁহপাতৰ ৰস ১০০ মি:লি, অমৰলতাৰ ৰস ১০০ মি:লি:, গোমূত্ৰ ৪০ মি:লি: দৈনিক সেৱন কৰক। (৫+৫) ১০ খিলা নিমপাত, তুলসী পাতখাওঁক পুৱা। বিষ হ’লে এচামুচ ভাল গৰু ঘিঁ গৰম কৰি তাত নহৰু এফুটা আৰু কালজিৰা অলপ দি খালে ভাল পাব।

ৰঙালাউ, টেঙা, দৈ গাখীৰ, মচুৰ দাইল নাখাব। বাহী খাদ্য নাখাব। জাংক ফুড, ঠাণ্ডা পানী বৰ্জনীয়।

খাদ্য হিচাপে বাঁহগাজৰ উপকাৰিতা

বাঁহগাজ কিয়?

কাৰণ বাঁহগাজ হ'ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত বনস্পতি খাদ্য ৷ ১০০গ্ৰাম বাঁহগাজত থাকে মাত্ৰ ২৭ কেলৰি উৰ্জা ৷ আন আন লাগতিয়াল উপাদানসমূহ হ'ল - কাৰ্বোহাইড্ৰেট (৫.২ গ্ৰাম), প্ৰটিন (২.৬গ্ৰাম), ফেট ( ০.৩গ্ৰাম), ডায়েটেৰী ফাইবাৰ (২.২গ্ৰাম) আৰু ক'লেষ্টেৰল হ'ল শূণ্য ৷ বাঁহ-গাজত থকা প্ৰটিনত কমেও ১৯বিধ লাগতিয়াল এমাইনো এচিড থাকে ৷

বাঁহগাজত থকা ভিটামিনসমূহ হ'ল -

বি-কমপ্লেক্স গোটৰথায়ামিন, ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন - চি, ভিটামিন - এ, ভিটামিন- ই আৰু ভিটামিন-কে ৷ ইলেকট্ৰলাইট – প’টেচিয়াম (৫৩৩মিলিগ্ৰাম), চ'ডিয়াম (৪ মিলিগ্ৰাম) ৷ মিনাৰেলবিলাক হ'ল- কেলচিয়াম, ক'পাৰ, আইৰণ, মেগনেচিয়াম, মেংগানিজ, ফচফ'ৰাচ, জিংক আৰু চেলেনিয়াম ৷ ফাইটো-নিউট্ৰিয়েন্ট : বিটা-কেৰটিন ৷

 স্বাস্থ্যৰ বাবে কিয় উপযোগী ?

(১) মেদবহুলতা কমোৱাত সহায়ক:

১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয়৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷

(২) ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :

বাঁহ-গাজত থকা প'টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷

(৩) কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা :

গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক'লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷

(৪) শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক :

বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷

(৫) পাকপ্ৰণালীৰ উপকাৰিতা :

ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷ পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷

(৬)মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷

(৭)নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক'লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷

(৮)এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷

(৯)বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া - মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।

(১০)বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷

(১১)বৃশ্চিক আৰু সৰ্প দংশণৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷

(১২)আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷

(১৩) চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী৷

(১৪)কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷

চুলিৰ সমস্যাত আয়ুৰ্বেদিক চিকিৎসা

চুলিৰ সমস্যাত আয়ুৰ্বেদিক চিকিৎসা

আজিকালি কম বয়সতেই চুলি পকাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। ল’ৰা-ছোৱালী উভয়ৰে কম বয়সতে চুলি পকা দেখা যায়। আয়ুৰ্বেদিকৰ মতে পিত্ত আৰু ভাৰ্চ দোষৰ বাবে চুলি পকা দেখা যায়। তদুপৰি খং, চিন্তা, নিৰাশা, ষ্ট্ৰক, খুব বেছি মানসিক চাপত কাম কৰা, মেন’পজ, থাইৰয়ডৰ অসুবিধা, কপাৰ, জিংক, ফলিক এচিড ইত্যাদিৰ অভাৱ হ’লেও চুলি পকে। এনেক্ষেত্ৰত ইয়াৰ সমাধানকল্পে কেইটিমান টিপছ আগবঢ়ালে সৌন্দৰ্ষ বিশেষজ্ঞ ভানু শৰ্মাই।

দুই চামুচ চেজ আৰু আখৰুটৰ পাত বটি সদায় চুলিৰ গুৰিত লগাব লাগে। প্ৰতিদিনে নিশা লগাই পিচদিনা ধুই দিব। এনে কৰিলে ভাল ফল পাব। ভিটামিন ই, বায়োটিন, বি কপ্লেক্স, লেচিথিন, আলফা আৰু মিথিৰ টেবলেট খাব লাগে। প্ৰ’টিন, মিনাৰেল আৰু বাদামজাতীয় খাদ্য খাব লাগে।

দুই চামুচ মিথি পাউদাৰ, দুই চামুচ নাৰিকলৰ গাখীৰ, এচিকুট জালুকৰ গুড়ি- এই আটাইখিনি চুলিৰ গুৰিত লগাই মালিচ কৰিব। পিচত শ্বাৱাৰ কেপ এটা পিন্ধি ত্ৰিশ মিনিটমান ৰাখিব। পিচদিনা শ্বেম্পু কৰিব। প্ৰতি নিশা এনেদৰে কৰিলে ক্ৰমান্বয়ে চুলি পকাটো কমি যাব।

চুলি গজাৰ বাবে প্ৰতিনিশা লেভেণ্ডাৰ আৰু ৰ’জমেৰি সমানে মিহলাই নাৰিকলৰ তেলত দিব। কিছুদিন এই তেল থৈ দিয়াৰ পিছত চুলিৰ গুৰিত লগাব।

ব্ৰাহ্মী, ভৃঙ্গৰাজ আৰু ত্ৰিফলাৰ তেল চুলিৰ গুৰিত লগাব। পিচত শ্বেম্পু কৰিব।

শুকান জবা ফুলৰ গুৰি নাৰিকলৰ তেলৰ লগত মিহলাই চুলিত লগাব পাৰিলে ভাল।

উৎস: অসমীয়া প্ৰতিদিন।